এটা সতেজ দোকমোকালি
নিশাটোৰ আৱৰ্জনাখিনি
ধুৱাই থৈ গ'ল
এজাক বৰষুণে ।।
এজাক দবালপিটা বৰষুণ
আৰু এটা দোকমোকালি
কুঁহিপাত বোৰ
বাহৰ চৰাইকিটা
আৰু
মোকো ধুৱাই থৈ গ'ল ।
এটা যাত্ৰাৰ শুভাৰম্ভ
যি যাত্ৰাৰ শেষৰ
এডৰা সেউজীয়া পথাৰ
পথাৰ ঢৌৱাই যোৱা বতাহ
বগলীজাকৰ ঘৰমুৱা যাত্ৰা ।
বৰষুণ প্ৰাণীৰ প্ৰাণ
মোৰ মতে বৰ আপোন
এটা শুকান দিন
কাৰো কাম্য নহয়
জীপাল হৈ ৰওক
আমাৰ অনাগত দিন ।।
◾হেমেন হাজৰিকা
ভাল লাগিল পঢ়ি।
ReplyDelete