১১ মে' (ইংৰাজী: 11 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৯তম (অধিবৰ্ষত ১৩০তম) দিন। বছৰ শেষ হ'বলৈ ২৩৬ দিন বাকী থাকে।
১/১৯৯৮ চনত ভাৰত চৰকাৰে আজিৰ দিনটোতে ৰাজস্থানৰ পোখৰাণ মৰুভূমি অঞ্চলত পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষা চলায়।
২/১৯০৪ চনত স্পেইনৰ চিত্ৰকৰ ছালভাদৰ ডালিৰ জন্ম।
৩/১৯৭০ চনত ভাৰতীয় অভিনেত্ৰী পূজা বেদীৰ জন্ম।
৪/১৯৬৩ চনত আজিৰ দিনটোত আমেৰিকান শৰীৰতত্ত্ব বিদ তথা বিজ্ঞানী 'হাৰ্বাট স্পেনছাৰ গাছাৰ'ৰ মৃত্যু হয়। ১৯৪৪ চনত তেওঁ চিকিৎসা বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল।
৫/আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস।
Tags:
আজিৰ দিনটোৰ বিশেষত্ব