আজিৰ ছাত্ৰ-ছাত্ৰী আৰু খেল-ধেমালি- খুকুমণি মুদৈ দাস

আমাৰ জন্ম লগ্নৰে পৰাই কিছুমান সহজাত প্ৰবৃত্তি একেবাৰে এৰাব নোৱাৰা ধৰণে লাগি আহে| মানুহ আৰু এই পৃথিৱীত বাস কৰা আমাৰ ওচৰে-পাজৰে থকা জীৱ-জন্তুবোৰো এই সহজাত প্ৰবৃত্তিৰ দাস। 

    মৰম, স্নেহ, হাঁহি, কান্দোন, আত্মৰক্ষা, আহাৰৰ অন্বেষণ, লগ-সংগ প্ৰিয় আদিবোৰ আমাৰ মানুহবোৰৰ এক সহজাত প্ৰবৃত্তি। এইবোৰ অবিহনে যেন মানুহ একোজন খালী হৈ থাকে| 

     ঠিক তেনেদৰেই জীৱ -জন্তুবোৰৰো আছে সিহঁতৰ নিজৰ মাজতে ক'ব নোৱাৰাকৈয়ে অপত্য মৰম স্নেহ | 

     সৰু ল'ৰা-ছোৱালীবোৰে লাহে-লাহে যেতিয়া লৰচৰ কৰিব পৰা হয়, কাপোৰেৰে পুতলাৰ দৰা-কইনা বনোৱা, নিজেও দৰা-কইনা সাজি খেল-ধেমালি কৰা, বালি ঘৰ সজা, বিভিন্ন ভংগীমাত অভিনয় আদিবোৰ কৰা আমি দেখিবলৈ পাওঁ| 

     লগ সমনীয়া লগ পালেই হ'ল কেইটামান, ইফালৰ পৰা সিফাললৈ দৌৰা-দৌৰি কৰা, লুকা-ভাকু খেলি ফূৰ্তি কৰা, কাগজৰে নাওঁ বনাই অলপকৈ জমা হৈ থকা পানীত নাওঁখন দি আনন্দ লাভ কৰা আদিবোৰ আমাৰ ল'ৰা-ছোৱালীবোৰৰ মাজত শৈশৱ আৰু কৈশোৰ কালত আমি দেখিবলৈ পাওঁ| 

    অৱশ্যে এইবোৰ খেল-ধেমালি পুৰণি কালত অলাগতিয়াল বুলিও নভবা নহয়। তেতিয়াৰ দিনত ছাত্র-ছাত্রীসকলৰ এইবোৰ খেল-ধেমালিক অলাগতিয়াল বা এইবোৰ কোনো ধৰণৰ কামৰ নহয় বুলিও আখ্যা দিয়া হৈছিল। 
  
        আৰু তেতিয়াৰ সময়ত আমাৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰী বিলাকৰ যিমান ভাল খেলিলেও বিশেষ ধৰণৰ কোনো গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল| অৱশ্যে আগ্ৰহী ছাত্রীসকলে স্কুলৰ দৈনন্দিন ৰুটিনৰ বাহিৰেও সিহঁতৰ ভাল লগা খেল-ধেমালি কিছুপৰিমাণে হ'লেও কৰিছিল বা কৰিব পাৰিছিল।

    পুৰণি সময়ত স্কুলৰ পাঠ বৰ্হিভূত বিষয় হিচাপে গণ্য কৰিছিল এইবোৰ বিষয়বস্তুক যেনেকৈ- শৰীৰচৰ্চা, নৃত্য গীত, অভিনয়,কবিতা আবৃত্তি আৰু বিভিন্ন ধৰণৰ খেল-ধেমালিবোৰক| কিন্তু জ্ঞানোদয়ৰ কালৰে পৰা যেতিয়া চিকিৎসা বিজ্ঞান বা বিজ্ঞানে যেতিয়া এই সমূহক শৰীৰ মনৰ উপকাৰৰ কথা ঘোষণা কৰিলে তেতিয়া শিক্ষাৰ প্ৰসাৰ আৰু বিকাশৰ  
সম্প্ৰসাৰণৰ যুগত খেল-ধেমালি, শৰীৰ চৰ্চা ,সঙ্গীত,নৃত্য,গীত, অভিনয়
 আদিবোৰক কিশোৰ-কিশোৰী বা ছাত্রীসকলৰ বহুত উপকাৰী বুলি জানিব পাৰিছিল সেয়েহে জ্ঞানোদয় কালৰে পৰা উক্ত বিষ সমূহ স্কুলৰ পাঠ্য বৰ্হিভূত বিষয় হৈ নাথাকি পাঠ্য সহযোগী বিষয় হৈ পৰিল আজিৰ কিশোৰ-কিশোৰী আৰু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত|

