সৰা ফুলৰ পাপৰি তৃতীয় খণ্ড-মামণি বৰঠাকুৰ

©Admin
0
আবেলি কলেজৰ পৰা দুয়ো হোষ্টেললৈ বুলি বাট লৈছিল, তেনেতে দেখিলে, বিপৰীত দিশৰ পৰা ময়ুৰী সেইফালে আহি আছে। 
"ঐ দিবাকৰ সেইফালে চা !"
" হ'লেই আৰু আজি , কি কৰ এতিয়া? "
"উপায় নাই, যি হ'ব দেখা যাব।"
"আহক চৌধুৰী, চলিহা..... "
"এক মিনিট ৰ'ব, অলপ ফ্ৰেচ হৈ আহোঁ। "
"ঠিক আছে, মই ৰৈছো অলপ!"
দুয়োটাই খৰখেদাকৈ ৰুমলৈ গৈ কাপোৰ কানি সলায় আহিলগৈ । 
"আহক দেউতাই গাড়ী পঠিয়াই দিছে।"
ময়ুৰীৰ কথাত ঘুৰি চাই দেখিলে নতিদূৰত বগা এম্বেচেদৰ গাড়ী এখন ৰৈ আছে। 
"বʼলক গৈ আছো " দিবাকৰে কলে। 
ময়ূৰী অলপ আগবাঢ়ি গ'ল। 
"মোক যে কৈছিলি কোনোবাই হৰণ কৰিব এতিয়া তোলৈহে ভয় হৈছে, যিহে সাজি, কাচি আহিছ।" দিবাকৰে ব্ৰজেনক জোকাবলৈ ক’লে। 
"হ'ব মহাশয় আপুনিও কম ভকত নহয় "! 
পুনৰ হাঁহি..! 
" আহক!"
ময়ুৰীয়ে গাড়ীৰ দুৱাৰখন খুলি দিলে। দুয়ো বহাৰ লগে লগেই গাড়ী চলিবলৈ ধৰিলে। 
"আপোনালোক মোৰ ব্যৱহাৰত আচৰিত হৈছে নহয়?"
ময়ূৰীৰ কথাত চক খোৱাৰ দৰে দিবাকৰে ক’লে
" নাই নাই, কিয় আচৰিত হ’ম, তেনে কথা নহয়!"
" শুনক বাৰু, কিয়নো ইমান জোৰ কৰি আপোনাক মাতি আনিছো। আজি প্রায় ছমাহ মান আগতে দিবাকৰ চৌধুৰীৰ উপন্যাস, মধুচন্দ্রা পঢ়ি মই বৰ অভিভূত হৈ পৰিছিলোঁ। আৰু দেউতাইও পঢ়ি বৰ ভাল পালে। তেতিয়া দেউতাই কৈছিল, দিবাকৰ চৌধুৰী বোলে মোৰ জেঠাইৰ ল'ৰা, মোৰ দাদা। 
আনন্দতে মাৰ হাতত কিতাপখন দি আপোনাৰ খুউব প্রশংসা কৰিছিল। মোৰ তেতিয়া খং উঠিছিল দেউতাৰ ওপৰত। কাৰণ সাহিত্যত ৰাপ থকা মানুহক মই খুব ভাল পাওঁ। তাতে এজন লিখক মোৰ দাদা, মই চিনি নাপাওঁ। তেতিয়াৰ পৰাই মই আপোনাৰ লগত চিনাকি হ'বলৈ বিচাৰি আছো। আৰু দেউতাই কিবা প্রকাৰে আপুনি ইয়াত থকা কথা গম পাই মোক ক'লে, 
"তই নিজে ককায়েৰৰ লগত চিনাকি হৈ ঘৰলৈ লৈ আহিবি, তেতিয়াহে গম পাম, তোৰ ককায়েৰলৈ কিমান মৰম।"
"ময়ো খবৰ কৰি গম পালো আপুনিয়ে সেইজন মোৰ দাদা। গতিকে দেউতাৰ ওচৰলৈ লৈ আহিছো।"
কথাখিনি কৈ ময়ূৰী অলপ ৰ'ল। 
"উ:ৰক্ষা, মই আকৌ আপোনাৰ....... "
দিবাকৰে কোৱাৰ আগতেই ময়ূৰীয়ে কʼলে.... 
"আপুনি নহয় তুমি..... "
"অহ্ চৰি, তোমাৰ কাণ্ড দেখি মই আকৌ ভয়ে খাইছিলোঁ, যিহে জোক লগাৰ দৰে লাগিছিলা...... "!গোটেই কেইজনে হাঁহিবলৈ ধৰিলে। মুহূর্ততে পৰিৱেশটো আপোন হৈ পৰিল। 

      ক্ষন্তেক পাছতে গাড়ী আহি এটা প্রকাণ্ড ঘৰৰ আগত ৰ'লহি। তিনিও নামিল। ড্ৰাইভাৰজনে গাড়ী খন গেটৰ ভিতৰৰ ফালে লৈ গ'ল। 
দুয়োকাষে দুখন সুন্দৰ ফুলনী। বতাহত নাচি থকা ফুলৰ থোপাবোৰৰ পৰা চৌদিশে পাপৰিবোৰ সিঁচৰতি হৈ পৰিছে। সন্ধিয়াৰ আকাশত অস্তগামী সুৰুযেও যেন নীলিমাৰ লগত লুকাভাকু খেলিছে। 
বতাহে উৰুৱাই অনা সৰা ফুলৰ পাপৰিয়ে তিনিওকে যেন আদৰণিহে জনাইছে। 

