বিশিষ্ট কথাশিল্পী, বুদ্ধিজীৱী হোমেন বৰগোহাঞিদেৱক স্মৃতি দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। তেখেতৰ চিন্তাশীল সাহিত্যৰ বিশালতাই অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছিল আৰু বৌদ্ধিক চিন্তাৰ নৱ-উন্মেষ ঘটাইছিল। অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ আছিল এই যুগ স্ৰষ্টা হোমেন বৰগোহাঞি। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে অসম চৰকাৰে তেওঁলৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়োৱাৰ উপৰিও অসম উপত্যকা সাহিত্য বঁটাকে ধৰি অসংখ্য বঁটাৰে তেওঁৰ অৱদানক স্বীকৃতি জনোৱা হৈছিল। হোমেন বৰগোহাঞিয়ে ২০০১ আৰু ২০০২ চনত দুবাৰকৈ অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। আজি ১২ মে দিনা তেওঁৰ কলমটো ৰুদ্ধ হৈ পৰে। বহুদিনৰ আগতেই কোনো এটা প্ৰৱন্ধত গভীৰ মানসিক সাধনাৰে মৃত্যুৰ ভয় জয় কৰিলোঁ বুলি ঘোষণা কৰা মানুহজনৰ আজি এই দিনটোতে মৃত্যু হৈছিল।গদ্য সাধনাৰে মানৱ প্ৰকৃতি, মানুহৰ হৃদয় আৰু মনৰ ৰহস্য অনুসন্ধান কৰিব খুজিছিল তেওঁ। জীৱন-মৃত্যু, প্ৰেম-ভালপোৱা, মন আৰু হৃদয়ৰ চিৰন্তন ৰহস্যময়তাক তেওঁ যাদুকৰী ভাষাই তুলি ধৰি মুগ্ধ কৰি তুলিছিল অজস্ৰ পাঠকক। তেওঁৰ কলমেৰে নিগৰিছিল সৃষ্টিৰ কথা। তেওঁৰ কবিতাবোৰ বৰ্তমান যুৱ কবি সকলৰ বাবে মহৎ অৱদান।তেখেতৰ ৰচনা ৰাজিৰ ভিতৰত ইছমাইল শেখৰ সন্ধানত, হাতী, গৰখীয়া আদি গল্পৰ স্ৰষ্টা হোমেন বৰগোহাঞিৰ প্ৰথমখন উপন্যাস হ’ল ‘সুবালা’। ইয়াৰ পিছতে সাউদৰ পুতেকে নাও মেলি যায়, হালধীয়া চৰাইয়ে বাওধান খায়, অস্তৰাগ, পিতাপুত্ৰ, তিমিৰ তীৰ্থ, কুশীলৱ, মৎস্যগন্ধা, তান্ত্ৰিক এদিনৰ ডায়েৰী, বিষণ্ণতা, নিসংগতা আদি আমাৰ সাহিত্য সমাজৰ বাবে অমূল্য অৱদান। হোমেন বৰগোহাঞিৰ জন্ম হৈছিল ১৯৩২ চনৰ ৭ ডিচেম্বৰত বৰ্তমানৰ লখিমপুৰ জিলাৰ ঢকুৱাখানাত।
প্ৰখৰ মেধাসম্পন্ন হোমেন বৰগোহাঞিয়ে লখিমপুৰতে স্কুলীয়া শিক্ষা আৰম্ভ কৰি পৰৱৰ্তী সময়ত ডিব্ৰুগড়ৰ চৰকাৰী বালক উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ কটন কলেজত নামভৰ্তি কৰে।
কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছতে অসম অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ এগৰাকী চৰকাৰী বিষয়া হিচাপে চাকৰি জীৱন আৰম্ভ কৰে যদিও পিছলৈ চাকৰি ত্যাগ কৰি সাংবাদিকতাৰ জীৱন আৰম্ভ কৰে হোমেন বৰগোহাঞিয়ে। সৰুৰে পৰা সাহিত্য চৰ্চাৰ প্ৰতি অনুৰক্ত হোমেন বৰগোহাঞিয়ে কটন কলেজত অধ্যনয়ৰত অৱস্থাতে এগৰাকী লেখক হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল। গল্প-কবিতাৰে লেখক জীৱন আৰম্ভ কৰি প্ৰসিদ্ধি লাভ কৰা হোমেন বৰগোঞাহিয়ে পিছলৈ সমসামিয়ক নিৱন্ধ আৰু জীৱনমূলক ৰচনাৰ সমান্তৰালভাৱে উপন্যাস লিখিবলৈও আৰম্ভ কৰে। অসমীয়া সাহিত্যৰ সমালোচক হিচাপেও কিছু দক্ষতাৰ পৰিচয় দিছিল যদিও পিছলৈ বৰগোহাঞিয়ে সেই ধাৰাৰ অব্যাহত নাৰাখিলে। ১৯৫৮ চনত প্ৰখ্যাত অসমীয়া লেখিকা নিৰুপমা বৰগোহাঞিৰ সৈতে হোমেন বৰগোহাঞিয়ে বিবাহপাশত আৱদ্ধ হয়। বৰগোহাঞি দুটি পুত্ৰ সন্তানৰ পিতৃ আৰু ১৯৭৭ চনত তেওঁ নিৰুপমা বৰগোহাঞিৰ পৰা পৃথক হয়। সাহিত্যৰ একনিষ্ঠ সাধক হিচাপে তেওঁ সৰুৰে পৰা সাহিত্য অনুৰাগী আছিল। ১৯৭৮ চনত উপন্যাস পিতাপুত্ৰৰ বাবে হোমেন বৰগোহাঞিয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰে। ইয়াৰ উপৰিও বৰগোহাঞিয়ে মেগৰৰ অসম সাহিত্য উপত্যকা বঁটা, নীলমণি ফুকন বঁটা, অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা, মৎসেন্দ্ৰ বঁটা আদিকে ধৰি বিভিন্ন বঁটা আৰু সন্মান লাভ কৰিবলৈও সক্ষম হৈছিল।আত্মানুসন্ধান, মোৰ সাংবাদিক জীৱন, ধুমুহা আৰু ৰামধেনু(দুটা খণ্ডত) আৰু মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ আদি আত্মজীৱনীমূলক গ্ৰন্থও তেওঁৰ কলমেৰে নিগৰিছিল। তেওঁৰ একমাত্ৰ কবিতা পুথিখন হ’ল ‘হৈমন্তী’। এখনি সাৱলীল অনুভৱ থকা পুথি। ‘হৈমন্তী’ৰ কবিতাসমূহ পঢ়িলে লগ পোৱা যায় একাকীত্বৰ সম্পদেৰে পৰিপূর্ণ এজন কবিক ! প্ৰতিটো কবিতাই মন প্ৰাণ চুই যায়। হোমেন বৰগোহাঞিৰ জীৱনৰ উৎকৰ্ষ সাধনমূলক আৰু বিভিন্ন বিষয়ক কেবাখনো ৰচনা সংকলন লিখি থৈ গৈছে। ইয়াৰ ভিতৰত গদ্যৰ সাধনা, মানুহ হোৱাৰ গৌৰৱ, প্ৰজ্ঞাৰ সাধনা, উচ্চাকাংক্ষা, কথা-বাৰ্তা, পাঠকৰ টোকাবহী, আশীৰ দশকৰ দস্তাবেজ, বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি, আধুনিক যুগৰ জন্ম কাহিনী, কিতাপ পঢ়াৰ আনন্দ, স্বৰ্গ আৰু নৰক, ৰহস্যময় বিষাদ আৰু যন্ত্ৰণা, ডাৰউইন, মই যেতিয়া ক্লান্ত হওঁ, আত্ম দিপো ভৱ, মোৰ টোকাবহীৰ পৰা আদিয়ে প্ৰধান।