আগচোতালত,
জোনাকী নক্ষত্র তৰাৰ তিৰবিৰণি ;
সহস্র পথ নিলগৰ
আন্ধাৰৰ জলঙাইদি,
জ্যোতিৰে জিলিকাইছে ধৰণী।
ডাৱৰৰ ফাঁকে ফাঁকে
লাজুকী জোনটিয়ে,
আন্ধাৰ-ছটীয়াত ঢালিছে
পোহৰৰ জেউতী ;
ঢিমিক-ঢামাক টুনিলাইটৰ পোহৰে
মহাশূণ্যত উৰিছে
জিলমিল এজাক পৰুৱা জোনাকী।
জোনবাইৰ দেশৰ আন্ধাৰ কোণত
জোনটিয়ে জিৰণি ল'ব,
তৰাবোৰো যাব আঁতৰি ;
পাহাৰৰ আঁৰে আঁৰে
বেলিটিয়ে ভুমুকি মাৰি,
আদৰিব নতুন দিনটি।
পূৱ সূৰুজৰ ন কিৰণে
সাজিব নতুন দিগন্ত,
সুধাব আশাৰ সঞ্জীৱনী সুধা ;
পলকতে ডাৱৰবোৰে
উৰি আহি ৰবিৰ স'তে
খেলিব লুকা-ভাকু খেলা,
পাতিব ৰঙীন ৰঙৰ মেলা।