ধোৱাখুলিয়া মানুহবোৰে
হামি এটা মাৰি
গাটো জোকাৰি
উঠিছে ।
এৰা
শুই শুইও
ভাগৰ লাগে দিয়কচোন
খুছি দিলেও
পি পু সি শু
ক'ত লৰিব গা ।
এতিয়া উছৱটো আহিছে যে
ধপলিয়াই মৰিছে
নাচিব লাগে
গাব লাগে
দৌৰিব লাগে
কি যে কৰিব নালাগে
চকুৰে সৰিয়হ ফুল দেখিছে ।
নাচিব নাজানি
চোতাল বেকা বুলি দুষিছে
ফাট মেলা বসুমতী
পাতালে লুকাওঁ ।
এনেদৰে
উছববোৰ আহিব লাগে
তেহে চৰাই চিৰিকটিবোৰৰ
এলেহুৱা গাবোৰ লৰে
নহ'লে যে কানিৰ
নিচাই নাফাটে ।।
✍️হেমেন হাজৰিকা
ৰাণী কামৰূপ অসম