     আমাৰ পুৰণি সমাজত খেল-ধেমালি বা শৰীৰ চৰ্চাৰ উপকাৰিতাৰ বিষয়ে আমাৰ মানুহবোৰৰ মাজত বিশেষ কোনো জ্ঞান নাছিল বাবেই হয়তো সেই সময়ত এইবোৰ বিষয় বস্তুক অবাবত সময় খৰছ বা অবাবত সময় কটোৱা বুলি ভাবিছিল।

   ক্ৰমশঃ মানুহৰ জ্ঞানৰ পৰিসৰ বাঢ়ি যোৱাৰ লগে-লগে মানুহে আৱিষ্কাৰ কৰিব পাৰিলে যে,খেল-ধেমালি প্ৰকৃত অৰ্থত বা প্ৰকৃততে মানুহৰ জীৱনৰ এক উপকাৰী বিষয় সেয়েহে ই আমাৰ অতিকৈ প্ৰয়োজনীয়ও | 

    সেয়েহে আজি এই প্ৰয়োজনীয়তাৰ উপলব্ধিত মানুহৰ মাজত বিপুল হাৰত খেল- ধেমালিৰ প্ৰসাৰ আৰু জনপ্ৰিয়তা দিনকদিনে বৃদ্ধি পোৱা দেখা গৈছে | 
  
    খেল-ধেমালিয়ে মানুহৰ মনৰ মাজত উৎকৰ্ষ সাধন কৰাৰ লগতে মনৰ স্মৃতি শক্তি বৃদ্ধি কৰে লগতে মন প্ৰফুল্লিত ৰাখে | খেল-ধেমালি আদিবোৰে সমাজপ্ৰিয়তা ও সঙ্গপ্ৰিয়তা বৃদ্ধি কৰাত সহায় কৰে। আজি-কালি এই বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আমাৰ চৰকাৰে স্কুল আৰু কলেজত ছাত্রীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি খেলাৰ সুবিধাৰ্থে এটা সুকীয়া বিভাগ সৃষ্টি কৰি খেলৰ সামগ্ৰী, খেলৰ অনুদান আৰু অনুষ্ঠানসমূহত খেল- ধেমালি, শৰীৰ চৰ্চা ,নৃত্য-গীত আদিৰ প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষক আদি নিয়োগৰ ব্যৱস্থা কৰা দেখা গৈছে বা নিয়োগ কৰিছে | 

     সেয়েহে স্কুলী,কলেজৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত খেল-ধেমালিৰ জনপ্ৰিয়তা বৃদ্ধিৰ বাবে মহকুমা,জিলা, প্ৰাদেশিক আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো খেল-ধেমালিৰ প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰি বিজয়ীসকলক পুৰস্কৃত কৰি খেল-ধেমালিক বৰ্তমান অতিশয় জনপ্ৰিয় কৰি তোলা দেখা গৈছে | 

   স্কুল, কলেজৰ অইন পাঠ্যক্ৰমৰ লাভ কৰাৰ লগতে খেলৰ প্ৰতি আগ্ৰহী ছাত্রী-সকলৰ খেল-ধেমালিৰ যথোচিত শিক্ষা লাভৰ সুবিধা গ্ৰহণ কৰিব পাৰিলে নিশ্চয় নিজৰ ভবিষ্যতৰ জীৱনত তাৰ সুফল লাভ কৰিব পাৰিব বুলি আশা কৰিব পাৰি | 

     গতিকে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে মনঃপুত খেল-ধেমালি নৃত্য-গীত-অভিনয় আৰু শৰীৰ চৰ্চাৰ যোগেদি বিশেষ পাৰদৰ্শিতা লাভ কৰি নিজৰ জীৱনৰ লগতে আমাৰ দেশৰ গৌৰৱ অৰ্জন কৰিব পাৰিব বুলি আশা ৰাখিব পাৰি।


খুকুমণি মুদৈ দাস
        

Post a Comment

Previous Post Next Post