আজীৱন অসম সাহিত্য সভাৰ সমালোচকৰূপে চিহ্নিত হোমেন বৰগোহাঞিয়ে সকলোকে আচৰিত কৰি ২০০২ চনৰ ডিব্ৰুগড় অধিবেশনৰ অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈ সভাৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰে। ইয়াৰ পিছতে তেওঁৰ আশাসুধীয়া প্ৰচেষ্টাতে অসমীয়া বিশ্বকোষৰ সাতটাকৈ খণ্ড প্ৰকাশ কৰি উলিওৱা হয়। সাপ্তাহিক নীলাচলত সাংবাদিকতা আৰম্ভ কৰা হোমেন বৰগোহাঞিয়ে বিগত সময়ছোৱাত সূত্ৰধাৰ, নাগৰিক, সাতসৰী আদি আলোচনী, অসম বাণী, আমাৰ অসম, অসমীয়া দৈনিক বাতৰি, নিয়মীয়া বাৰ্তাৰ আদি সাপ্তাহিক আৰু দৈনিক বাতিৰ কাকতৰ সম্পাদক ও মুখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি অসমীয়া সাংবাদিকতাৰ ক্ষেত্ৰতখনলৈ বহু অৱদান আগবঢ়াই থৈ গৈছে। মৃত্যুৰ সময়তো হোমেন বৰগোহাঞি দৈনিক বাতৰি কাকত নিয়মীয়া বাৰ্তাৰ মুখ্য সম্পাদক হিচাপে কৰ্মৰত আছিল।
‘বিংশ শতাব্দীৰ সন্ধানত’, সোণাৰাম চুতীয়া: এজন অসাধাৰণ সাধাৰণ মানুহ আদি মূল্যৱান গ্ৰন্থও হোমেন বৰগোহাঞিয়ে সম্পাদনা কৰিছিল।
মোৰ সাংবাদিক জীৱন আৰু আশী দশকৰ দস্তাবেজত অসমৰ সেই সময়ৰ সমসাময়িক ৰাজনৈতিক ইতিহাসক বৰগোহাঞিয়ে নিজস্ব দৃষ্টিভংগীৰে পৰ্যালোচনা আৰু বিশ্লেষণ কৰিলেও তেওঁ ৰাজনৈতিক স্থিতিক লৈ বহু সময়ত বিতৰ্কৰো সূত্ৰপাত হৈ আহিছে। কোনো নিৰ্দিষ্ট ৰাজনৈতিক মতাদৰ্শৰ প্ৰতি অনুৰক্ত নোহোৱা বৰগোহাঞিৰ ৰাজনৈতিক স্থিতিকলৈ প্ৰশ্ন উত্থাপন হৈ আহিলেও গুণমুগ্ধ আৰু তেওঁৰ সমালোচকসকলক আচৰিত কৰি ২০১৫ চনত বিজেপিৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশত সাম্প্ৰদায়িক অসহিষ্ণুতাৰ সৃষ্টি কৰাৰ প্ৰতিবাদত সাহিত্য অকাডেমিৰ পুৰস্কাৰ ঘূৰাই দিছিল।
যি কি নহওঁক হোমেন বৰগোহাঞি বিহীন এটা বছৰ তেওঁৰ অনুৰাগী হিচাপে তেওঁৰ নথকাৰ বাবে এটা বৃহৎ শূণ্যতা অনুভৱ কৰিছোঁ। তেওঁৰ প্ৰতিখন পুথি নাই পঢ়া যদিও যি কেইখন পঢ়িছোঁ তাত তেওঁৰ চিৰন্তন ৰহস্যময়তাক তেওঁ দিয়া যাদুকৰী ভাষাই মোৰ মন মুগ্ধ কৰিছে। ‘লেখকৰ সামাজিক দায়িত্ব’ নামৰ ৰচনাখনত তেওঁ লিখিছিল– ‘আমাক এনে এদল স্বাধীনচেতা, নিৰ্ভীক সমাজ সচেতন লেখক লাগে, যিসকলে সৌন্দর্য সৃষ্টিৰ স্বাভাৱিক আকাংক্ষা আৰু অমৰত্বৰ মোহ স্বেচ্ছাই পৰিত্যাগ কৰি কেৱল মানুহৰ চিন্তাত বিপ্লৱ ঘটাবৰ বাবে অহৰহ ব্যাপৃত থাকিব৷’ তেওঁৰ এই বাণী বোৰে আমাক মোহাচ্ছন্ন কৰি ৰাখিছে। ইছমাইল শেখৰ সন্ধানত, সুবালা, তান্ত্রিক, কুশীলৱ আদি ৰচনাত তেওঁৰ গতিশীল দায়বদ্ধ সমাজ ৰাজনৈতিক চেতনাৰ স্পষ্ট আভাস পোৱা যায়৷ নীলাচল, জনক্রান্তি, নাগৰিক আদি কাকতৰ সাহসী প্রতিষ্ঠানবিৰোধী সাংবাদিকজনৰ আদর্শই অসমত এচাম প্রগতিশীল লেখকৰ বাট মুকলি কৰিছিল। কেতিয়াবা আশ্চৰ্য্যকৰ লাগে একেজন ইছমাইল শেখৰ সন্ধানত লিখা গল্পকাৰেই ‘চিনাকি গাঁও’ৰ দৰে তীব্র সাম্যবাদবিৰোধী গল্প লিখি উলিয়াইছিল। বৰগোহাঞিৰ যি অন্তর্মুখী চৰিত্র, সেয়া আছিল জিজ্ঞাসাজনিত অন্তর্মুখিতা৷ এই অন্তর্মুখিতাৰ বাবে তেওঁৰ সৃষ্টিশীল সাহিত্যত নিঃসংগতা আছিল, জীৱনত আছিল একাকীত্ব৷ তেওঁৰ আত্মজীৱনী ‘আত্মানুসন্ধান’ ত জীৱনৰ প্ৰতি তেওঁৰ গভীৰ জিজ্ঞাসা আৰু জীৱনক যেনেদৰে উপলব্ধি কৰিছে বা সুতীব্ৰ অৰ্ন্তদৃষ্টিৰে পৰীক্ষা-নিৰীক্ষা কৰি চাইছে তাক পাওঁ। তাৰ লগতে বিভিন্ন মহাপ্ৰতিভাৱান ব্যক্তিৰ জীৱন-বোধ, জীৱনৰ প্ৰতি দৃষ্টিভঙ্গী উল্লেখ কৰিছে। অৱশ্যে এই অনুসন্ধানক চৰম ব্যক্তিবাদী দৃষ্টিভঙ্গী এটাই অনবৰত আচ্ছন্ন কৰি ৰাখিছে। মানুহৰ বাহিৰৰ জগতখনতকৈ ভিতৰৰ জগতখনক তেওঁ বৰ বেছি গুৰুত্ব দিছে আৰু সেইকাৰণেই মাৰ্ক্সবাদৰ প্ৰতি আকৃষ্ট হৈয়ো মাৰ্ক্সবাদ গ্ৰহণ কৰিব পৰা নাই বুলি কৈছে।তেওঁ কৈছে- ‘মানৱ জীৱনৰ অন্তহীন বৈচিত্ৰ্য, সম্ভৱনা, ৰহস্যময়তাক মাৰ্ক্সবাদে যিভাৱে এটা সীমাবদ্ধ ৰূপ দিবলৈ চেষ্টা কৰে সেইটো মোৰ কাৰণে গ্ৰহণযোগ্য নহয়। মই বিশ্বাস কৰো যে মানৱ-সভ্যতাৰ সন্মুখত আৰু বহু হাজাৰ-পথ পৰি আছে। মই বিশ্বাস নকৰো যে মানৱ- সভ্যতাৰ ইতিহাসত মাৰ্ক্মবাদেই শেষ কথা।’ ফ্ৰানজ্ কাফকাৰ 'ট্ৰায়াল' নামৰ উপন্যাসখন পঢ়ি আইনষ্টাইনে কৈছিল- মই বিশ্বাস নকৰো যে জীৱন ইমান জটিল।' মাৰ্ক্সবাদ পঢ়ি মোৰ ক'ব মন যায়- "মই বিশ্বাস নকৰো যে জীৱন ইমান সৰল।" হোমেন বৰগোহাঞি ডাঙৰীয়াই তেওঁৰ নিদিষ্ট কোনো ৰাজনৈতিক আদৰ্শ নাছিল বুলি কৈ গৈছে।যাৰফলত তেওঁ হৈ পৰিছিল বহুত্ববাদী ! তেওঁৰ"সুবালা" যিখন তেওঁৰ প্ৰথমখন উপন্যাস তেওঁৰ অনবদ্য সৃষ্টি।
