তিমিৰ তমসা ৰাতি ৰিব ৰিব বতাহত
উৰি ফুৰা জোনাকী পৰুৱা এটি
তাৰ দেহৰ ঢিমিক ঢামাক পোহৰত মই
দেখা পাওঁ তোমাৰ প্ৰতিচ্ছবি।
পোহৰৰ তালে তালে তুমিও যোৱা
মোৰ পৰা বহু দূৰলে আঁতৰি ।
আন্ধাৰবোৰ খেপিয়াই খেপিয়াই মই তোমাক বিচাৰি যাওঁ ।
কেতিয়াবা পোন বাটে আৰু
কেতিয়াবা .........
কেতিয়াবা পিছলি পৰো খালে- ডোঙে
পুনৰ উঠি বাট বুলো জোনাকী পৰুৱাটোৰপিছে পিছে...........।
হঠাৎ জোনাকী পৰুৱাটোৰ পোহৰ স্তিমিত হৈ
ক'ৰবাত নোহোৱা হ'ল।
মোৰো সীমনা অসীমত হেৰাই গ'ল ।
✍️ মিনাক্ষী দত্ত
ধেমাজি (মাছখোৱা )
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