মোৰ বহুত হেঁপাহ অ,জীয়াই থাকিবলৈ।।
জীৱনৰ নানা ৰঙত ৰঙীন হৈ বিলীন হ'বলৈ,
আশাৰ প্ৰদীপ্ত সপোন বোৰ জগাই তুলিবলৈ.....।
মা, পাষাণ প্ৰেমিকৰ দাৰ ঘাপত
মোৰ মূৰতো চিৰাচিৰ কৰিলোঁ,
তেজেৰে লুটুৰি পুতুৰি হ'ল মোৰ নিঠৰ দেহ.....।
'মা',অ 'মা', তোমাক চিঞৰি চিঞৰি মাতিবলৈ মই একেবাৰে শব্দবিহীন মা।।
এতিয়া, ৰাজপথৰ দাঁতিত ঢলি পৰিলোঁ ,
মোৰ কাষত অলেখ মানুহ।।
সোনকালে আহা চোন মোৰ কাষলৈ,
এবাৰ মাত্ৰ "মাজনী" বুলি মাতা......।।
মা, মই নোৱাৰিম নেকি
অধ্যাপিকা হোৱাৰ সপোন পূৰণ কৰিবলৈ ,
নিজৰ লক্ষ্যত উপনীত হ'বলৈ
সমাজৰ আদৰ্শ ছোৱালী হ'বলৈ............।।
সমাজৰ এগৰাকী ছোৱালী হোৱা ,
মৰিঢল মহাবিদ্যালয় এগৰাকী ছাত্ৰী হোৱাই
মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল নেকি
অ 'মা' ?.............।
মা, মোৰ জীয়াই থাকিবলৈ বৰ হেঁপাহ ,
মোৰ জীয়াই থাকিবলৈ বহু আশা অʼ মা।
✍🏻নৱজিৎ নাথ
ষষ্ঠ ষাম্নাসিক
ছিপাঝাৰ,দৰং
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