মানুহ হিচাপে মৰ্য্যদাসম্পন্ন ভাৱে জীয়াই থকাৰ বাবে প্ৰয়োজনীয় সকলো অধিকাৰকে মানৱ অধিকাৰ বোলে। মানৱ অধিকাৰ প্ৰাকৃতিক অধিকাৰ। জন্মৰ লগে লগে এই অধিকাৰৰ গৰাকী হয়। ইয়াক কোনেও কাঢ়ি নিব নোৱাৰে। মানৱ অধিকাৰ সকলোৰে বাবে সমান। বৰ্তমান সময়ত মানৱ অধিকাৰৰ গুৰুত্ব সৰ্বাধিক। ভাৰতবৰ্ষত মানৱ অধিকাৰবোৰক মৌলিক অধিকাৰ হিচাপে জনা যায়। কিন্তু বৰ্তমান সময়ত মানৱ অধিকাৰৰ উলংঘন হোৱা দেখিবলৈ পোৱা যায়। মহিলা, শিশু, বৃদ্ধ, খিলঞ্জীয়া আদি লোক সকলৰ ক্ষেত্ৰত।লিংগ বৈষম্যৰ আধাৰত সমাজত সামাজিক , মানসিক, অৰ্থনৈতিক আৰু শাৰীৰিক নিষ্পেষণৰ বলি হোৱা আটাইতকৈ বৃহৎ নিৰাপত্তাহীন শ্ৰেণীটো হ'ল মহিলা। সমাজত বেছি ভাগ ক্ষেত্ৰত মহিলাসকল পুৰুষৰ ওপৰত নিৰ্ভৰশীল। যাৰ বাবে বাৰে বাৰে মহিলাৰ অধিকাৰ বোৰ খৰ্ব হয়। জন্মৰ লগে লগে মহিলাসকল হিংসাৰ সন্মুখীন হ'ব লগা হয়। মহিলা সুৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আইন প্ৰণয়ন কৰিছে যদিও মহিলাৰ অধিকাৰ সুৰক্ষিত কৰিব পৰা নাই। দ্বিতীয় শ্ৰেণীটো হ'ল শিশু। বিশ্বৰ বিভিন্ন প্ৰান্তৰ শিশুৰ মানৱ অধিকাৰ উলংঘন বৰ্তমানে অতি গুৰুত্বপূৰ্ণ বিষয়।আজিৰ শিশু হ'ল কাইলৈৰ নাগৰিক। গতিকে শিশু সকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰিব লাগে। শিশু সকলৰ আৰ্থিক , মানসিক, বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত স্বাভাৱিক বিকাশৰ সুযোগ দিব লাগিব। শিশু সকল সকলো ধৰণৰ শোষণৰ পৰা মুক্ত হ'ব লাগিব। প্ৰত্যেক শিশুৰে বৈষম্য নকৰাকৈ জীয়াই থকাৰ অধিকাৰ সুনিশ্চিত কৰিব লাগিব। তৃতীয় শ্ৰেণীটো হ'ল খিলঞ্জীয়া। খিলঞ্জীয়া লোকসকলৰ অধিকাৰ সুৰক্ষিত কৰিবলৈও ব্যৱস্থা গ্ৰহণ কৰিব লাগিব , সকলো ধৰণৰ অত্যাচাৰৰ পৰা মুক্ত হ'ব লাগিব।
উক্ত শ্ৰেণীকেইটাৰ অধিকাৰ সুৰক্ষিত কৰিব পাৰিলেহে প্ৰকৃত অৰ্থত ভাৰতত মানৱ অধিকাৰ প্ৰতিফলিত হ'ব ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