মহান শ্ৰমিক তোমাক প্ৰণাম

মাতৃৰ শ্ৰমৰ বিষময় বেদনা 
সহ্য কৰি দিলে জন্ম নাম দি সন্তান |
পিতৃৰ টোপাল ঘাম ৰ'দৰ  তাপত 
ৰাতিলৈ বুলি এসাজ ভাত মুখৰ আগত |
নাৰীৰ ত্যাগ অতিকৈ আচম্বিত
জন্ম হৈ মৃ্ত্যু হয় আন এখন ঘৰত |
আই আহিল হৈ বৃদ্ধ সময়ৰ লগত 
বিহু পিঠা বনাবলৈ নাই গাত বল | 
আনফালে জীয়ৰী লোকৰ ঘৰত  ব্যস্ত 
আলহি অতিথিৰে ভৰিব বিহুৰ বতৰ, 
তথাপিও নুবুজে কেওৱে আনৰ কষ্ট 
সকলো ফালৰ পৰা নাৰীয়ে বোলে কলংকিত |
পিতৃয়ে বোলে জী মোৰ বুকুৰ কুটুম 
নিদিবা জোঁৱাই ৰাখিবা কৰি বুকুৰ আটোম |
বিস্তীৰ্ণ পৃথিৱীৰ নুবুজো অৰ্থ 
মোৰ বাবে ই নহয় ইমান সহজ সাধ্য |
যাচি নিজৰ জীৱন কৰি থৈছিল কোনোৱে কষ্ট 
সেইবাবে  আজি আমি মুক্ত আকাশত বিচলিত |
প্ৰণামিছো আজি মই সেইসকললোকক 
শ্ৰমিক দিৱসৰ প্ৰকৃত প্ৰাপ্তি তেওঁলোকৰ ওচৰত | 
নুবুজো, নাভাবো  আৰু একো মই 
মোৰ মনত আই বোপায়ে আজি প্ৰকৃত  
প্ৰাপ্য শ্ৰমিক দিৱসৰ আসন | 
         

মনালিছা বনিয়া 

Post a Comment

Previous Post Next Post