বিহুত ঈদৰ ওলগ

“হেৰা , শুনাচোন, মই সমিতিৰ সদস্যা সকলক বিহু খাবলৈ মাতিছোঁ। এইবাৰ নিজ হাতে পিঠা বনাই খোৱাম। পিঠাগুৰি খুন্দিবলৈ ঢেঁকী এটাৰ ব্যৱস্থা কৰা।”
    ভানু কলিতাই চন্দ্ৰ প্ৰভা মহিলা সমিতিৰ মিটিঙৰ পৰা আহি কাপোৰ-কানি নসলোৱাকৈয়ে মোবাইল পিটিকি থকা পতিদেৱ প্ৰতাপ কলিতাক গৰমে গৰমে এক প্ৰকাৰ আদেশেই জাৰি কৰি দিলে।
  “ হাঁ! কি কলা ?ঢেঁকী..? কোনে দিব ?”
    “ কিয়? মই দিম আকʼ। আজিৰ মিটিঙত মই শইকীয়ানীক চাৰিটা ভোটত বগৰাই সভানেত্ৰী হলোঁ। যোৱা বাৰ শইকীয়ানী  সভানেত্ৰী হৈ বহাগী মেলাৰ পৰা কিনা পিঠাৰেহে বিহু খোৱাইছিল। ভেঁকুৰা লগা নাৰিকলৰ পিঠা গাল আমি কোনেও নুচুলোঁয়েই। তাইক লাজ দিবলৈকে মই নিজ হাতে বনোৱা পিঠাৰে বিহু খোৱাম বুলি নিমন্ত্ৰণ কৰি আহিছোঁ। ”
   বিহুলৈ তেতিয়াও বিছ দিন মান আছিল, গতিকে যুদ্ধকালীন তৎপৰতাৰে এসপ্তাহৰ ভিতৰতে  শ্ৰীমান কলিতাই গেৰেজৰ কাষতে টিনৰ চালিসহ আগফাল শুৱনি ঢেঁকী, ৰেডী কৰি দিলে। সভানেত্ৰীয়ে নিজে গাড়ী চলাই গৈ মিছন চাৰিআলি হাটৰ পৰা   নাৰিকল,  তিল , 
 বৰা চাউল , গুৰ, ঢেঁকীৰ চিৰা, বৰা চিৰা হেঁপাহ গুচাই কিনি আনিলে। সাত কিলো  খাটি মহৰ দৈ দুই কিলো ক্ৰীম আৰু দুই কিলো ঘীউৰ বাবে বুঢ়া চাপৰিৰ বসুন্ধৰা চেত্ৰীক ফুল পেমেন্ট কৰি দিয়েই আহিছে। 
    “ তাৰ মানে এইবাৰ বিহু ফাটা-ফাটি হ'ব , মিনতি হাজৰিকাৰ গান তেনেহলে শুনিবলৈ পাম” । কলিতাৰ টিপ্পনী। কোনো উত্তৰ নিদি ভানুৱে ফ্ৰীজৰ  পৰা ওলিয়াই হাফ বটল ঠাণ্ডা পানী ঘুঁট-ঘুঁটাই  ফিনিচ কৰি দিলে।
     পাৰ্ট টাইম বনকৰা দিদি ৰহিমাৰ সহায়ত নাৰিকল কটা,ৰুকা, তিল ধুৱা,শুকুৱা, ভজা আদি কাম বোৰ সুকলমে সম্পন্ন হৈ গ'ল। লেঠা লাগিল ঢেঁকী দিওঁতে। থোঁৰাটোৱে ঠেলেঙেনা কোবাই যায়। চাউল , আধা খনীয়া পিঠাগুৰি চিটিকি গোটেই ঢেঁকী খালি খন বগা হʼল,  পিঠাগুৰি খুবলিত নৰয় হে নৰয়। ঢেঁকী দিয়া, পিঠাগুৰি চালা কামবোৰ অনভ্যাসত যে ইমান কষ্টকৰ হ'ব গম পোৱা নাছিল। পিঠাগুৰিয়ে বিহু পিঠা খোৱাই দিছে। উপায়ন্তৰ হৈ ৰাতাৰাতি উৰল আনি ঢেঁকী খালিত হাজিৰ কৰালে। ইটোতকৈ সিটো চৰা। কেইবাৰ মান উৰল মাৰিয়েই ঘামি-জামি হাঁহাকাৰ হ'ল। বাহুৰ বিষ এটাও মাতি অনা যেন হ'ল। উস!! ঢেঁকী দিয়া আৰু উৰল মৰা অভ্যাস নথকাৰ বাবে ৰহিমাই অলপ গালিও খালে। পাৰ্ট টাইম ৰহিমা ফুল টাইম হৈ দুয়ো মিলি দুদিনত কোনোমতে পাচঁ কিলো মান পিঠাগুৰি ওলিয়ালে । ৰক্ষা। 
      প্ৰথমে গেছত, পিছলৈ কেৰাচিন ষ্টভ আৰু খৰিৰ জুইত ; তাৱা,নন ষ্টিক তাৱা আৰু মাটিৰ খোলাত ভাগে ভাগে চলোৱা প্ৰচেষ্টাৰ মূৰতো পিঠা নুঠিল। ভাগি ভাগি যায়। না তিল পিঠা,না নাৰিকল দিয়া পিঠা কোনোৱেই ভাঁজ নলয়। গা ধুই ধুপ-চাকি জ্বলাই আহি কৰা চেষ্টাও কামত নাহিল। ৰহিমাৰ দোৱাৱেও কাম নিদিলে। বিহু নহৈ বিহ হ'ল। অৱশ্যে বৰ পিঠাৰ ৰঙ আৰু চাইজ বেয়া হলেও টেষ্ট কিন্তু “কামাল কা” হ'ল। 
     কালিলৈ মহিলা সকল আহিব। মান সন্মানৰ প্ৰশ্ন! আৰু সময় নাই...।
   “ ৰহিমা, বাদ দে আৰু । সেই সোপা থ। মোৰ লগত ওলা”
    “ কলৈ বাইদেউ?”
    “প্ৰশ্ন কৰি নাথাকিবি ,ওলা ” ।
 ভানুৰ আই 20 খন হেম বৰুৱা হ'লৰ বিহু মেলাৰ  ফালে তীব্ৰ গতিত আগ বাঢ়িল।
   “ শুন , বাইদেউ বিলাকক পিঠা লাৰু আদি মই নিজে বনোৱা বুলি কবি” ।  অহা ঈদত পিন্ধিবলৈ  নতুন শাৰী এখন বিহুৰ উপহাৰ হিচাপে দি ৰহিমাক ভানুৱে  কলে “ হেপ্পী বিহু”।
 *********

দেৱ দাস।
তেজপুৰ।
দূৰভাষ নং ৯৪৩৫৩ ৮০৯২৬.


Post a Comment

Previous Post Next Post