ৰঙালী -বিশ্বজিৎ সূত

Aditi Tanti
0
গছৰ সেউজীয়া ন-ন কুঁহিপাতে
নাহৰ, তগৰ, কপৌফুলৰ সুবাসে
অসমীয়াৰ হৃদয়ত আঁকি দিলে
ৰঙালীৰ জেতুকাবুলীয়া ৰঙীন ছবি । 
ঢুলীয়াৰ ঢোলৰ গুম্ গুমনি
নাচনীৰ কঁকাল ভঙা নাচোন, 
মহৰ শিঙৰ পেঁপাৰ টিহিতি টিহিতি মাত
মাকোৰ খিতিৰ খিতিৰ শব্দই
কুলি-কেতেকীৰ গীতৰ কাকলিয়ে
তেজৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বোৱাই দিয়ে
অসমী আইৰ বুকু । 
ভমকাফুলীয়া বিহুৱানখনে
সাতামপুৰুষীয়া সম্প্ৰীতিৰ
এনাজৰী বান্ধি জিলিকাই তোলে
অসমীয়াৰ ৰঙালীৰ আৱেগ।।

বিশ্বজিৎ সূত
                

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)