অসমৰ জাতীয় সমাজ-ৰাজনৈতিক ক্ষেত্ৰত প্ৰয়াত পৰাগ কুমাৰ দাসৰ আত্মপ্ৰকাশ এক অতি উল্লেখযোগ্য বিষয়। যাক উপেক্ষা কৰি অসমৰ সমাজ-ৰাজনৈতিক ইতিহাস অসম্পূৰ্ণ।আশীৰ দশকৰ অসম আন্দোলনৰ সময়ছোৱাত আত্মপ্ৰকাশ কৰি অসমীয়া সংবাদ জগতত এক প্ৰকাৰৰ নতুন গণমুখী সাংবাদিকতাৰ ধাৰা প্ৰৱৰ্তন কৰা এজন অতি নিৰ্ভীক সাংবাদিক আছিল পৰাগ কুমাৰ দাস। পৰাগ কুমাৰ দাসৰ জন্ম হৈছিল শ্বিলঙত, ১৯৬১ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে। গুৱাহাটীৰ চেনিকুঠি বালক বিদ্যালয়, এম চি এম ই স্কুল আৰু কটন কলেজিয়েট স্কুলৰপৰা এখেতে ক্ৰমে প্ৰাথমিক, মাধ্যমিক আৰু হাইস্কুলীয়া শিক্ষা সম্পন্ন কৰে। ১৯৭৭ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰে। কটন কলেজৰপৰা বিজ্ঞান শাখাত প্ৰাক-বিশ্ববিদ্যালয় পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ স্থান অৰ্জন কৰে। দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজৰ পৰা অৰ্থনীতি বিভাগত সন্মানসহ প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী উপাধি লয় আৰু দিল্লীৰ 'স্কুল অৱ্ ইকন্মিকছ'ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। অত্যন্ত মেধাৱী আৰু কৰ্মোদ্যোগী পৰাগ কুমাৰ দাসে আশীৰ দশকত অসমীয়া আলোচনী ‘প্ৰান্তিক’ আৰু ‘দ্যা ছেণ্টিনেল’ কাকতৰ নিয়মীয়া স্তম্ভ লেখক হিচাপে সাংবাদিক -জীৱন আৰম্ভ কৰিছিল সাংবাদিকতাত একনিষ্ঠভাৱে নিজকে উচৰ্গা কৰাৰ পূৰ্বে প্ৰথমে তেওঁ আছিল বেংকৰ বিষয়া আৰু তাৰ পাছতে গুৱাহাটী ষ্ট’ক এক্সচেঞ্জৰ মহাপ্ৰৱন্ধক। কিন্তু তেনে চাকৰিও ত্যাগ কৰি পৰাগ কুমাৰ দাসে ১৯৮৯ চনৰ পৰা সাপ্তাহিক ‘বুধবাৰ’ কাকতৰ সম্পাদক হিচাপে সাংবাদিকতাৰ জগতত সক্ৰিয়ভাৱে প্ৰৱেশ কৰিছিল। তাৰ পাছতে ক্ৰমে ১৯৯৪ চনত ‘আগান’ আৰু 1995 চনত ‘অসমীয়া প্ৰতিদিন’ কাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এজন নিৰ্ভীক আৰু সত্যনিষ্ঠ সাংবাদিক হিচাপে পৰাগ কুমাৰ দাসে অসমৰ সংবাদ-জগতলৈ আগবঢ়োৱা অৱদানৰ তাৎপৰ্য আৰু সাম্প্ৰতিক কালত সিবিলাকৰ প্ৰাসংগিকতাও যথেষ্ট আছে।কাৰণ,অসমৰ অৰ্থনীতি,কেন্দ্ৰৰ ঔপনিৱেশিক শোষণ ,জনগোষ্ঠীয় গাঁঠনি, বহিৰাগত সমস্যা আদিৰ বিষয়ে সততে চিন্তিত হৈ থকা পৰাগ কুমাৰ দাসে আশীৰ দশকৰ অসম আন্দোলন তথা আলফাৰ উত্থানৰ বিষয়টোক সূক্ষ্মভাৱে নিৰীক্ষন কৰিছিল আৰু তেওঁলোকৰ লক্ষ্য , নীতি,আদৰ্শ ,কাৰ্যাৱলী আদিৰ সম্পৰ্কত সূক্ষ্ম আৰু নিৰ্মোহ সমালোচনা আগবঢ়াই অসমীয়া জাতীয় চেতনাক সঠিক গতিপথৰ সন্ধান দিবলৈ নিৰন্তৰ চেষ্টা কৰি গৈছিল।
