সেউজীয়া মাথোঁ সেউজীয়া-পিংকী বৰা

Rinku Rajowar
0
ভাল পাওঁ জানা
সেউজীয়াবোৰৰ মাজত থাকি ,
কেতিয়াবা সেউজীয়া বোৰৰ
প্ৰেমত পৰোঁ পৰোঁ লাগি যায়
কিজানিবা সপোন বোৰে
তাতেই সাৰ পায় !


সেউজীয়া ভাল পাওঁ বাবেই হয়তো 
সেউজীয়াবোৰৰ মাজতেই
নিজক বিচাৰি পাওঁ ,
তুমিও আহিবা কোনোবা এদিনা
দুয়ো মিলি গাম আমি
সেউজীয়াৰ গান ! 

 
প্ৰকৃতি প্ৰেমী চাগে মই
সেইবাবে বাৰে বাৰে মনে মোৰ
উৰা মাৰে সেউজীয়া বোৰৰ মাজলৈ ,
সেউজীয়া পৃথিৱী খনত চাগে
মোৰ অনুভৱ বোৰ সুকীয়া
সেইবাবে দেখা পাওঁ মই 
সেউজীয়া মাথোঁ সেউজীয়া !!


✍🏻পিংকী বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)