সুবাস আৰু জোনাকী-ৰীণা ৰাণী ডেকা

মই এৰি থৈ আহিছিলো
মোৰ সত্তাক
শৰতৰ নিয়ৰ জাকৰ মাজত
তাতেই ফুলিছিল শেৱালি
জোনটোৱেই পোহৰাই তুলিছিল
জোনটোৱেই পোহৰাই তুলিছিল আকাশ ।
আৰুনো মই কিমান সময়
ধৰি ৰাখিব পাৰিম
শেৱালিৰ সুবাস
আঙুলিৰ টোপেৰে সৰকিব ধৰিছে দেখোন
শৰতৰ জোনাক ।


Post a Comment

Previous Post Next Post