অসম আন্দোলনৰ প্ৰেক্ষাপটলৈ লক্ষ্য কৰিলে দেখা যায় যে বৃটিছৰ শাসনকালৰ পৰা আৰম্ভ কৰি স্বাধীনোত্তৰ কালৰ বিভিন্ন চৰকাৰৰ সময়লৈকে অসমৰ থলুৱা সম্পদৰ ওপৰত কেন্দ্ৰৰ ঔপনিৱেশিক শোষণ চলি আহিছিল।অসমৰ পৰা বহিৰাজ্যলৈ লৈ যোৱা কয়লা, খাৰুৱা তেল, গেছ, পেট্ৰলিয়াম, চাহপাত আদিৰ বিনিময়ত দিবলগীয়া ন্যায্য ৰয়েলটি বা প্ৰাপ্যৰ পৰা অসমক যুগ যুগ ধৰি বঞ্চিত কৰি অহা হৈছিল।তাৰোপৰি পূৰ্ববংগৰ পৰা চলি থকা অবৈধ বাংলাদেশী প্ৰব্ৰজনে অসমৰ আৰ্থ-সামাজিক ক্ষেত্ৰতো যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছিল।এনে এক প্ৰেক্ষাপটতে অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে অসম আন্দোলনৰ সূচনা হৈছিল আৰু আন্দোলনে ৰাজপথ কঁপাই তুলিছিল। তাৰ পাছতে নব্বৈৰ দশকত উত্থান ঘটিছিল আলফাৰ দৰে সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ।আলফাৰ উত্থানে দুৰ্নীতিগ্ৰস্ত চৰকাৰৰ ভেঁটি কঁপাই তুলিছিল।ফলত আলফাক দমন কৰাৰ নামত নিৰপৰাধী ৰাইজৰ ওপৰত পুলিচ-মিলিটেৰীৰ অত্যাচাৰ বৃদ্ধি পাইছিল। পৰাগ কুমাৰ দাসে এই সমস্ত ঘটনাৱলীক সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছিল আৰু তেৱোঁ উপলদ্ধি কৰিছিল যে অসমত ঔপনিৱেশিক শাসন-শোষণ চলি থকালৈকে অসম আৰু অসমীয়া জাতিৰ সাৰ্বিক বিকাশ কেতিয়াও সম্ভৱপৰ নহয়। বিশেষকৈ আলফাৰ চিন্তা-চৰ্চা আৰু কৰ্ম পদ্ধতিৰ সূক্ষ্ম পৰ্যবেক্ষণৰ অন্তত তেওঁ বিভিন্ন লেখাৰ জৰিয়তে আলফাৰ প্ৰতি থকা তেওঁৰ সমৰ্থন মুকলিকৈ প্ৰকাশো কৰিছিল।আলফাৰ চিন্তা-চৰ্চা আৰু কৰ্ম পদ্ধতিৰ সৈতে তেওঁৰ কিছুমান মৌলিক পাৰ্থক্য থকা সত্বেও আলফাৰ স্বাধীন অসমৰ বিতৰ্কিত দাবীটোক ন্যায্য বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল।
বিভিন্ন কাকতত প্ৰকাশিত সংবাদধৰ্মী লেখাসমূহৰ উপৰিও পৰাগ কুমাৰ দাসে অসমৰ আৰ্থ-সামাজিক সমস্যাৱলীক লৈ কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল। তেওঁৰ প্ৰকাশিত গ্ৰন্থ কেইখন আছিল-ছাংলট ফেনলা,স্বাধীনতাৰ প্ৰস্তাৱ,নিষিদ্ধ কলম আৰু অন্যান্য,আমি যি কথা কৈছিলো,ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি,মোক স্বাধীনতা লাগে,স্বাধীন অসমৰ অৰ্থনীতি আদি।তেওঁৰ ‘স্বাধীন অসমৰ অৰ্থনীতি’ এনে এখন গ্ৰন্থ য’ত অসমৰ থলুৱা পুঁজিৰ তথ্যসমৃদ্ধ ইতিহাসৰ উপৰি এই পুঁজিৰ পুনৰ্গঠন, বিকাশ আৰু প্ৰচুৰ সম্ভাৱনীয়তাৰ বিষয়ে যুক্তিনিষ্ঠভাৱে তেওঁ আলোচনা কৰিছে।সেইদৰে ‘ছাংলট ফেনলা’ নামৰ জনপ্ৰিয় উপন্যাসখনিৰ মাজেৰে তেওঁ সংযুক্ত মুক্তি বাহিনী,অসম অৰ্থাৎ আলফাৰ উত্থান আৰু অৱক্ষয়,অসমৰ সমাজ জীৱনত সংগঠনটোৰ প্ৰভাৱ আদিৰ নিৰ্মোহ চিত্ৰ অংকণ কৰাৰ লগতে আলফাৰ সংগ্ৰামৰ যুক্তিযুক্ততাও ব্যক্ত কৰিছিল। সাংবাদিক পৰাগ কুমাৰ দাস আছিল ন্যায়, সততা আৰু মানৱতাৰ একনিষ্ঠ সেৱক। পৰাগ কুমাৰ দাসে আলফাৰ সশস্ত্ৰ সংগ্ৰাম পদ্ধতি আৰু বিশেষকৈ হত্যা কাৰ্যক কেতিয়াও সমৰ্থন কৰিব পৰা নাছিল। ‘ছাংলট ফেনলা’ উপন্যাসৰ জৰিয়তে সেয়ে তেওঁ আলফাৰ সশস্ত্ৰ সংগ্ৰামৰ বিৰুধীতা কৰিছিল আৰু বিভিন্ন লেখা-মেলাৰ জৰিয়তে আলফাৰ সংগ্ৰাম-পদ্ধতিৰ পৰিৱৰ্তনৰ বাবে চেষ্টা কৰিছিল৷ কিন্তু আলফাৰ হিংসাত্মক কাৰ্যকলাপসমূহক তেওঁ কঠোৰভাৱে সমালোচনা কৰাৰ পাছতো অসমৰ দুৰ্যোগপূৰ্ণ জাতীয় সংকটৰ সময়ত আলফাৰ বিকল্প নাই বুলিও বাৰে বাৰে উল্লেখ কৰিছিল আৰু এই কথাৰ বাবেই এচাম বুদ্ধিজীৱিয়ে তেওঁক আলফাৰ সৈতে যুক্ত কৰিছিল।