        মুগ্ধ হৈ আপোন ভাৱত বিভোৰ হৈ দীঘলীয়া পদূলীটোৰে আহি সুন্দৰ ঘৰ এটাত প্রৱেশ কৰিলে। 
ময়ূৰীয়ে কলিংবেলত হাত দিয়াৰ লগে লগে, প্রায় দহ বছৰমান বয়সৰ ল'ৰা এজনে দুৱাৰ খুলি দিলে। 
সুসজ্জিত ড্ৰয়িংৰূমটোত ধূপৰ সুগন্ধি বিয়পি আছে। 
ময়ূৰীয়ে কলে, "আপোনালোক বহক, মই মা, দেউতাক মাতি দিছো। " কৈ ভিতৰ সোমাল।
পাছে পাছে সৰু ল'ৰাটো। 
"ঐ ব্ৰজেন প্রফেচাৰৰ দালান, ক'ত পায় অ, ইমান টকা....? "
"ঐ তোৰ মহা হয় কিন্তু তেনেকৈ কিয় কৱ? "
"হওঁক তাৰপৰা....... "
ক'বলৈ লওঁতেই ময়ুৰী সোমাই আহিল। লগত মাক, দেউতাক। 
"এয়া দিবাকৰ দাদা, আৰু এওঁ দাদাৰ বন্ধু ব্ৰজেন চলিহা। "
দুয়ো থিয় হৈ নমস্কাৰ জনালে। প্রতি নমস্কাৰ জনাই
দেউতাকে কলে, 

"বহা বহা ডেকা লৰা, বুজিছা মই এইৰ পৰা তৎ নোপোৱা হৈছো, ককায়েক এটা নাই বুলি সদায় আপত্তি, আজিহে চাগে শান্তি পাইছে। বাৰু তোমাৰ ঘৰৰ খবৰ কোৱাচোন, মা, দেউতা কেনে আছে? "
দিবাকৰে কলে "ঘৰত বৰ্তমান ভালেই। "
ময়ূৰীৰ মাকে মাত দিলে,

"দেবু সঁচাকৈ বহুত ডাঙৰ হ'লা, বাটে-পথে দেখিলেও চিনি নাপালোহেঁতেন! "

        দেবু নামটো শুনাৰ লগে লগেই দিবাকৰৰ মনত পৰিল, এই নামটো সি বহুত সৰুতে শুনিছিল, এজনী মাহীয়েকৰ মুখত! তেনেহলে সেই বীনা মাহীয়ে এই জনী নেকি! মাকেনো তাক ইমান দিন তাক কিয় কোৱা নাছিল? আগতে এই মাহীজনী প্রায়েই সিহঁতৰ ঘৰলৈ যায়, লগত সৰু ছোৱালী এজনী লৈ। এই ময়ূৰীয়ে সেই ছোৱালী জনী? 
বিভিন্ন চিন্তাই দিবাকৰক নিৰ্বাক কৰিলে। 

      হঠাৎ সকলোৱে হাঁহি উঠিল। চক খাই উঠিল সি দেখিলে, ব্ৰজেনে ইতিমধ্যে হাঁহিৰ সফুৰা খুলিলেই। 
মাহীয়েকে ব্ৰজেনক সুধিলে... 
"তোমাৰ নাম কি আছিল বুলি ক'লা? "
"মোৰ নাম ব্ৰজেন চলিহা "! 
" ঘৰ ক'ত আছিল? 
"ব্ৰজেনৰ ঘৰ তেজপুৰত, এইবছৰ মেডিকেল কলেজত নামভৰ্তি কৰিছে। মোৰ ভাল বন্ধু। দেউতাক জ্যোতি প্রকাশ চলিহা। হাইস্কুলৰ শিক্ষক। আৰু... ... "
"তই দেখিছো, এতিয়া, গুৰি গোষ্ঠী চব গাই গৈছ... "
ব্ৰজেনৰ কথাত হাঁহিৰে ৰজনজনাই গ'ল চৌদিশ। 
ময়ুৰীৰ দেউতাকে ক’লে "তোমালোকে ইয়াত ভাত খাই যাবা "! 
" নহয় মহা আজি নাখাওঁ। সোনকালে হোষ্টেল পাবগৈ লাগিব, বেয়া নাপাব। "
"ঠিক আছে তেনেহʼলে, আহি থাকিবা, নিজৰ ঘৰ বুলি, "
"আহিছো দেই" 
সকলোকে মাত লগাই দুয়ো ওলাই আহিল। 
অচিনাকি ঠাইত আহি ঘৰ এখন পায় দুয়ো সুখী হ'ল...! 
দিন বাগৰাৰ লগে লগেই, দুয়ো ব্যস্ত হৈ পৰিল। ক্লাচবোৰো সুন্দৰ ভাৱে কৰি গ'ল। 
লাহে লাহে.... .............. 


আগলৈ

✍️মামণি বৰঠাকুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)