জেতুকা‌ পাতৰ দৰে -মিনাক্ষী কলিতা

Aditi Tanti
0
আজিকালি সকলোৱে কথাষাৰ তেনেকৈয়ে কয়- 'মই হেনো কেৱল নিজৰ কথা চিন্তা কৰা এগৰাকী স্বাৰ্থপৰ নাৰী।'

অৱশ্যে কথাষাৰ এশ শতাংশ সত্য নহ'লেও সম্পূৰ্ণৰূপে মিছাও নহয়।

হয় এতিয়া মই স্বাৰ্থপৰ,
কাৰণ মই এতিয়া নিজক ভাল পাওঁ। 
আনৰ ভাললগা বেয়ালগাক যিমান গুৰুত্ব দিওঁ তাতোতকৈ অধিক গুণে বেছি গুৰুত্ব দিওঁ মই নিজৰ ইচ্ছা-অনিচ্ছাক। নিজৰ ইচ্ছাৰ বিপৰীতে গৈ মই আজিকালি এটা কামো নকৰোঁ। মানুহজনৰ প্ৰিয় আদা-নহৰু সৰিয়হৰে সৈতে মাছৰ চৰ্চৰিখন মই যি হেঁপাহেৰে ৰান্ধোঁ সেই একে হেঁপাহেৰে ৰান্ধো থেকেৰা টেঙাৰে সৈতে আলু মাছৰ টেঙা জোলখনো..কাৰণ সেইখন মোৰ প্ৰিয়। 

তেওঁ আবেলি খোজকাঢ়ি ভাল পায়। কাৰণ ৰাতিপুৱা তেওৰঁ বিচনা এৰিবলৈ এলাহ। কিন্তু মই ! 
মই ভাল পাওঁ ৰাতিপুৱাৰ সেই নিৰ্মল বতাহজাক.. 
পৃথিৱীলৈ পোহৰ কঢ়িয়াই অনা প্ৰভাতী সূৰুজৰ কোমল ৰেঙনি.. 
তেন্তে কিয় শুই থাকিম মই বেলি এপৰলৈ... 
কিয় খোজ নাকাঢ়িম মই ৰাতিপুৱা। 
কাঢ়ো ৰাতিপুৱা মই অকলে অকলে খোজকাঢ়ো। 
খোজকাঢ়ি আহি মই মানুহজনলৈ বা ল'ৰা-ছোৱালীলৈ ৰৈ নাথাকোঁ, সিহঁত উঠাৰ আগতেই চাহ একাপ কৰি অকলে অকলে খাওঁ।

এটা সময় আছিল। যি সময়ত মই কেৱল আনৰ বাবে উৎসৰ্গিত আছিলোঁ। মোৰ ভাল লগা বেয়া লগা সন্তুষ্টি-অসন্তুষ্টি সকলো জড়িত আছিল আনৰ সৈতে। আনক সুখী কৰি ৰখাই যেন আছিল মোৰ জীৱনৰ মূলমন্ত্ৰ। এনেদৰে সদায় আনক সন্তুষ্ট কৰি ৰাখোঁতে ৰাখোঁতে পাহৰি গৈছিলোঁ নিজে কি ভালপাওঁ কি বেয়াপাওঁ ! 
নিজৰ মনৰ সন্তুষ্টি ক'ত ?

স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিয়ে মই বিচাৰিছিলোঁ কিবা নহয় কিবা এটা কামত মুৰ গুজি লৈ নিজকে স্বাৱলম্বী ৰূপে গঢ়ি তুলিবলৈ। কিন্তু তাৰ বিপৰীতে মোৰ আই-বোপাইয়ে বিচাৰিছিল মোক আন এখন ঘৰলৈ উলিয়াই দি চিন্তামুক্ত হ'বলৈ। 
সৰুৰে পৰা কোনোদিনে আই-বোপাইৰ কথাৰ বিৰোধিতা কৰি পোৱা নাছিলোঁ সেয়ে সেইবাৰো নোৱাৰিলোঁ বিৰোধিতা কৰিবলৈ। 
আৰু অৱশেষত আই-বোপাইৰ ইচ্ছাক প্ৰাধান্য দি মোৰ পিছত লাগি থকা ভাল ছোৱালীৰ টেগটো অক্ষুন্ন ৰাখি মনেৰে বিচৰা মানুহজনক মনৰ পৰা বিসৰ্জন দি আই বোপাইয়ে ঠিক কৰি দিয়া মানুহজনৰ হাতত ধৰি ওলাই আহিছিলোঁ পিতাইৰ পদূলিৰ পৰা। 

বিয়া হৈ আহিয়ে মানুহজনক কৈছিলোঁ মোৰ মনৰ ইচ্ছাৰ কথা। মানুহজনে কৈছিল- 'এবাৰ মাক কথাটো সুধি চাবা'।

মানুহজনৰ কথা মানি সুধিছিলোঁ শাহু আইক কথাষাৰ। শাহু আয়ে কৈছিল- 

:কিয় তোমাক তাৰ টকাৰে নুজুৰে নেকি ! 