প্ৰকৃততে পৰাগ কুমাৰ দাস আছিল মানৱ-অধিকাৰ উলংঘন কৰা শক্তিসমূহৰ ঘোৰ বিৰুধী। অসম আন্দোলন আৰু আলফাৰ উত্থানক মষিমূৰ কৰিবলৈ কেন্দ্ৰ চৰকাৰে চেষ্টা কৰাৰ ফলস্বৰূপে সৰ্বসাধাৰণ নাগৰিকৰ নিৰাপত্তা নোহোৱা অৱস্থাত জনসাধাৰণৰ নিৰাপত্তা আৰু গণতান্ত্ৰিক অধিকাৰৰ কথা চিন্তা কৰি সেয়ে তেওঁ অসমৰ বুদ্ধিজীৱী সকলক ঐক্যবদ্ধ কৰি ১৯৯৪ চনত ‘গণতান্ত্ৰিক অধিকাৰ সংগ্ৰাম সমিতি(গছ) ‘গঠন কৰি অতিকেন্দ্ৰিক ৰাষ্ট্ৰব্যৱস্থা আৰু ভ্ৰষ্টাচাৰৰ বিৰূদ্ধে সংগ্ৰামত অৱৰ্তীৰ্ণ হৈছিল। মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ মঞ্চৰ পৰা তেওঁ সাধাৰণ নাগৰিকৰ জীৱনৰ নিৰাপত্তাৰ বাবে দাবী জনাইছিল আৰু সেনাৰ বৰ্বৰ অত্যাচাৰৰ প্ৰতিবাদ কৰিছিল।সামৰিক নিৰ্যাতন চল-চাতুৰিৰে আলফাক ধ্বংস কৰাৰ ব্লুপ্ৰিন্টৰ লগে লগে এই গণতান্ত্ৰিক সংগ্ৰামখনকো তাৰ গইনা লৈ শেষ কৰাৰ ষড়যন্ত্ৰ চলিছিল। যাৰ বাবেই একাধিক বাৰ কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল জাতীয় ছহিদ পৰাগ কুমাৰ দাসক। কাৰণ একমাত্ৰ পৰাগ কুমাৰ দাসেই হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন ভ্ৰষ্টাচাৰী কংগ্ৰেছ নেতৃত্বৰ বিৰূদ্ধে অসমৰ জাতীয় বুদ্ধিজীৱী সকলক ঐক্যবদ্ধ কৰি গনতান্ত্ৰিক অধিকাৰ সংগ্ৰাম সমিতি(গছ) গঠন কৰি অতিকেন্দ্ৰিক ৰাষ্ট্ৰব্যৱস্থা আৰু ভ্ৰষ্টাচাৰৰ বিৰূদ্ধে সংগ্ৰামৰ বিকাশ সাধন কৰিছিল। মানৱ অধিকাৰ সংগ্ৰাম সমিতি গঠনেৰে বৰ্বৰ সেনা অভিযান , নিৰ্যাতন , ৰাষ্ট্ৰৰ ভেৰোণীয়া বাহিনীৰ দ্বাৰা হত্যা-ধৰ্ষণ আদিৰ প্ৰতিবাদ কৰি অসমবাসীৰ মনত মানৱ অধিকাৰৰ চেতনাৰ বিকাশ কৰা মূল হোতা জন আছিল পৰাগ কুমাৰ দাস। কেৱল চেতনাৰ বিকাশ কৰাই নহয়, অসমৰ জাতীয় বুদ্ধিজীৱী-সাহিত্যিক-সাংবাদিক-ক্ৰীড়াবিদ সকলোকে একেখন মঞ্চ ঠিয় কৰাই মানৱ অধিকাৰৰ বাবে সংগ্ৰামৰ নেতৃত্ব দিব পাৰিছিল। পৰাগ দাসৰ আহ্বানত সহাঁৰি জনাই হেজাৰ হেজাৰ জনতাই ৰাজপথ উত্তাল কৰি দিল্লীৱালাৰ বুকুত কপনি তুলিবলৈ সক্ষম হৈছিল। সেনাবাহিনীক বধ্যভূমিৰ পৰা বেৰেকলৈ ওভতাই আনিবলৈও বাধ্য হৈছিল চৰকাৰ। অসমৰ জাতীয় ইতিহাসত এয়া এক অতি উল্লেখযোগ্য ঘটনা। তেওঁৰ প্ৰতি আগবঢ়োৱা মতামত সমূহ অলপ অবলোকন কৰিছোঁ:
হীৰেন গোহাঁইৰ মতে, “পৰাগ কুমাৰ দাসে ৰাষ্ট্ৰৰ চৰ্দাৰিৰ বাহিৰত অসমৰ জাতীয় উন্নয়নৰ কথা কৈছিল, আমাৰ সম্পদৰ ভিত্তিত আমাৰ নিয়ন্ত্ৰণত অসমৰ উন্নয়ন ঘটোৱাৰ কথা কৈছিল। তেওঁ নিজৰ চিন্তা আৰু কৰ্মৰে যি পৰিৱেশ ৰচনা কৰিছিল, অসমৰ যুৱ সমাজক যেনেদৰে আলোড়িত কৰিছিল, আজি তাৰ কণমাত্ৰ অৱশেষ বিচাৰিও হাবাথুৰি খাব লাগে। পৰাগ কুমাৰ দাস এজন ব্যক্তি নাছিল, তেওঁ আছিল এক জীৱন্ত শক্তি। বঞ্চিত, শোষিত অসমৰ সৃষ্টিকামী যুৱসমাজৰ মুক্তমনা আত্মপ্ৰতিষ্ঠাৰ আকাংক্ষাৰ তেওঁ মুখপাত্ৰ আছিল।”
