দস্যু সময়-ছাইফুদ্দিন আহমেদ

©Admin
0
সময়ক গোলাম কৰিব খোজা
এটা সময়ত দেখামাত্ৰেই 
বুকু কঁপি যোৱা
ভয়ংকৰ দস্যু টোৱে
আজি ৰাজপথৰ দাঁতিত 
নিজেই ভিক্ষা কৰি 
জীৱন কটাইছে ৷ 
কেতিয়াবা খাব পাৰিছে 
আকৌ কেতিয়াবা
নোখোৱাকৈয়ে আছে ৷
মুঠতে জীৱনটো তাৰ 
এতিয়া তাৰ কাৰণেই 
সহিব নোৱাৰা বোজা হৈ পৰিছে ৷
এই সময় যে তাতোকৈও দস্যু
তথাপিও জানো সি
 সময়ৰ মুল্য বুজিব পাৰিছে ?

ছাইফুদ্দিন আহমেদ
ফোন নং- ৬০০১৩৯৪১৫৪

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)