সাহিত্য সমালোচক ড° হীৰেণ গোহাঁয়ে ইয়াক এটা শোক-কবিতাৰ লগত তুলনা কৰিছে।এই উপন্যাসখনত তেওঁ আমি স্বীকাৰ কৰি ল'ব নোৱাৰা সমাজৰ অন্ধ-গলিত বাট হেৰুওৱা এজনী অসহায় নাৰীৰ কৰুণ জীৱন-কাহিনীক মৰ্ম্মস্পৰ্শীভাৱে বৰ্ণনা কৰিছে। যিজনী নাৰীয়ে বাৰে বাৰে ভাল হ'বলৈ চেষ্টা কৰিও হাৰি গৈছে। মানুহ কি ধৰণে পৰিস্থিতিৰ পাকচক্ৰত পৰি পৰিস্থিতি পৰিৱেশৰ অসহায় দাসত পৰিণত তাকে তেওঁ বৰ্ণনা কৰিছে।প্ৰকৃতিবাদী উপন্যাসৰ লক্ষণেৰে প্ৰভাৱিত সুবালা উপন্যাসখনৰ চৰিত্ৰবোৰক ঔপন্যাসিক হোমেন বৰগোহাঞিয়ে বিশেষ সামাজিক পৰিৱেশত স্থাপন কৰিছে। চৰিত্ৰসমূহৰ মানসিকতাৰ আৰু পাৰিপাৰ্শ্বিকতাৰ মাজৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াসমূহ পাঠকৰ পৰ্যবেক্ষণত দৃষ্টিগোচৰ হয়। অৱশ্যে উপন্যাসখনত ঠাই বিশেষে কদৰ্যতাৰ বৰ্ণনাত ঔপন্যাসিকে সীমা চেৰাই যোৱা যেন পৰিলক্ষিত হয়। ঠিক সেইদৰে চৰিত্ৰ কিছুমানৰ মুখেদি ঔপন্যাসিকৰ জীৱন দৰ্শন প্ৰকাশ কৰোতে চৰিত্ৰসমূহৰ মানসিক সক্ষমতাৰ উদ্ধত হোৱা যেন বোধ হয়। তৎসত্বেও অসমীয়া উপন্যাস সাহিত্যত হোমেন বৰগোহাঞিৰ সুবালাই এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে আৰু অসমীয়া উপন্যাসৰ সাহিত্যৰ ধাৰাটোৰ পৰা কিছু আগুৱাই বৰ্হিমুখী হোৱাৰ প্ৰয়াস কৰিছে। তেওঁৰ এই সকলোবোৰ লেখাই আমাৰ পাঠক সমাজক জীয়াই ৰাখিছে। গ্রন্থমেলা বা কিতাপৰ দোকানত যেতিয়া টুকুৰা কাগজত তেওঁৰ নামটো লিখি কিতাপ বিচাৰে, তেতিয়া অনুভৱ কৰোঁ অসমীয়া পাঠক সৃষ্টি কৰিবলৈ আৰু অসমীয়া পাঠকক জীয়াই ৰাখিবলৈ তেওঁ সক্ষম হৈছে। হোমেন বৰগোহাঞিয়ে কোনো জনপ্রিয় মাধ্যমৰ অংশীদাৰ নোহোৱাকৈ মানুহক ইমান প্রভাৱিত কৰিবলৈ সক্ষম হৈছিল। তেখেতৰ কলমেৰে নিগৰা আন এখন উপন্যাস হ'ল “ সাউদৰ পুতেকে নাওঁ মেলি যায়। ” উপন্যাসৰ মূল চৰিত্ৰ ‘ বাপুকণ ’ যেন তেওঁ নিজেই। উপন্যাসখনত মেদহীন অথচ শক্তিশালী গদ্যৰে বৰ্ণনা কৰিছে এটা শিশু/কিশোৰৰ জীৱনৰ বিচিত্ৰ অভিজ্ঞতা আৰু জীৱনৰ উত্তৰণৰ সাধনা। এই উত্তৰণত আপোন হৈ পৰা প্ৰকৃতি আৰু মানুহৰ লগত বিচ্ছেদ হোৱা দুখো আছে। (বাপুকণে তাৰ বাল্যকালৰ লগৰীয়া হেবাংক এৰিবলগীয়া হৈছিল) ইয়াৰ লগে লগে যাদুকৰী ভাষাই বৰ্ণনা কৰিছে প্ৰায় অসমৰ সকলো ঠাইৰ লগতে মিলি যোৱা গ্ৰাম্য-পৰিৱেশ, প্ৰকৃতি আদি। বৰগোহাঞিৰ পিতা-পুত্ৰ উপন্যাস অসমীয়া সাহিত্যলৈ উল্লেখযোগ্য অৱদান।