ময়ূৰ বৰাৰ মতে, “পৰাগ কুমাৰ দাসৰ কলম অসম আৰু অসমীয়া বিৰোধী শক্তিবোৰৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছিল। ষ্টক একচেঞ্জৰ মহাপ্ৰবন্ধকৰদৰে লোভনীয় চাকৰি ইস্তফা দি দাসে কথা আৰু কামৰ জৰিয়তে আমাৰ মানুহক অন্যায়ৰ বিৰুদ্ধে একত্ৰিত কৰিছিল। অতিকেন্দ্ৰিক ৰাষ্ট্ৰ ব্যৱস্থাৰ শোষণকাৰী চৰিত্ৰ উন্মোচন কৰি অসমৰ অৰ্থনৈতিক উন্নয়নক নতুন জীৱন-দৃষ্টি আৰু বীশ্ববীক্ষাৰে তেওঁ দাঙি ধৰিছিল।”
অজিত কুমাৰ ভূঞাৰ মতে পৰাগ কুমাৰ দাসৰ মৃত্যুক 'পৰ্বততকৈয়ো গধুৰ' বুলি কৈছে।
মনোৰম গগৈৰ মতে, “পৰাগ দা প্ৰকৃতাৰ্থত আছিল সত্য, ন্যায় আৰু মানৱতাৰ একনিষ্ঠ পূজাৰী। সুতীক্ষ্ণ মেধা আৰু প্ৰচণ্ড কৰ্মশক্তিৰ অধিকাৰী এই মানুহজনৰ সকলো চিন্তা কেন্দ্ৰীভূত হৈছিল স্বদেশ আৰু স্বজাতিৰ প্ৰতি থকা গভীৰ ভালপোৱাত, মানুহ আৰু সমাজৰ প্ৰতি থকা সীমাহীন দায়বদ্ধতাত।”
টুনুজ্যোতি গগৈৰ মতে, “পৰাগ কুমাৰ দাসৰ জীৱনাদৰ্শৰ সবাটোকৈ অনুকৰণীয় আৰু ইতিবাচক দিশটো আছিল নিভাঁজ অসম প্ৰেম আৰু আপোচহীন প্ৰতিবাদী সত্তা।”
তেওঁ “স্বাধীনতাৰ প্ৰস্তাৱ” নামৰ কিতাপখনৰ বাবে চৰকাৰী ৰোষত পৰিবলগীয়া হয়। ১৯৯২ আৰু ১৯৯৩ চনত পৰাগ কুমাৰ দাসক ক্ৰমে 'ৰাষ্ট্ৰীয় নিৰাপত্তা আইন' আৰু 'টাডা আইন'ৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়। তেখেতৰ ৰছিত 'স্বাধীনতাৰ প্ৰস্তাৱ' নামৰ কিতাপখন চৰকাৰে নিষিদ্ধ ঘোষণা কৰি বাজেয়াপ্ত কৰে। ১৯৯১ চনৰপৰা পৰাগ কুমাৰ দাসে "মানৱ অধিকাৰ সংগ্ৰাম সমিতি"ৰ আহ্বায়ক আৰু পিছলৈ সচিব প্ৰধান হিচাপে কৰ্যনিৰ্বাহ কৰিছিল। "উত্তৰ-পূব মানৱ অধিকাৰ সমন্বয় ৰক্ষী সমিতি"ৰ সচিব প্ৰধান আছিল। ক্ৰমে ১৯৯২ আৰু ১৯৯৪ চনত গঠিত "বাক্ স্বাধীনতা সংগ্ৰাম সমিতি" আৰু "গণতান্ত্ৰিক অধিকাৰ সংগ্ৰাম সমিতি"ৰ সক্ৰিয় নেতা আছিল। বিগত বহু বছৰ ধৰি এটা অমীমাংসিত প্ৰশ্ন হিচাপে ৰৈ থাকি আজি এটা গভীৰ সমস্যা ৰূপে দেখা দিয়া অবৈধ বাংলাদেশী প্ৰব্ৰজনৰ সমস্যাটোৰ সন্দৰ্ভত পৰাগ কুমাৰ দাসৰ নিজস্ব চিন্তা-দৰ্শন কেনে আছিল সেই বিষয়েও আলোচনা কৰাৰ প্ৰয়োজনীয়তা নিশ্চয় আছে। এই কথা সত্য যে ,বহু বছৰ ধৰি অসমত চলি থকা অবৈধ প্ৰব্ৰজনৰ ফলস্বৰূপে অসমৰ আৰ্থ-সামাজিক,ভাষিক-শৈক্ষিক,ৰাজনৈতিক আদি সকলোবোৰ ক্ষেত্ৰতে ব্যাপক প্ৰভাৱ পৰিব বুলি বিশ্বাস কৰা সত্বেও কিন্তু তেওঁ তথাকথিত অন্য উগ্ৰ জাতীয়তাবাদী সকলৰ দৰে চৰ অঞ্চলত যুগ যুগ ধৰি বসবাস কৰি থকা অভিবাসী মুছলমানসকলক অযথা হাৰাশাস্তি কৰাৰ পক্ষপাতি নাছিল। যি সময়ত অসমৰ জাতীয়তাবাদী শিবিৰে চৰ-চাপৰিৰ লোকসকলৰ সৈতে মানসিকভাবে যুক্ত হ’ব পৰা নাছিল , সেইসময়তো পৰাগ কুমাৰ দাসে চৰ-চাপৰিৰ অভিবাসী মুছলমানৰ সৈতে সহমৰ্মিতাৰে তেওঁলোকক জাতীয় সংগ্ৰামৰ সৈতে যুক্ত কৰাৰ প্ৰচেষ্টা কৰিছিল।
