ডাৱৰৰ সিপাৰে ধুনীয়া দেশ -খুকুমণি মুদৈ দাস

বেলিটো লহিয়াবৰ পৰতেই আভা আহি মাকৰ ঘৰ পালেহি  |  মাকে  পিছফালৰ পুখুৰী পাৰৰ পৰা হাঁহ  কেইটা খেদি আনি চোতাল পাইছিল হে এনেতে আভাই উচুপি উচুপি মাকক সাৱটি ধৰিলে  | কি হ'ল অ _ এইখিনি সময়ত অকলে অকলে যে  তই  ? জোঁৱাই ক'ত ? জোঁৱায়েৰৰ কথা আৰু কেতিয়াও নুশুধিবি। কিয় ? আভাৰ মাকে গাৰ পৰা তাইক  এক  আচৰিত দৃষ্টিৰে তাইলৈ চাই শুধিলে ___  জোঁৱাইয়ে  কোনো সৎ কৰ্ম নকৰে আজি মই  তাৰ সকলো কথা  গম পোৱাত সি  মোক  চিৰদিনৰ কাৰণে ঘৰৰ পৰা বাহিৰ কৰি  দিলে মা। এৰা অ' তোৰ কথা  শুনি  যদিও  মনটো  বেয়া  লাগিছে  কিন্তু  সি  তোক  তাৰ  বন্ধনৰ পৰা  মুক্তি দি  ভালেই  কৰিলে  আভা ; মেট্ৰিক পৰীক্ষা  শেষ হোৱাৰ দিনাই সি  তোক  পলুৱাই নিছিল আৰু  তয়ো  গুছি গৈছিলি | আমাৰ  কথা  এবাৰো ভবাই নাছিলি  ; পঢ়া শুনাত  তই বহুত  ভাল ছোৱালী আছিলি  | তোক  লৈ  আমি  মাৰ - দেউতাৰ  হালে  অলেখ  সপোন দেখিছিলোঁ  | সি  তোৰ  আগলৈ পঢ়া শুনাৰ কথা  কেতিয়াবা  চিন্তা কৰিছিল নে  ? আমি জানিছিলো সি  কেতিয়াও  ভাল  কাম কৰি  টকা পইচা উৰ্পাজন কৰা  নাছিল  | অন্ধকাৰৰ সৈতে  যুঁজ দিয়াতকৈ  সি তোক  উলিয়াই  দি যেন তোৰ নতুন এটা  জীৱনৰ হে পাতনি কৰিলে- এতিয়া  পঢ়া শুনা কৰি নিজৰ  ভৱিষ্যতৰ  কথা চিন্তা কৰ  আভা  | 
           ✍️খুকুমণি মুদৈ দাস, নলবাৰী

Post a Comment

Previous Post Next Post