জীৱন এক খেল-মনোৰমা দাস

©Admin
1
এতিয়াচোন ভাবনাৰ কলম থমকি ৰ'ল অন্তৰাত্মাৰ জাগ্ৰত চেতনাক 
কবৰ দিয়া হ'ল 
পাহৰণিৰ বুকুত 
সুন্দৰৰ আৰাধনা 
হেৰাই গ'ল 
সৃষ্টিকৰ্তাক পূজিবলৈ 
মনত নপৰা হ'ল 
সময়ৰ গতিত ধীৰে ধীৰে 
সম্পৰ্কবোৰ হেৰাই গ'ল 
মাথো থাকি গ'ল 
স্মৃতিৰ এলবামত সজীৱ হৈ  
প্ৰতিখন চিত্ৰপট 

কঢ়িয়াই লৈ ফুৰিছো   
এৰি অহা দিনৰ সুখ দুখ  
কিম্বা হাঁহি কান্দোনৰ 
একো একোখন জীৱন্ত মানচিত্ৰ 
এয়াই জীৱনৰ হৰা -জিকা খেল।

মনোৰমা দাস

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. নীল প্ৰজাপতি20 May 2022 at 09:25

    এক শাৰীত জীৱন।

    ReplyDelete
Post a Comment