পৰাগ কুমাৰ দাসে তেওঁৰ’ চৰ অঞ্চলৰ বাস্তৱ চিত্ৰ আৰু বিদেশী সমস্যাৰ মূল্যায়ন’ শীৰ্ষক এটি লেখাত লিখিছে যে ছবছৰীয়া অসম আন্দোলনৰ জাতীয় আন্দোলনটোৰ মূলতে কেৱল বিদেশী নাগৰিকৰ সমস্যা নাছিল,আছিল স্বৰাজোত্তৰ কালছোৱাত কেন্দ্ৰ চৰকাৰে অসমৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰি অহা অৱহেলা আৰু অসমৰ থলুৱা সম্পদৰ ওপৰত চলাই অহা ঔপনিৱেশিক শোষণ।সেইদৰে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা অবাধ গতিত হোৱা প্ৰব্ৰজনৰ ফলস্বৰূপে
ৰাজ্যখনত ক্ৰমান্বয়ে বৃদ্ধি পাই অহা জনসংখ্যাৰ বিষয়টোৱেও অসমৰ খিলঞ্জীয়া লোকসকলক চিন্তিত কৰি তুলিছিল। গতিকে এই ‘বহিৰাগত’সকলক বহিস্কাৰ কৰাৰ দাবী তোলা হৈছিল। কিন্তু পাছলৈ আন্দোলনটোক সংবিধানৰ গণ্ডীৰ ভিতৰলৈ আনিবৰ বাবেই ‘বহিৰাগত’ৰ পৰিৱৰ্তে নেপাল,বাংলাদেশ আদিৰ পৰা অবৈধভাৱে আহি অসমত প্ৰৱেশ কৰা বিদেশী নাগৰিকৰ সমস্যাৰ ওপৰতহে অত্যাধিক গুৰুত্ব আৰোপ কৰা হ’ল আৰু অইন সমস্যাবোৰ তল পৰি গ’ল। তেওঁৰ পক্ষে বহুতৰ ভিন্ন মত, কিন্তু তেওঁৰ জাতীয় অৱদান বোৰ কোনেও নুই কৰিব নোৱাৰি। পৰাগ কুমাৰ দাসৰ মতে , ‘বিদেশী নাগৰিকৰ সংখ্যাৰ কোনো চৰকাৰী তথ্য-পাতি নথকাত, আন্দোলনটোৰ যুক্তিযুক্ততা সুদৃঢ় কৰিবৰ নিমিত্তেই আমি অবৈধ প্ৰব্ৰজনকাৰীৰ আনুমানিক হিচাপ ক্ৰমান্বয়ে বঢ়াই নিলো আৰু ফলস্বৰূপে অনেক স্থায়ী বাসিন্দাকো আমি বিদেশীৰ শাৰীত পেলাবলগীয়া হ’ল। এবাৰ আন্দোলনটো আৰম্ভ কৰাৰ পাছত পিছ হোঁহকাৰ প্ৰশ্ন আৰু যিহেতু নুঠে, গতিকে চক্ৰবৃদ্ধি হাৰত সেই ভুলবোৰ ক্ৰমান্বয়ে বাঢ়িহে গ’ল, ন-পুৰণি প্ৰব্ৰজনকাৰী সকলোকে একে পৰ্যায়লৈ লৈ যোৱাৰ ফলত তেওঁলোকক একগোট হ’বলৈহে বাধ্য কৰি বহুতো ক্ষেত্ৰত বিদেশী নাগৰিকৰ সমস্যাৰ গভীৰতা আমি নিজেই বৃদ্ধি কৰিলো।’
পৰাগ কুমাৰ দাসে লিখা মতে,১৮৪৭ চনত পাইনা জাহাজৰ (ভাপৰ জাহাজ) চলাচল আৰম্ভ হোৱাৰে পাছৰে পৰা পুৰ্ববংগৰ বহুতো ভুমিহীন কৃষকে অসমলৈ আহি ব্ৰহ্মপুত্ৰ নৈৰ পাৰে পাৰে বাস কৰিবলৈ আৰম্ভ কৰিছিল। ১৮৯২ চনত আসাম-বেংগল ৰেল লাইন স্থাপিত হোৱাৰ পাছত ৰেলেৰেও এনেকুৱা বহুতো মানুহ অসমলৈ আহিছিল। স্থানীয় অসমীয়া মানুহবিলাকে তেতিয়া মেলেৰিয়াৰ প্ৰকোপ আৰু বন্য জন্তুৰ পৰা ৰক্ষা পাবৰ নিমিত্তে ওচৰৰ অটব্য বন-জংঘলবোৰ পৰিস্কাৰ কৰি এনেকুৱা মানুহ বহাত উৎসাহহে যোগাইছিল। ১৯১২ আৰু ১৯৪৩ চনত পুৰ্ববংগত হোৱা আকাল আৰু ভূমিকম্পৰ সময়ত অসমলৈ অহা এনেকুৱা মানুহৰ সংখ্যা যথেষ্ট বৃদ্ধি পায়। তাৰ পাছৰেপৰা শাসক দলটোৱেও সস্তীয়া ভোটবেংকৰ আশাত এওঁলোক অহাত উদগনি জনাইছিল। তেওঁৰ মতে,স্বাধীনতাৰ পাছৰে পৰাই পমুৱা মুছলমান মানুহখিনিৰ নিৰক্ষৰতাৰ সুযোগ লৈ স্থানীয় মাতব্বৰবিলাকক অৰ্থৰ প্ৰলোভনেৰে হাত কৰি কংগ্ৰেছে দীৰ্ঘদিন ধৰি ভোটবেংকৰ ৰাজনীতি কৰি আহিছিল আৰু তাৰ দ্বাৰা অসমৰ সৰ্বসাধাৰণ ৰাইজ ৰাজনৈতিক দিশত সদায়ে ক্ষতিগ্ৰস্ত হৈ আহিছিল। এই ভোটবেংকবোৰৰ সহায়তে কংগ্ৰেছে সংখ্যাগৰিষ্ঠ ৰাইজৰ সমৰ্থন নোহোৱাকৈয়ে দিছপুৰত চৰকাৰ চলাই আছিল। এই ভোটবেংকবোৰ ভাঙিবৰ বাবেই অনেকেই বিদেশী বহিস্কাৰৰ বাবে ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে দাবী কৰিছিল।”
