মানুহৰ জীৱনটো নানা সমস্যাৰে জৰ্জৰিত। কোন মুহূৰ্তত কি বিপদ আহে কোনেও নাজানে । কাৰণ বিপদে কেতিয়াও আগজাননী দি নাহে। কোনো এটা বিপদ যেতিয়া সমুখত দেখা দিয়ে সৰ্বসাধাৰণ মানুহ তেতিয়া শাৰীৰিক, মানসিক, আৰু আৰ্থিক এই তিনিটা কাৰণত দুৰ্বল হৈ পৰে। বহুত জনা লোকেও সময়ত একো নজনা হৈ পৰে কিয়নো বিভিন্ন জনে বিভিন্ন কথা কৈ মানুহৰ মনটো বিচলিত কৰে কিন্তু কোনেও সঠিক সিদ্ধান্ত আপোনাক দিব নোৱাৰে।তেনে মুহূৰ্তত আত্মীয়বোৰো আঁতৰি যায় আৰু কোনোবা অচিনাকিও কাষ চাপি আহে। এইয়া প্ৰায়বোৰ মানুহৰ লগতে হয়। যেনিবা মোৰ দেহত কিবা এটা ৰোগ হৈছে। মোৰ কি হৈছে মই ক'ত চিকিৎসা কৰিছোঁ, মই মৰিম নে বাচিম এইবোৰ জানিব বিচৰা মানুহবোৰ কেতিয়াও মোৰ নিজৰ হ'ব নোৱাৰে ।মোৰ মানুহ সেইবোৰহে যিয়ে দিনটোত এবাৰ ফোন কৰি হ'লেও খবৰ লৈছে, যিয়ে সাহসেৰে ক'ব পাৰিছে চিন্তা নকৰিবা আমি আছোঁ।
মানুহে মানুহক আৰ্থিক ভাবে সহায় কৰিব নোৱাৰিলে অন্ততঃ সাহস দিও জীয়াই ৰাখিব পাৰে । কাৰণ শৰীৰৰ ৰোগতকৈ মনৰ ৰোগ বেছি ডাঙৰ। মনত যেতিয়া কিবা এটা জটিল ৰোগ হৈছে নাবাচিম বুলি ধাৰণা এটা সোমোৱাই ল'ব সেই ধাৰণাৰ পৰা উলিয়াই মুক্ত কৰি দিয়া ব্যক্তিৰো সময়ত খুব প্ৰয়োজন হয়।সেয়ে বিপদৰ সময়ত সহায় কৰা ব্যক্তিক সদায় মই মহান বুলি ভাবো। সঁচাকৈ কিছুমান মানুহৰ ব্যক্তিত্বক কেতিয়াও পাহৰিব নোৱাৰি।বন্ধুৰ চিন বিপদত বুলি কথাষাৰ আছে নহয় , সেয়ে আজি মোৰ কালি আপোনাৰ। পাৰিলে সহায় কৰক নোৱাৰিলে সাহস দিয়ক।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