শেৱালীৰ শুভ্ৰতাত অকা
মোৰ শাৰদীয় সপোন।
এজাক কোমল ৰিব ৰিব বতাহ।
এমুঠি যৌবনাদীপ্ত প্ৰেমৰ জোৱাৰ।
দুবৰি বনত তিতি থকা নিয়ৰ কণাৰ
অনাবিল সৌন্দৰ্য।
কল্পনাৰ সুগভীৰ নীল সাগৰত,
উটি ভাহি ফুৰা মোৰ শাৰদী প্ৰেম।
চিত্ত মতলীয়া কৰিব পৰা সুগন্ধি।
পবিত্ৰ আন্তৰিকতাত বান্ধ খোৱা
মুকুতা মণি ,শক্তিশালী অনুৰাগ।
বিশ্বাসৰ ভেঁটিত শাৰদী কোমল
সেউজীয়া হেঁপাহৰ কাৰেংঘৰ।
অবিনাশী শৰত, মুক্ত বিহংগ ,
এজাক সুখৰ বৰষুণ।
শৰতৰ স্নিগ্ধ জোনাক নিশা।
প্ৰাণ চঞ্চল মাদকতা
নান্দনিক মাধুৰ্যৰে ভৰা
অপৰূপা জ্যোতি,
মায়াময় অনামী মধুৰ অনুভূতি।
শৰতৰ স্নিগ্ধ জোনাক নিশা,
শেৱালীৰ শুভ্ৰতাত অকা
শাৰদী সপোন।।