আশা - শিৱানী বৰুৱা

পৃথিৱীৰ এই মনোৰম উপহাৰ বোৰৰ 
মাজত নিজক সজাই ৰাখিব পৰা হ'লে ...
কোনো চিন্তা নোহোৱাকৈ ,
কোনো ঘাত-প্ৰতিঘাত নোপোৱাকৈ ।
কেৱল মাথো 
প্ৰকৃতিৰ সৌন্দৰ্যবোৰক লগত লৈ ।

ব্যস্ত পৃথিৱীত আজি মই সঁচাই নিসংগতা 
নাই কাৰো সহায় - সহযোগিতা
নাই মোৰ  কোনো আশা
নাই কাৰো ওপৰত ভৰসা।
আছিল মাথো দুটি-মান মিঠা সপোন ।
কিন্তু...ব্যস্ত পৃথিৱীৰ মাজ -মজিয়াত 
নিসংগ হৈ সপোনবোৰো আজি  মৃতপ্ৰায়।
আশাবোৰো যেন হৈ পৰিছে দিশহাৰা।।

হয়তু আশাবোৰে এনেকুৱা ..
বাস্তবৰ ওচৰত হাৰ মনা
ব্যস্ত পৃথিৱীৰ চৌদিশে দেখা পাওঁ
মাথো শূণ্যতা
নিস্তব্ধতা ,  নিসংগতা ।
মায়াবী জীৱন সংগ্ৰামত যাত্ৰী মই 
সঁচাই অকলশৰীয়া ....

✍🏻 শিৱানী বৰুৱা
     যোৰহাট

            

Post a Comment

Previous Post Next Post