তাৰ পিছত এই কথাষাৰ মানুহজনৰ আগত কওঁতে মানুহজনে কৈছিল-

:আগতে ঘৰৰ আদৱ-কায়দাবোৰ শিকি লোৱাচোন, ঘৰখনক নিজৰ কৰি লোৱা। মাক সন্তুষ্ট কৰা। তাৰ পিছত চাবা মায়ে এদিন নিজে ক'ব তোমাক কিবা নহয় কিবা এটা কৰিবলৈ। 

তাৰ পিছত আৰু কথাবোৰ একে হৈ নাথাকিল। 
সংসাৰ বাঢ়িল। এটি এটিকৈ দুটা ল'ৰা-ছোৱালী আমাৰ জীৱনলৈ আহি এগৰাকী নাৰীৰূপে পূৰ্ণ কৰি তুলিলে মোক। দায়িত্ব বাঢ়িল, পত্নী, বোৱাৰীৰ পিছত এইবাৰ আহিল মাতৃৰ দায়িত্ব। 

এগৰাকী ভাল পত্নী, ভাল বোৱাৰী আৰু ভাল ভাতৃ হোৱাৰ আখৰাত নামি পৰিলোঁ সম্পূৰ্ণৰূপে।
নিজৰ প্ৰতিপল, দণ্ড, চেকেণ্ড অৰ্পণ কৰিলোঁ সন্তান-স্বামী সহিতে শাহুৰ নামত। 
পাহৰি পেলালোঁ নিজৰ সপোন আশা আকাংক্ষা সকলোবোৰক। 

ইমানৰ পিছতো কিন্তু কোনোদিনে সন্তুষ্ট কৰিব নোৱাৰিলোঁ শাহুক। মই তেওঁৰ বোৱাৰী নহয় যেন সাত-সতিনীহে। সদায় কেৱল এটাই কথা মই হেনো কাঢ়ি নিলোঁ তেওঁৰ পুতেকক। হেজাৰ চেষ্টা কৰিও বুজাৱ নোৱাৰিলোঁ মানুহজনীক মই এই কথাষাৰ, যে কোনো বোৱাৰীয়েকে পুত্ৰক কাঢ়ি নিব নোৱাৰে মাতৃৰ বুকুৰ পৰা। এজন পুৰুষৰ মনত তেওঁৰ পত্নীলৈ যিমান মৰম থাকে তাতকৈ অকণমান হ'লেও বেছি শ্ৰদ্ধা ভক্তি থাকে তেওঁৰ জন্মদাত্ৰী মাতৃলৈ। 

প্রথম অৱস্থাত কথাবোৰ মানুহজনৰ আগত কৈছিলোঁ। তেওঁ মাত্ৰ এষাৰ কথা কথাই কৈছিল-
'ধৈৰ্য ধৰা, সময়ত সকলো ঠিক হ'ব।’
লাহে লাহে এৰি পেলাইছিলোঁ কথাবোৰ ক'বলৈ। 
তেওঁৰ নিৰ্লিপ্ত ব্যৱহাৰে বুজাই দিছিল যে এইবোৰ তেওঁক কৈ একো লাভ নাই। 

হিচাপ-নিকাচৰ সকলো কাম নিয়াৰিকৈ সমাধান কৰা বেংকৰ এগৰাকী দক্ষ গাণনিক বিষয়াৰূপে স্বীকৃতি প্ৰাপ্ত মোৰ মানুহজনে কিন্তু নোৱাৰিলে ঘৰৰ এই সামান্য হিচাপটো মিলাবলৈ। আচলতে নোৱাৰিলে নহয় তেওঁ নিবিচাৰিলে। 
কিয়নো তেওঁ মাকৰ ওপৰত কোনো কথা নকয়।
মাকে ভুল কৰক বা ভালে কৰক, কোনো কথাতে মাকৰ কথাৰ ওপৰত নামাতে তেওঁ। 
মাকৰ দোষবোৰ দেখিলে চকু মুদা কুলিৰ ভাওঁ জুৰে তেওঁ। 

এনেকৈয়ে গৈ আছিল সময়বোৰ। লাহে লাহে ডাঙৰ হৈ আহিছিল ল'ৰা-ছোৱালীহাল।ভাবিছিলোঁ ল'ৰা-ছোৱালীহাল ডাঙৰ হ'লে ঠিক হ'ব সকলো। 
কিন্তু নহ'ল। 

