আঘাত -সীতা দেৱী

Aditi Tanti
0
বেচৰকাৰী কোম্পানী এটাত শ্ৰমিক হিচাপে কাম কৰি মহিদুলে তাৰ দহজনীয়া পৰিয়ালটো যেনে-তেনে পোহপাল দিবলগীয়া হৈছে। মানসিক চাপ আৰু শাৰীৰিক কষ্টৰ বাবে বয়সতকৈ বৃদ্ধ হোৱা মহিদুলে আজি-কালি জীৱনৰ ৰং কি পাহৰি পেলাইছে। অবিৰত ঘৰখন চলাই নিয়া এক যন্ত্ৰত পৰিণত হৈ পৰিছে। এইবাৰৰ ঈদত কোনো খাম-খেয়ালী যাতে নহয় সেই বাবে তেওঁ কেইমাহমান আগৰ পৰা কিছু টকা তেওঁ মজুৰিৰ পৰা ৰাখি আহিছে। কাইলৈ ঈদ। আজি ৰাতিপুৱাই ঈদৰ বজাৰৰ হিচাপ কিতাপ কৰি কামলৈ গ'ল আৰু মনতে ভাবিলে কামৰ অন্তত মেনেজাৰৰ হাতত জমা থোৱা টকা কেইটাৰে বজাৰ কৰি আহিব। কাৰখানাত কাম চলি থকাৰ মাজতে হঠাতে চিঞৰ-বাখৰ লাগি গ'ল। মেচিনত যান্ত্ৰিক বিজুতি ঘটিলে আৰু মহিদুলে হাত এখন হেৰুৱায়। চিকিৎয়ালয়ৰ বিচনাত মহিদুলে চাৰিওফালে কেৱল অন্ধকাৰ দেখিবলৈ পালে।। 

সীতা দেৱী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)