ভ্ৰাম্যমাণ নাট্যজগতৰ প্ৰদীপ কাকতি দেৱৰ বিষয়ে কিছু কথা

Rinku Rajowar
0
গৰু চৰাবলৈ গৈ গান গাই- গাই সময় অতিবাহিত কৰা সেই ল'ৰাজন আজি অসমৰ ভ্ৰাম্যমাণ নাট্যজগতৰ এজন প্ৰতিষ্ঠিত সংগীত পৰিচালক। আৰু তেখেত হৈছে ভ্ৰাম্যমাণ নাট্যজগতৰ স্বনামধন্য সুৰকাৰ, গীতিকাৰ,বাদ্যবাদক, কণ্ঠশিল্পী তথা সংগীত পৰিচালক শ্ৰদ্ধাৰ প্ৰদীপ কাকতি দেৱ।

              লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ পশ্চিম অংশদি বৈ যোৱা পিছলা নদীৰ নিচেই গাতে লাগি থকা পিছলাপাৰ নামৰ এখন ক্ষুদ্ৰ গাঁৱত ১৯৬৮ চনত জন্ম লাভ কৰিছিল প্ৰদীপ কাকতি দেৱে। তেখেতে সৰুৰে পৰা সংগীত ভাল পাইছিল।পথাৰত গৰু চৰাবলৈ গৈয়ে তেখেতে এজন লগৰ গৰখীয়া পদ্ম বিহাৰীৰ পৰা সংগীতৰ সান্নিধ্য লাভ কৰে।আৰু সেইজনেই তেখেতৰ সংগীত শিক্ষাৰ প্ৰথম গুৰু বুলি জনা যায়। তেখেতে নিজৰ গাঁৱতে গীতৰ মাজেৰে তেখেতৰ সোণালী শৈশৱ অতিবাহিত কৰে। তেখেতে স্কুলীয়া শিক্ষা তাতিবাহাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত সমাপন কৰি ১৯৮৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় আৰু তেতিয়াই তেখেতৰ শিক্ষা জীৱনৰ অৱনতি ঘটে। আৰু ১৯৯০ চনত  তেখেততকৈ কিছু বয়োজেষ্ঠ সংগীত শিল্পীৰ সান্নিধ্য লৈ পোনপ্ৰথমবাৰৰ বাবে অসমৰ ভ্ৰাম্যমাণ নাট্যজগতৰ লগত জড়িত হৈ পৰে।১৯৮৯ চনৰ পৰা ১৯৯১ চনলৈকে একাধাৰে তেখেতে লখিমপুৰ সংগীত মহাবিদ্যালয়ত আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি কিছু অসুবিধাৰ বাবে আধাতে সামৰিব লগা হয়।

              প্ৰদীপ কাকতি দেৱক সৰুৰে পৰাই বহুতো গন্যমান্য ব্যক্তিয়ে এই জগত খনত আগৱাঢ়ি যাবলৈ বহুত অনুপ্ৰেৰণা দিছিল তেখেত সকল হৈছে হীৰেন বৰা, প্ৰদীপ ভৰালী আৰু সুনন্দ বৰাৰ লগতে আন বহুতো লোকৰ অনুপ্ৰেৰণাত অনুপ্ৰাণিত হৈছিল। আৰু তাৰপিছতে তেখেতে নামনি অসমত বহুকেইজন বলিষ্ঠ সংগীত পৰিচালকৰ লগত কাম কৰি।অসমৰ ভ্ৰাম্যমাণ নাট্যজগতত খোজ পেলায়। বৰ্তমানলৈকে তেখেতে অসমৰ প্ৰায় ১৫ খনতকৈ অধিক ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত কাম কৰি আহিছে।যোৱা বৰ্ষত তেখেতে হিমাদ্ৰী থিয়েটাৰৰ লগত জড়িত হৈ আছিল।আৰু এই বৰ্ষত তেখেতে সংগীত পৰিচালনাৰ বাবে হিমাদ্ৰী থিয়েটাৰত চুক্তি বদ্ধ হৈছে।

           বৰ্তমান ভ্ৰাম্যমাণ থিয়েটাৰৰ সকলো তিতা মিঠা অভিজ্ঞতাৰে অভিজ্ঞ সংগীত পৰিচালকজন । আজিৰ পৰা ২০-২৫ বছৰ ভ্ৰাম্যমাণ নাট্যজগতৰ লগত জড়িত হৈ তেখেতে সকলো অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হৈছে।

           দুটা বছৰে ক'ৰনা মহামাৰীৰ কাল বিভিষিকাক পাহৰি তেখেতে বৰ্তমান আকৌ বিহু মঞ্চত সংগীত পৰিচালনা কৰিবলৈ সাজু হৈছে। ইতিমধ্যে বহু কেইখন আহ্বায়ক সমিতিয়ে তেখেতক নিমন্ত্ৰণো জনাইছে। তেনেদৰেই বৰ্তমান সংগীত পৰিচালকজনে তেখেতৰ জীৱনতো সুখ,দুখ, হাঁহি কান্দোন ঘাত-প্ৰতিঘাত আৰু আনন্দৰ মাজেৰে অতিবাহিত কৰি আছে।

        এইখিনিতে আমাৰ  তৰফৰ পৰা সংগীত পৰিচালক জনলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো তেখেতৰ জীৱনৰ অনাগত দিনবোৰ হৈ পৰক সুখ আৰু সমৃদ্ধিৰে ভৰপূৰ।


                        ◾ জয়ন্ত বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)