তুমি যে নাই সেইদেখি,
এতিয়া আৰু হেঁপাহ নকৰো তোমাক পোৱাৰ
মাথোঁ মাজে মাজে বেজাৰত নিগৰে চকুৰপানী।
মোৰ শৰীৰৰ প্ৰতি অঙ্গে প্ৰবাহমান আছিল
তোমাৰ মিথ্যাৰ প্ৰেম,
তোমাৰ চলনাময়ী প্ৰেম।
তুমিটো ভালপোৱাৰ অভিনয় কৰি
মোৰ হৃদয়ত ভালপোৱাৰ বীজ গজাইছিলা,
আনকি এই হৃদয়েও যে প্ৰেম কৰিব জানে
সেইয়াও তুমিয়েই শিকাইছিলা,
শেষত নিপুণভাবেই মোৰ ভালপোৱা
তুমি মোৰ বুকুতেই হত্যা কৰিলা।
কোনে জানে এইবাৰ তুমি কাৰ হৃদয় বাচিবা!
আৰু কোনে জানে?
মোৰ দৰে আৰু কিমানৰ সৰল প্ৰেমত
সৰ্বদা জয়ী হৈ থাকিব তোমাৰ বিশ্বাসঘাতকতা।
✍️চিন্ময় বৰা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