আজিকালি চুৱাপাতনিলৈ নাযায়,
গৃহস্থও আধুনিক!
খাদ্যৰ অপচয় যে হয়!
চৰাইবোৰ আজিকালি দেখা যায়,
কোনোবা ৰাজআলিৰ কেঁকুৰিত,
কোনো অট্টালিকাৰ আঁৰত,
খাদ্যপ্ৰাণ মাংসসাৰৰ আদি সিহঁত।
মুখাপিন্ধা সভ্য সমাজৰ
বিশিষ্ট নাগৰিক সিহঁতে
আজিকালি বাঁহ নাসাজে,
ওখ ওখ অট্টালিকাৰ
কোনো হোটেলৰ কোঠাৰ অলংকাৰ সিহঁত!