তেওঁ এই উপন্যাসত অসমীয়া সমাজৰ দুটা প্ৰজন্মৰ কাহিনী তেওঁৰ প্ৰাণৱন্ত ভাষাৰে বৰ্ণনা কৰিছে। উপন্যাসখনত কালিনাথ চৰিত্ৰটোৰ দ্বাৰা সংস্কাৰবাদী মানসিকতাক তুলি ধৰিছে য'ত সমাজৰ বৈপ্লৱিক পৰিৱৰ্তন বিচৰা নাই। এনেকুৱা এটা কলম ৰুদ্ধ হৈ যোৱাটো তেওঁ বিহীনতাৰ বিষাদ সানি দিছে। কিন্তু তেওঁৰ লেখাৰ প্ৰতি, তেওঁৰ শক্তিশালী নিখুঁত ভাৱশৈলীসম্পন্ন গদ্যৰ প্ৰতি মোৰ সদায় এটা মোহ আছিল। আজি তেওঁৰ মৃত্যুত এক বুজাব নোৱাৰা শূণ্যতা অনুভৱ কৰিছো।বৰগোহাঞিৰ সাহিত্যৰাজিৰ অন্যতম দিশ এটি হ’ল তেওঁৰ সৃষ্টিশীল ৰচনাবোৰৰ সমান্তৰালভাৱে আত্মজীৱনীমূলক ৰচনাবোৰত ‘চিঠি-পত্ৰ’ই বিশেষভাৱে স্থান লাভ কৰিছে৷ সেইদৰে ব্যক্তিগত চিঠি-পত্ৰক সাহিত্যৰ পৰ্যায়লৈ উত্তৰণ ঘটোৱাৰ ক্ষেত্ৰত হোমেন বৰগোহাঞিৰ সৃষ্টিৰাজিৰ বৃহৎ অৱদান আছে৷ বিভিন্ন সময়ত নিজে লিখা চিঠি আৰু তেখেতলৈ অন্য ব্যক্তিয়ে লিখা চিঠি; এই দুইপ্ৰকাৰৰ চিঠিকেই বৰগোহাঞিয়ে আত্মজীৱনীমলূক আৰু সৃষ্টিশীল সাহিত্যসমূহত বহুলভাৱে ব্যৱহাৰ কৰিছে৷ সেইদৰে বিশ্বৰ বৰেণ্য ব্যক্তিসকলৰ চিঠি আৰু বিভিন্ন প্ৰসংগত সেই চিঠিবোৰৰ উদ্ধৃতি তেওঁৰ ৰচনাত বিদ্যমান৷ বৰগোহাঞি আছিল চিঠি-পত্ৰৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ প্ৰতি অতি সজাগ আৰু সচেতন৷ ১৯৬৮ চনত চৰকাৰী চাকৰিৰপৰা ইস্তফা দি 'নীলাচল' নামে এখন সাপ্তাহিক কাকত আৰম্ভ কৰে আৰু কাকতখনৰ সম্পাদকৰ দায়িত্ব লয়। ১৯৭৭ চনলৈকে নীলাচলৰ সম্পাদকৰ দায়িত্ব লোৱাৰ লগতে ১৯৮০ চনত 'লোকায়ত' কাকতৰো সম্পাদকৰ দায়িত্ব লয়। ১৯৮১ চনত কলকাতাৰপৰা প্ৰকাশিত বঙালী ভাষাৰ কাকত 'আজকাল'ৰ তেওঁ আছিল উত্তৰ-পূৰ্বাঞ্চলৰ বিশেষ প্ৰতিনিধি। ইয়াৰ পাছতে তেওঁ 'সমকাল' আৰু 'সূত্ৰধাৰ' আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰে আৰু ১৯৯১ চনত কিশোৰ-কিশোৰীৰ বাবে প্ৰকাশিত 'কিশোৰ' আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব লয়। ১৯৯৩ চনত তেওঁ সাপ্তাহিক কাকত 'অসম বাণী' সম্পাদনাৰ দায়িত্ব লয় আৰু ১৯৯৩ চনত 'আমাৰ অসম' কাকতৰ সম্পাদকৰূপে দায়িত্ব ভাৰ গ্ৰহণ কৰে। ২০০৪ চনত আমাৰ অসম এৰি 'দৈনিক বাতৰি' কাকতৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব লয়। ২০০৫ চনৰপৰা তেওঁ বৌদ্ধিক আলোচনী 'সাতসৰী'ৰো সম্পাদক আছিল। ২০১৫ চনত তেওঁ নিয়মীয়া বাৰ্তা কাকতৰ মুখ্য সম্পাদকৰ দায়িত্ব লয় আৰু মৃত্যু পৰ্যন্ত নিয়াৰিকৈ এই কাকতখন চলায়। বৰগোহাঞি আছিল অসমীয়া প্ৰতিদিন কাকতৰো স্তম্ভলেখক।