পৰাগ কুমাৰ দাসে পমুৱা মুছলমান বসতি প্ৰধান চৰ অঞ্চলসমূহ ভ্ৰমণ কৰি লিখিছিল যে সমস্ত চৰ অঞ্চলত তেওঁ এখনো বাঙালী মাধ্যমৰ স্কুল দেখা পোৱা নাছিল। একেবাৰে ভিতৰুৱা ‘বিদেশী-অধ্যুষিত অঞ্চল’ৰূপে খ্যাত চৰতো তেওঁ ত্ৰিশ-চল্লিশ বছৰ পুৰণি অসমীয়া মাধ্যমৰ স্কুলহে দেখা পাইছিল। সেই ঠাইৰ মানুহে ঘৰুৱাভাবে অসমীয়া-বাঙালী মিহলি ভাষা এটাত কথা পাতিছিল যদিও বাহিৰত সলসলীয়াকৈ অসমীয়া কথা কৈছিল। এম ইলিমউদ্দিন দেৱান নামৰ লোক এজনৰ প্ৰসংগত তেওঁ লিখিছে-চৰ অঞ্চলত ডাঙৰ-দীঘল হোৱা ‘ন-অসমীয়া’এই গৰাকী লোক ১৯৬৪ চনৰে পৰা অসম সাহিত্য সভাৰ সৈতে সক্ৰিয় ভাবে জড়িত আৰু তেওঁ ইতিমধ্যে অসমীয়া ভাষাত আঠাইশখনমান কিতাপ লিখিছে। কিন্তু দুই পুৰুষ ধৰি অসমতে বাস কৰা এই গৰাকী ব্যক্তিৰ বিৰুদ্ধে ভোটাৰ তালিকা সংশোধনৰ সময়ত ‘বিদেশী’ বুলি অভিযোগ তৰা হৈছে আৰু তেওঁ যে ১৯৭১ চনৰ পাছত অসমলৈ অহা নাই, সেই কথা প্ৰমাণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এনেধৰণৰ উদাহৰণ আৰু বহুতো আছে।অসমত কেইবা পুৰুষো ধৰি বসবাস কৰি নিজৰ ভাষা-সংস্কৃতি ত্যাগ কৰি অসমতে জীন যোৱাৰ পাছতো এই সকল মানুহ ‘ বিদেশী’ বুলি অভিযুক্ত হোৱাৰ বেদনা কেনে অসহনীয় সেয়া কেৱল ভুক্তভোগীয়েহে উপলদ্ধি কৰিব পাৰিব।
অত্যন্ত দুখেৰে পৰাগ কুমাৰ দাসে লিখিছে–‘হাড়ে-হিমজুৱে অসমীয়া হৈ পৰা এই মানুহখিনিক হোৱাই নোহোৱাই হাৰাশাস্তি কৰি ইচ্ছাকৃতভাৱে আজি আমি তেওঁলোকক মুলসুঁতিৰ পৰা আঁতৰাই পঠিয়াইছো। চৰ অঞ্চলত যে বিদেশী নাই সেইটো আমি ক’ব খোজা নাই, কিন্তু সেইবুলিয়ে অসমীয়া জাতি গঠনৰ কোনো সম্যক জ্ঞান নথকা উতনুৱা চাম এটাই এইবোৰ অঞ্চলৰ পুৰণি বাসিন্দাসকলৰ ওপৰতো যি মানসিক অত্যাচাৰ আৰম্ভ কৰিছে, সি একোটা সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে তাক আৰু অধিক জটিলহে কৰি তুলিছে। আৰু তাৰ ফলত লাভ হৈছে অসমবিৰোধী শক্তিবোৰৰ। নিৰাপত্তা বিচাৰি এই ন-অসমীয়া মানুহখিনি এতিয়া কাৰোবাৰ শৰণাপন্ন হ’বলৈ বাধ্য হৈছে আৰু তেনেকুৱা সুবিধাকে বিচাৰি ফুৰা ৰাজনৈতিক শক্তিবোৰে এতিয়া সেইবোৰ অঞ্চলত সুন্দৰ সংগঠন আৰম্ভ কৰি দিছে। যোৱা নিৰ্বাচনত অসম-বিৰোধী সাম্প্ৰদায়িক শক্তি কিছুমানে ‘অসমীয়া’ অঞ্চলবোৰতো অভূতপূৰ্ব সফলতা লাভ কৰাৰ মুলতে আছিল ছবছৰে আমি কৰি অহা কিছুমান ভুল। সেই ভুলবোৰৰ এতিয়া শুধৰণি নকৰিলে অচিৰেই এনেকুৱা এটা দিন আহিব যে, বাংলাদেশ সীমান্ত সুৰক্ষিত হোৱাৰ পাছতো অসমত ‘বিদেশী’ৰ সংখ্যা বাঢ়িহে যাব আৰু ‘অসমীয়া’ৰ সংখ্যা কমি আহিব।”পৰাগ দাসে ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে কলম তুলি লোৱাৰ বাবেই তেওঁক দুবাৰকৈ ৰাষ্ট্ৰই গ্ৰেপ্তাৰ কৰিছিল। ১৯৯২ আৰু ১৯৯৩চনত ৰাষ্ট্ৰ নিৰাপত্তা আইন আৰু টাডা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁক। কিন্তু ৰাষ্ট্ৰযন্ত্ৰই ৰঙাচকু দেখুৱালেও সেই চকুলৈ তেওঁ ভয় কৰা নাছিল। লিখি গৈছিল ইখনৰ পাছত সিখন গ্ৰন্থ।
