নামঘৰ শঙ্কৰদেৱৰ এটি অমূল্য অৱদান। অসমীয়া সমাজ গঠন প্রক্রিয়াত নামঘৰে এক অনবদ্য ভূমিকা পালন কৰি আহিছে। নামঘৰ সাংস্কৃতিক আৰু আধ্যাত্মিক বিকাশৰ প্রাণকেন্দ্র স্বৰূপ। অসমত নামঘৰ প্ৰতিষ্ঠাৰ পূৰ্বৰে পৰা নানান মঠ-মন্দিৰ, দেৱালয়, সত্ৰ-সচং আদি আছিল যদিও সেইসমূহত সর্বসাধাৰণৰ মুক্ত আৰু সামূহিক পূজা-অর্চনাই প্রাধান্য পোৱা নাছিল। পূজা-সেৱাৰ লগতে সমষ্টিগত সাংস্কৃতিক বৈশিষ্ট্য সার্বজনীন নহৈ উচ্চ শ্ৰেণী আৰু ৰাজনৈতিক ক্ষমতাত কেন্দ্রীভূত হৈছিল। ৰাজনৈতিক ক্ষমতা বা স্বতন্ত্ৰবোধৰ হেঁচাত সমষ্টিগত ধার্মিক আচৰণ আৰু জাতিগত সংস্কৃতিয়ে ফলে-ফুলে জাতিষ্কাৰ হোৱাত বাধাগ্রস্ত হৈছিল। পূজা-সেৱাৰ প্রচলিত ব্যৱস্থাক মঠ-মন্দিৰৰ গর্ভগৃহপৰা মুকলি কৰি সার্বজনীনতা প্রদানৰ প্ৰচেষ্টা কৰা হ'ল। গীত কীৰ্তন, নাম-প্ৰসংগৰ জৰিয়তে সর্বসাধাৰণক ধৰ্মৰ সহজ-সৰল পথেৰে আগুৱাই শঙ্কৰদেৱে সমাজত এক বৈপ্লৱিক পৰিৱৰ্তন সাধিলে। এই পৰিৱৰ্তনৰ বাবেই সৃষ্টি হ'ল নামঘৰ, অসমীয়া জাতীয় জীৱনৰ এক অবিচ্ছেদ্য সংযোজন। অৱশ্যে শঙ্কৰদেৱে নামঘৰ এই পদটি তেওঁৰ দ্বাৰা লিখিত কোনো ৰচনাত ব্যৱহাৰ কৰা নাই। উপাসনাস্থলৰ নাম ‘থান’ হিচাপেহে তেওঁ ব্যৱহাৰ কৰিছিল। কোনো চৰিতপুথিত হৰিগৃহ আৰু দৈত্যাৰি ঠাকুৰৰ দ্বাৰা ৰচিত চৰিত পুথিত গোসাঁইঘৰ বুলি উল্লেখ কৰিছে। গুৰুজনাই ব্যৱহাৰ কৰা ‘থান’ শব্দটিৰ সমাৰ্থক শব্দ নামঘৰ আৰু কীৰ্তনঘৰ। নামঘৰ শব্দটো পঞ্চদশ শতিকাৰ মাজডোখৰৰ পৰাহে ব্যৱহাৰ কৰা হৈ আহিছে। নামঘৰ স্থাপনৰ নির্দিষ্ট সময় সম্পর্কে সঠিকভাৱে কোৱা টান যদিও সপ্তদশ শতিকাতে নামঘৰৰ পূর্ণ বিকাশ আৰু প্ৰসাৰ ঘটিছিল বুলি চৰিত পুথিসমূহ আধাৰত ক’ব পাৰি। অসমীয়া লোকৰ বসতিস্থলত বিশেষকৈ গ্রাম্য অঞ্চলত পূর্ণ গতিত নামঘৰ আৰু সত্ৰ প্ৰতিষ্ঠা হৈছিল এই সপ্তদশ শতিকাৰ সময়তে। সপ্তদশ শতিকাটো অসমৰ সংস্কৃতিৰ এক স্বর্ণময় শতিকা হিচাপে ইতিহাসত লিপিবদ্ধ হৈ আছে। গীত-মাত, ভাওনা-সবাহ আদি উদ্যাপন কৰা নামঘৰেই অসমীয়া সংস্কৃতিৰ প্রাণকেন্দ্র হৈ পৰিল। অসমীয়া সংস্কৃতি ধাৰাবাহিক চৰ্চা আৰু সাংস্কৃতিক সম্পদসমূহ সংৰক্ষণ কৰা মূলকেন্দ্ৰ হৈ পৰা নামঘৰক গৱেষক পণ্ডিত নবীনচন্দ্ৰ শৰ্মাই সেয়েহে নামঘৰ অসমীয়া সংস্কৃতি যাদুঘৰ বুলি অভিহিত কৰিছে। নৱবৈষ্ণৱ ধৰ্মলৈ জাগৰণ অনা অসমৰ কলা-কৃষ্টি সংস্কৃতিৰ প্ৰাণপুৰুষ মহাপুৰুষ শ্ৰীমন্ত শংকদেৱে প্ৰতিষ্ঠা কৰা সত্ৰ আৰু নামঘৰসমূহ এটা সুকীয়া বৈশিষ্ট্য আছে। পৰৱৰ্তী কালত এই নামঘৰ আৰু সত্ৰসমূহ সামাজিক নীতি-নিয়ম, ভকতসকলৰ দৈনন্দিন শুদ্ধ-সাত্ত্বিক কৰ্ম পদ্ধতি, আচৰণ, শিক্ষা, মানৱ প্ৰেম আৰু ভক্তি ৰসেৰে ভৰপূৰ ধৰ্মীয় অনুষ্ঠান হৈ পৰিছিল। সত্ৰসমূহৰ দৰে নামঘৰ অসমীয়া জন-জীৱনৰ সাংস্কৃতিক সম্পদ। নামঘৰত গুৰুজনাই সৃষ্টি কৰিছিল সত্ৰীয়া সংস্কৃতিৰ অপূৰ্ব সৃষ্টি অংকীয়া নাট। গ্ৰামাঞ্চলত ধৰ্ম চৰ্চাৰ উপৰি ৰাইজৰ বিচাৰ, অংকীয়া ভাওনা আদি নামঘৰত অনুষ্ঠিত হয়।নামঘৰ কেৱল ধৰ্মীয় অনুষ্ঠানেই নহয়, সামাজিক, বৌদ্ধিক সকলো দিশৰে উত্তৰণ ঘটাই আধ্যাত্মিক চিন্তা-চৰ্চাৰ পাঠ শিকোৱা সাংস্কৃতিক কেন্দ্ৰ। গাঁৱে-ভূঞে-নগৰে সিঁচৰিত হৈ থকা নামঘৰবোৰ অসমীয়া বৈষ্ণৱ সমাজৰ ৰাজহুৱা উপাসনা থলী। পৱিত্ৰ ভাদ মাহত উজনি-নামনি, মধ্য অসমৰ সকলো নামঘৰ বৈষ্ণৱপ্ৰাণ ভক্তৰ সমাগম আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে।
নামঘৰৰ স্থাপত্যও লক্ষণীয়। মহাপুৰুষজনাৰ দূৰদৃষ্টি আৰু সৰ্বসাধাৰণৰ মাজত আপোনভাৱ সৃষ্টিৰ প্রয়াসেৰে মন্দিৰ নিৰ্মাণৰ উপকৰণ শিল, বালি, ইটা, কৰালৰ ঠাইত স্থানীয়ভাৱে উপলব্ধ কাঠ, বাঁহ, ইকৰা, খাগৰি, খেৰ, মাটিৰ উপকৰণেৰে নিৰ্মাণ হ'ল মণ্ডপসদৃশ নামঘৰ বা কীৰ্তনঘৰ। অৱশ্যে মঠ-মন্দিৰ গর্ভগৃহৰ দৰে মণ্ডপৰ পূবদিশে স্থাপিত হ'ল মণিকূট। মণিকূট সহজে দৃশ্যমান হ'বৰ বাবে সন্মুখভাগৰ দুৱাৰ বা কপাট হ’ল যথেষ্ট আহল-বহল যাতে সাতখলপীয়া (কোনো কোনো ঠাইত তিনি বা পাঁচ খলপীয়া) সিংহাসনৰ দৃশ্যই সাধাৰণ ভক্তগণক আকৃষ্ট কৰিব পাৰে। নামঘৰৰ স্থাপত্য কলাই আমাক আশ্চর্যান্বিত নকৰাকৈ নোৱাৰে। জাতীয় ঐক্য আৰু সম্প্রীতিৰে আধ্যাত্মিক জীৱন ধাৰণৰ এনে এক অভিনৱ উদ্ভাৱন কেৱল মহাপুৰুষৰ পক্ষেহে সম্ভৱ। মণিকূট অসমীয়া আধ্যাত্মিক সম্পদৰ যাদুঘৰ। মণিকূটৰ মধ্যস্থলত প্রতিষ্ঠা কৰা চাৰিকোণীয়া সিংহাসনৰ প্ৰতিটো কোণত থাকে একোটা সিংহৰ প্রতীক। ই হ'ল ভগৱন্তস্বৰূপ নামসিংহৰ প্ৰতীক। হাবিত থকা সিংহ নহয়। এই সিংহৰ গঠন বন্য সিংহতকৈ পৃথক। এই সিংহই আঁঠু লৈ থকা হাতীক আগ ভৰি দুখনেৰে হেঁচা মাৰি ৰাখে। এই হাতী হ’ল শ্রীমদ্ভাগৱত পুৰাণৰ গজেন্দ্ৰৰ প্ৰতীক। একেবাৰে তলত কূর্ম অৱতাৰৰ কাছ। ধৈর্য আৰু সহিষ্ণুতাৰ প্ৰতীক। সিংহাসনৰ ওপৰত স্থাপন হয় অক্ষৰ ব্ৰহ্মৰূপী ভগৱানৰ বায় ৰূপৰ প্ৰতীক গুণমালা, ভাগৱত বা ঘোষা পুথি। সিংহাসনৰ ওপৰৰ এই অংশক কোনো ঠাইত আমৰি ঘৰ বুলি কয়। কীৰ্ত্তনৰ ধ্যান বর্ণন অধ্যায়ত সিংহাসনৰ ওপৰত ‘চন্দ্ৰতাপ চয় আচয় টানি। আঁৰিলা জিঞ্জিৰি সুৱৰ্ণৱলী।'