হোমেন বৰগোহাঞিয়ে মুঠ চুটিগল্প লিখিছে ৩৫ টা। উল্লেখযোগ্য যে প্ৰতিটো গল্পৰ পৰিস্থিতি, পৰিৱেশ আৰু বিষয়বস্তু সম্পূৰ্ণ বেলেগ। আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থাৰ উদ্যোগত ৬টা খণ্ডত অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰকাশৰ প্ৰকল্প লোৱা হৈছিল। ইয়াৰে ৬ষ্ঠ অৰ্থাৎ অন্তিম খণ্ডটোৰ সম্পাদক আছিল হোমেন বৰগোহাঞি। লক্ষণীয় যে সেই ৬টা খণ্ডৰ ৬ষ্ঠ খণ্ডটোহে প্ৰথমে প্ৰকাশ হৈছিল যিটোৱে বৰগোহাঞিৰ কৰ্মতৎপৰতাক সূচায়।
ব্যক্তিগত বাতৰি চেনেল নিউজ লাইভৰ জৰিয়তে পৰিচালনা কৰা সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান 'হোমেন বৰগোহাঞিৰ সৈতে মুখামুখি'ৰ বৰগোহাঞি আছিল আঁত-ধৰোঁতা। উল্লেখযোগ্য যে এই অনুষ্ঠানটোৰ প্ৰায় সকলো আলোচনা সন্নিৱিষ্ট কৰি 'মুখামুখি' নামেৰে এখন কিতাপো প্ৰকাশ পাইছে। নিউজ লাইভৰ 'কথা-বাৰ্তা' অনুষ্ঠানৰো মুখ্য আকৰ্ষণ আছিল বৰগোহাঞি।। এইটো মোৰ বৰকৈ প্ৰিয় অনুষ্ঠান আছিল। হোমেন বৰগোহাঞিয়ে এটা সাক্ষাৎকাৰত গণতন্ত্ৰত বিশ্বাসী বুলি জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে, “প্ৰত্যেকটো ৰাজনৈতিক দৰ্শনতে কিছু ভাল কথা থাকে বুলি মই অনুভৱ কৰোঁ। মই সেই ভালখিনি আহৰণ কৰি এটা চিনথেটিক ফিল'শ্বফি গঢ়াৰ ওপৰত বিশ্বাস কৰোঁ।”
সেই মহীৰূহ হোমেন বৰগোহাঞিৰ কলমেৰে নিগৰা প্ৰতিটো বাক্যই হৃদ্যগ্ৰাহী। তেওঁৰ সেই কলমৰ শূণ্যতা আজি অনুভৱ কৰিছোঁ। কৰ'ণা কালত হোমেন বৰগোহাঞি দেৱ পৰলোক প্ৰাপ্তি হয়। তেওঁৰ কলমেৰে নিগৰা প্ৰবন্ধ, গল্প, উপন্যাস, কবিতা আদিয়ে আমাৰ সাহিত্য সমাজলৈ অমূল্য অৱদান আগবঢ়াইছে। তেওঁৰ শূণ্যতা এটা অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহী আত্মাৰ শান্তি কামনা কৰিলোঁ।। তেওঁৰ এশাৰী বাণীৰে তেওঁক শ্ৰদ্ধাৰে সোৱৰিছোঁ।
“ মানুহৰ চকুৰ আগত যেতিয়ালৈকে এক বা একাধিক বিকল্প সম্ভাৱনাৰ পথ মুকলি হৈ থাকে, তেতিয়ালৈকে মানুহে আশা হেৰুৱাই নেপেলায়।। ”
- হোমেন বৰগোহাঞি।।
◾সুশান্ত দাস।।
বলিয়াঘাট তিনিআলি,
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