কথাবোৰ গৈ আকৌ ওলোটা হ'ল। 
সৰুৰে পৰা সিহঁতক অকণো কষ্ট নোপোৱাকৈ ডাঙৰ কৰা মানুহগৰাকী সিহঁতৰ বাবে আউটডেটেড হ'লো। নিমিলা হ'ল মোৰ সৈতে সিহঁতৰ অংকবোৰ। 
হোষ্টেলত থাকি পঢ়িবলৈ যোৱা ল'ৰা-ছোৱালী হালৰ বন্ধ পালেও ঘৰলৈ আহিবলৈ মন নোযোৱা হ'ল। 
ঘৰলৈ অহাতকৈ পাৰ্টি কৰিব সিহঁতে লগৰ ল'ৰা-ছোৱালীৰ সৈতে নতুবা ফুৰিবলৈ যাব বেলেগ বেলেগ ঠাইলৈ। আৰু ঘৰলৈ আহিলেও মই হেপাঁহেৰে ৰন্ধা কলডিলৰ সৈতে পাৰ মাংসৰ আঞ্জাখন সিহঁতৰ জিভাত নলগা হ'ল। এইবোৰ হেনো পুৰণিকলীয়া খাদ্য। কলডিল পাৰ মাংস নতুবা কোমোৰাৰে ৰন্ধা হাঁহ মাংসখনৰ সলনি সিহঁতে ভাল পোৱা হ'ল পৰ্ক ড্ৰাই ফ্ৰাই নতুবা চিকেন তন্দুৰী,চিকেন বাটাৰ মছলা আদিবোৰ। 

ভাবি ভাবি পাৰ নোপোৱা হ'লো ল'ৰা-ছোৱালীহালৰ কথাবোৰ। মানুহজনকো ক'লো ল'ৰা ছোৱালী হালৰ কথাবোৰ; কিন্তু সঁহাৰি সেই একে।  
'তুমি মিছাতে ইমান চিন্তা কৰা, চাবা সময়ত সকলো ঠিক হ'ব।’

লাহে-লাহে দূৰত্ব বাঢ়িল মোৰ সকলোৰে সৈতে। 
মোৰ বাৰু ক'ত ভুল হ'ল ! 
গোটেই জীৱনটো যিসকলৰ বাবে উৎসৰ্গিত কৰিলোঁ তেওঁলোকৰ ওচৰতে বাৰে বাৰে অৱহেলিত কিয় হওঁ মই ! 

জীৱনৰ ভাটি বয়সত আকৌ এবাৰ খুচৰি চালোঁ নিজক। পালোঁ উত্তৰটো নিজৰ ওচৰতে। 
ভুল এটাই যে গোটেই জীৱন নিজক অৱহেলা কৰিলোঁ নিজৰ সপোনক নিজৰ ইচ্ছা-অনিচ্ছা, আশা-আকাংক্ষাক ভৰিৰে মোহাৰি ব্যস্ত হৈ ৰ'লো আনক সন্তুষ্ট কৰাত। 

তেন্তে ! যিগৰাকী মানুহে নিজক অৱহেলা কৰে সেইগৰাকী মানুহে আকৌ কি যুক্তিত সপোন দেখে আনৰ পৰা মৰম আদৰ পোৱাৰ !

অৱশেষত সলনি কৰিলো নিজক। 
সলনি কৰিবলৈ সময় লাগিল কিছু , কষ্টও হ'ল কিছু। সৰুৰে পৰা পিছফালে লাগি থকা ভালৰ টেগটোও নোহোৱা হ'ল। এতিয়া মই এগৰাকী ভাল পত্নী নতুবা ভাল মাতৃ নহয়। 

তাৰ সলনি এতিয়া সকলোৰে দৃষ্টিত মই এগৰাকী স্বাৰ্থপৰ-অহংকাৰী, কেৱল নিজক চিনি পোৱা নাৰী। 

কিন্তু এতিয়া আৰু আনৰ এইবোৰ কথা শুনি থাকিবলৈ মোৰ সময়ে বা ক'ত ! 
জীৱনৰ বেছিভাগ সময়েই পাৰ হৈ গ'ল আনৰ নামত, এতিয়া অন্তত যিখিনি সময় মোৰ হাতত আছে সেইখিনি সময় আৰু মই আনক দিব নোৱাৰোঁ। সেইখিনি কেৱল মোৰ। জীৱনত শেষ বয়সত হ'লেও বিচাৰি পাইছোঁ নিজক, উপলব্ধি কৰিছোঁ যে জীৱনটো ঠিক জেতুকা পাতৰ দৰে, য'ত সেউজীয়াৰ মাজত লুকাই থাকে অজস্ৰ ৰঙা।।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)