চিত্ৰশিল্পী ৰবীন্দ্ৰ নাথ ঠাকুৰৰ চিত্ৰশৈলী-মনস্বিনী শৰ্মা

কবিগুৰু হিচাপে খ্যাত ৰবীন্দ্ৰ নাথ ঠাকুৰ সাহিত্যিক হোৱাৰ লগতে এগৰাকী চিত্ৰশিল্পীও আছিল।১৮৬১ চনৰ ৭ মে' তাৰিখে জন্মগ্ৰহণ কৰা ৰবীন্দ্ৰনাথদেৱে জীৱনৰ শেষৰ ফালে অৰ্থাৎ প্ৰায় ষাঠি বছৰ বয়সৰ পৰা চিত্ৰ অংকন কৰিবলৈ লৈছিল।ৰবীন্দ্ৰনাথদেৱৰ চিত্ৰ অংকনৰ ক্ষেত্ৰত কোনো আনুষ্ঠানিক শিক্ষা নাছিল বাবে তেখেতে নিজে নিজৰ চিত্ৰ অংকনৰ পদ্ধতি তৈয়াৰ কৰি লৈছিল।ছবি আঁকিবৰ বাবে তেওঁ সদায় পাতল ৰং পছন্দ কৰিছিল।কলমৰ চিয়াঁহী,ফুলৰ পাহি,গছৰ ডাল আদিৰ পৰা তেওঁ ৰং তৈয়াৰ কৰি লৈছিল।ছবিখন উজ্জ্বল হ'বলৈ সৰিয়হ বা নাৰিকলৰ তেল ব্যৱহাৰ কৰিছিল।তুলিকাৰ সলনি তেওঁ প্ৰায়ে তিতা কাপোৰ, নিজৰ হাতৰ বুঢ়া আঙুলি,কাঠ বা ছুৰি ব্যৱহাৰ কৰিছিল।তেখেতে মহিলাৰ প্ৰতিচ্ছবি অংকন কৰিলে মহিলাৰ মুখখন আধা ঢাক খোৱাকৈ আঁকিছিল।তেখেতৰ ছবিসমূহ দেখিলে কি পদ্ধতিত আঁকিছে,ক'ৰ পৰা আৰম্ভ হৈ ক'ত শেষ হৈছে ধৰিব নোৱাৰি।তেখেতৰ ছবিসমূহ ছন্দময়ী গুণেৰে পৰিপূৰ্ণ।তেখেতে অংকন কৰা প্ৰতিচ্ছবিসমূহত ফুটি উঠিছিল অন্তৰৰ গভীৰ বেদনা, আত্মবিশ্বাসী সুখৰ আকাৰ,ঘূৰণীয়া মুখ,স্পন্দনহীন চকু। তেখেতৰ ছবিৰ ৰং নিজৰ কল্পনাৰ জগতৰ।ছবিসমূহ কাব্যিক গুণেৰে ভৰপূৰ।নৈসৰ্গিক দৃশ্যসমূহত মানুহৰ উপস্থিতি খুব কম।ঠাকুৰদেৱে দ্ৰুত গতিৰে ছবি আঁকি শেষ কৰিছিল।অধিক সময়ৰ প্ৰয়োজন হোৱাৰ বাবে তেখেতে অংকন কৰা তৈলচিত্ৰবোৰ অসমাপ্ত যেন লাগে। 
            ৰবীন্দ্ৰনাথ ঠাকুৰৰ ছবিৰ বিষয়বোৰ আছিল পাণ্ডুলিপিযুক্ত নক্সা,নৈসৰ্গিক দৃশ্য,নৈসৰ্গিক অৱয়ব, প্ৰতিকৃতি আৰু মুখা,ৰেখা মিশ্ৰিত ছবি,পশু আৰু পক্ষী,ফুল আৰু স্থিৰ বস্তু। তেখেতৰ চিত্ৰবোৰ সম্পূৰ্ণৰূপে ব্যক্তিগত য'ত স্বাধীন মনৰ স্বতঃস্ফূৰ্ত প্ৰকাশ দেখিবলৈ পোৱা যায়। ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিত্ৰাংকনবোৰ 'চিত্ৰলিপি' নামেৰে বিশ্ব ভাৰতীৰ দ্বাৰা প্ৰকাশ হৈছিল।বিদেশত এই শিল্পৰ প্ৰৰ্দশনীও পাতিছিল। বাৰ্মিংহাম ছিটি আৰ্ট গেলাৰিত ঠাকুৰদেৱৰ ছবিবোৰ প্ৰদৰ্শিত হৈছিল।ক্ষণিকৰ উত্তেজনাত অঁকা, কোনো বিধিবদ্ধ শিল্পগুণৰ চিন নথকা,আদিম উপাদানৰ ছবি আদি ধৰণে ৰবীন্দ্ৰনাথৰ চিত্ৰশিল্পক সমালোচকসকলে সমালোচনা কৰিলেও বিদেশৰ বহু শিল্পীয়ে তেখেতৰ চিত্ৰশিল্পক লৈ সুখকৰ মন্তব্য প্ৰদান কৰিছে।
                                  
মনস্বিনী শৰ্মা                      

Post a Comment

Previous Post Next Post