স্বাধীনতাৰ প্ৰস্তাৱ নামৰ পৰাগ দাসৰ গ্ৰন্থখন চৰকাৰে নিষিদ্ধ কৰাৰ লগতে এই গ্ৰন্থৰ কপী সমূহ জব্দ কৰিছিল। ‘ৰাষ্ট্ৰদ্ৰোহৰ দিনলিপি’ বিচাৰি পাঠকে হাহাকাৰ লগাইছিল।পৰাগ কুমাৰ দাসে বুজিছিল- জাতি-জনগোষ্ঠীসমূহৰ স্বঅধিকাৰ অবিহনে প্ৰকৃত স্বাধীনতা সম্ভৱ নহয়। তেওঁ বিদ্ৰোহী সংগঠনসমূহৰ বিৰুদ্ধেও কলম তুলি লৈছিল। সাংবাদিকতাৰ দিশত কোনো দিনে আপোচ কৰা নাছিল পৰাগ কুমাৰ দাসে।
ৰাজ্যৰ সম্পদৰ প্ৰকৃত ব্যৱহাৰৰ হৈ তেওঁ মাত মাতিছিল। সাংবাদিক হকে মানৱ অধিকাৰৰ বাবে যুঁজিবলৈ তেওঁ লোভনীয় ষ্টক এক্সছেঞ্জৰ চাকৰিও বাদ দিছিল।পৰাগ দাসে সাহস আৰু যুক্তি তথা তথ্যৰে বাতৰি পৰিৱেশনত গুৰুত্ব দিছিল। সাংবাদিকতাক তেওঁ নতুন ধাৰাৰে আগুৱাই নিব খুজিছিল। সাংবাদিকৰ উদ্দেশ্য কেৱল খবৰ দিয়াই নহয়। ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে তেওঁৰ কলম চলিছিল অহৰহ। কেন্দ্ৰৰ দমন নীতিৰ বিৰুদ্ধে প্ৰতিবাদ, অসমৰ সম্পদৰ ওপৰত অসমবাসীৰ অধিকাৰ হকে জনসাধাৰণক জাগ্ৰিত কৰা আদি কাম পৰাগ দাসে কৰিছিল। তেওঁ দেখিছিল স্বাভিমানেৰে অসমীয়া জাতি জীয়াই থকাৰ সপোন।
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰয়োজনীয়তা সম্পৰ্কত তেওঁ লিখিছিল-প্ৰকৃত নাগৰিক সকলৰ আটাইবোৰ তথ্য-পাতি যদি কম্পিউটাৰত ৰাখিব পৰা যায়, তেন্তে একোজন সন্দেহযুক্ত ব্যক্তিৰ নাগৰিকত্বৰ প্ৰমাণৰ নিমিত্তে ইমানবোৰ মেৰপাকৰ প্ৰয়োজন নহ’ব । আমাৰ এই প্ৰস্তাৱ প্ৰচুৰ ব্যয় সাপেক্ষ হ’ব সঁচা, কিন্তু ৰাজ্য চৰকাৰ এতিয়া এইখিনি ব্যয় বহন কৰিবলৈ সাজু নহ’লে তাৰ ফলত ভৱিষ্যতে যিমানবোৰ জটিল সমস্যাৰ উদ্ভৱ হ’ব, সেইবিলাকৰ সমাধানত হয়তো ইয়াতকৈ কেইবাগুণে অধিক ধন ব্যয় কৰিব লগীয়া হ’ব । আৰু ৰাজ্য চৰকাৰৰ ৰাজহত এই কামৰ নিমিত্তে যদি সঁচাকৈয়ে ৰাজহৰ অভাৱ বুলি ভৱা হয, তেন্তে ৰাইজৰ ওপৰতে অতিৰিক্ত কৰ বহুওৱা হওক;- বিদেশী সমস্যাৰ সমাধানৰ নিমিত্তে প্ৰাণ পৰ্যন্ত দিবলৈ কুণ্ঠাবোধ নকৰা অসমৰ ৰাইজে এই উদ্দেশ্যত অতিৰিক্ত কিছু কৰৰ বোজা বহন কৰিবলৈ বোধকৰো কুণ্ঠাবোধ নকৰিব । বিভিন্ন পুৰণি নথি-পত্ৰৰ সহায়ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন সংশোধন কৰি ৰাজ্যখনত অবৈধভাৱে বসবাস কৰি থকা বিদেশী নাগৰিকৰ প্ৰকৃত সংখ্যা এটা উলিয়াব পাৰিলে এই সমস্যাৰ আতিশয্যৰ যথাৰ্থ আভাস এটা পোৱা যাব আৰু তেতিয়া হ’লে সমস্যাটোক অতিৰঞ্জিত কৰি ৰাজনীতি খেলি অহাসকলৰ কু-চক্ৰান্তৰো মুদা মৰিব । ৰাজ্য চৰকাৰে যদি এতিয়া এইখিনি কাম কৰিবলৈকো গাত নলয়, তেন্তে এনেবোৰ ৰাজনৈতিক কু-চক্ৰান্তৰ তেওঁলোকো অংশীদাৰ বুলি ভাৱিবলৈ ৰাইজ বাধ্য হ’ব।
