এখিলা মৰহি যোৱা পাত-ৰীণা ৰাণী ডেকা

ফাগুনৰ মলয়া
বতাহ এছাটিৰ লগত
এখিলা মৰহি যোৱা পাত আহি পৰিলে
মোৰ কোলাত ।
স্মৃতিৰ সেউজ পাতবোৰ সেই বতাহেই
যেন উৰুৱাই নিলে ।
ক'লৈ জানো গুচি গ'ল
সেই দিনবোৰ 
সময়ৰ সাগৰত হেৰাই যোৱা ,
মিঠা সেই পলবোৰ ।
তেতিয়াওতো ফাগুন আহিছিল 
কিন্তু নাছিল আজিৰ দৰে শুকান !
নিস্তব্ধ , নিৰস
সকলো হাঁহি সকলো সুখ ।
এই মৰহা পাত খিলাৰ দৰে হৈ
পৰিছোঁ মই 
নিৰ্জীৱ অসহায় পাৰিজাত ।
বাৰিষাৰ বৃষ্টিয়ে পাৰিব জানো আনিব
মোৰ জীৱনৰ সেই ৰসালতা ? 

✍🏻ৰীণা ৰাণী ডেকা

Post a Comment

Previous Post Next Post