কবি আৰু মই-শিৱানী বৰুৱা

©Admin
0
কবিৰ কবিতায়ে এদিন মোক
প্ৰশ্ন কৰিলে -
-"কবিতা লিখিব জানানে ?"
মইয়ো নিৰ্ভিক ভাবে
উত্তৰ দিলোঁ -
-"হয় ,নিশ্চয় জানো ।।"
তেনেহ'লে...
আহা,আমি দুয়ো মিলি 
কবিতাকে লিখো এটি-দুটি কৰি ।।
কিন্তু,
মই হ'লো অকবি 
মোৰ হাতত কোনো
কবিত্বময়ী ভাষা নাই ।
সেইজন ব্যক্তি শব্দৰেই চহকী ,
তেৱেঁ হ'ল প্ৰকৃত কবি ।
তেওঁৰ প্ৰতিটো শব্দই কবিত্বময়ী।
কবিৰ কবিত্বময়ী কবিতায়ে 
জগতত যেনেদৰে শোভা পায় ,
মোৰ অকবিত্বময়ী অকবিতায়ে
জগতত শোভা নাপায় ।
অকবিৰ অকবিতা হৈয়ে ৰৈ যায় ll
                           
 ◾শিৱানী বৰুৱা      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)