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন আজিলৈকে সংশোধন নকৰাৰ ফলত এপিনে যিদৰে বিদেশী নাগৰিকৰ চিনাক্তকৰণত অসুবিধা হৈছে; আনপিনে তেনেদৰে অনেক খিলঞ্জীয়া মানুহে হাৰাশাস্তি ভুগিবলগীয়া হৈছে বুলি তেওঁ আশী আৰু নব্বৈৰ দশকতে লিখিছিল।তেওঁৰ মতে, ‘ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখনৰ সংশোধনৰ নিমিত্তে কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা বা অনুমতি, কোনোটোৰে আৱশ্যক নাই ।পুৰণি ভোটাৰ তালিকা আৰু বিভিন্ন বৈধ নথি-পত্ৰ সংগ্ৰহ কৰি ৰাজ্য চৰকাৰে নিজৰ ববীয়াকৈয়ে এই কাম আৰম্ভ কৰিব পাৰে । জনসাংখ্যিক গাঁথনিৰ পিনৰ পৰা যিবোৰ অঞ্চল এতিয়া আমাৰ নিমিত্তে ভয়ৰ কাৰণ হৈ পৰিছে সেইবোৰ অঞ্চলৰ পুৰণি বাসিন্দাৰ হাতত এতিয়াও অনেক মূল্যবান নথি-পত্ৰ পোৱা যাব; কাৰণ, নিজৰ নিৰাপত্তাৰ বাবেই এওঁলোকে এই নথিপত্ৰ বোৰ সযতনে সংগ্ৰহ কৰি আহিছিল। আমি পৰিভ্ৰমণ কৰা চৰ অঞ্চল কিছুমানত পুৰণা বাসিন্দাৰ হাতত ১৯৫৫, ১৯৬৬ চনৰ ভোটাৰ তালিকাও সযতনে ৰখা অৱস্থাত পাইছো।’ ১৯৯৬ চনৰ ১৭ মে' তাৰিখে নিজৰ পুত্ৰক গুৱাহাটী চান্দমাৰিৰ অসম জাতীয় বিদ্যালয়ৰ পৰা আনি থকা সময়ত পৰাগ কুমাৰ দাসক হত্যা কৰা হয়। এই কাৰ্যত চাৰিজন ছালফা সদস্যক অভিযুক্ত কৰা হৈছিল- মৃদুল ফুকন ওৰফে সমৰ তাঁতী, দিগন্ত বৰুৱা, তপন দত্ত ওৰফে বিশ্বজিত শইকীয়া আৰু নয়ন দাস ওৰফে গুলী। তেওঁৰ মুকলি হত্যাই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে প্ৰতিবাদৰ ঢৌ তোলে। সাম্প্ৰতিক কালৰ পৰিপ্ৰেক্ষিতত পৰাগ কুমাৰ দাসৰ এই ধৰণৰ প্ৰগতিশীল চিন্তা-দৰ্শনৰ যথেষ্ট তাৎপৰ্য আৰু প্ৰাসংগিকতা আছে।অবৈধ বাংলাদেশীৰ অবাধ প্ৰব্ৰজনৰ পৰিপ্ৰেক্ষিতত পৰাগ কুমাৰ দাসৰ চিন্তা-চৰ্চা আৰু দৰ্শনৰ পুনৰ্মূল্যায়ন নকৰাকৈ কেৱল ধৰ্মীয় দৃষ্টিকোণেৰে চৰ অঞ্চলৰ সকলো লোককে বিদেশী বা বাংলাদেশী মুছলিম বুলি গণ্য কৰা মানসিকতা ত্যাগ কৰিব নোৱাৰিলে সমস্যাবোৰ জটিল হৈ গৈ থাকিব। তেখেতৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ কাৰনে বৃহৎ ক্ষতি।তেখেতৰ হত্যাকাৰীয়ে যে কেতিয়াবালৈ শাস্তি পাব সেয়া সুদূৰ পৰাহত। কিন্তু আৰু যেন কোনো পৰাগ দাসৰ হত্যা নহয় তাৰবাবে অসমবাসী চকু কাণ মেলি ৰখা প্ৰয়োজন । পৰাগ কুমাৰ দাসৰ দৰে এজন প্ৰতিভাবান সাংবাদিক-উপন্যাসিক-অৰ্থনীতিত দখল থকা জাতীয়বোধ সম্পন্ন অসমীয়া জন্ম হবলৈ হয়তো আমি হয়তো আৰু শতাধিক বছৰ অপেক্ষা কৰিব লাগিব।
তেখেতৰ আদৰ্শই আমাক অনুপ্ৰাণিত কৰিব।। আজি অৰ্থাৎ ১৭ মে ত তেওঁৰ মৃত্যু তিথিত সুৱৰিছোঁ।।
-সুশান্ত দাস।।
বলিয়াঘাট তিনি আলি,
গৌৰীসাগৰ, শিৱসাগৰ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