— বুলি বর্ণনা কৰিছে। সিংহাসনৰ ওপৰত চন্দ্ৰতাপ (চন্দ্রাতপ) তৰি দিয়া হয়। পশ্চিম দিশে সন্মুখ হৈ থকা সিংহাসনৰ বাঁওফালে এখন থগাত পাঠৰ বাবে ধর্মপুথি ৰখা হয়।
নামঘৰ প্ৰতিষ্ঠাই ধর্মীয় প্রথা বা পৰম্পৰাৰো আমূল পৰিৱর্তন সাধিলে। 'অন্যত্র বিৰলা দেৱী কামৰূপে গৃহে গৃহে।' আদ্যশক্তিৰূপিনী দেৱী মহামায়াই ভিন্ন নামেৰে কামৰূপ (বৰ অসম)ৰ ভিন্ন ঠাই প্ৰভাৱিত কৰি ৰাখিছিল। সেই সময়ত শাক্ত ধৰ্মৰ প্ৰভাৱে সমগ্ৰ কামৰূপ আৱৰি ৰাখিছিল বুলি ক'ব পাৰি। বৈষ্ণৱ ধৰ্মৰ নামঘৰে এই প্ৰভাৱ বহুখিনি হ্রাস কৰে। সহজ-সৰল বৈষ্ণৱ ধৰ্মৰ পদ্ধতিয়ে ক্রমাৎ জনপ্রিয়তা লাভ কৰি অসমৰ ধৰ্ম, সংস্কৃতি আৰু আধ্যাত্মিক দিশত এক বিৱৰ্তনৰ সূচনা কৰিলে। নামঘৰে সাংস্কৃতিক দিশত এক অভূতপূর্ব বৰঙণি আগবঢ়ালে। ভাওনা, ওজাপালিৰ লগতে সত্ৰীয়া সংস্কৃতিৰ অন্তর্ভুক্ত নৃত্য, নাচ, গীত আদিৰো চৰ্চাৰ স্থল হ’ল নামঘৰ। ভক্তবৃন্দৰ সামূহিক নাম-প্রসংগ, শাস্ত্র পাঠ, ধর্মীয় আলোচনাৰ স্থল হিচাপে নামঘৰে অসমীয়া সমাজখনক আধ্যাত্মিক আৰু সাংস্কৃতিক দিশত আগুৱাই আনিলে। অসমীয়া জাতিৰ শিৰৰ মুকুট নামঘৰ হ'ল ঈশ্বৰপ্ৰেমী ধৰ্মপ্ৰাণ ভক্ত বৈষ্ণৱ সকলৰ মিলনৰ তীৰ্থভূমি। ইহকাল আৰু পৰকালত জীৱৰ শান্তি আৰু মুক্তিৰ বাবে একত্ৰিত হৈ ঈশ্বৰ ভগৱানৰ গুণানুকীৰ্তন কৰাৰ একমাত্ৰ কেন্দ্ৰস্থল। ইয়াৰ উপৰিও অসমীয়া জাতিৰ ক'লা সংস্কৃতি সাধনৰ নাট্যশাল এই নামঘৰ। এই নামঘৰৰ মজিয়াতে বিভিন্ন সামাজিক সমস্যা সমাধান, প্ৰতিৰোধ কৰি গ্ৰাম্য অঞ্চলত বিভিন্ন প্ৰকাৰৰ উন্নয়নমূলক কামৰ আঁচনি লৈ গাওঁ বা অঞ্চলটোৰ উন্নতি সাধন কৰিব পাৰি। মহাপুৰুষ জনাই মানৱ জীৱন উত্তৰণ ঘটাই এখন সুন্দৰ সমাজ গঢ়ি তোলাৰ আদৰ্শৰে যি নামঘৰ প্ৰতিষ্ঠা কৰিছিল, সেই আদৰ্শ শিৰোগত কৰি সমাজত ঐক্য-শান্তি আৰু প্ৰগতিৰ হকে নামঘৰৰ প্ৰতি মনোযোগ দিয়াটো আমাৰ পৰম কৰ্তব্য।।
⚫সুশান্ত দাস, শিৱসাগৰ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