মৌন ওঁঠৰ উপত্যকাত হাহাকাৰ -‌ নীল প্ৰজাপতি

মৌন ওঁঠৰ উপত্যকাত
এটি কবিতাৰ হাহাকাৰ, 
অনুভৱবোৰে মগজুত কুণ্ডলী পকাই 
বাৰে বাৰে আমনি কৰেহি, 
অতাই শেষ নকৰালৈ
যেন এখন কুৰুক্ষেত্ৰ!
যতি পৰিলেই যত হেৰাই যায় ছন্দ! 
মাথোঁ প্ৰাপ্তিৰ শেহত, 
তৃষ্ণাতুৰ স্তব্ধ! 

✍🏻নীল প্ৰজাপতি 
     জাগীৰোড

Post a Comment

Previous Post Next Post