পলাশ ফুলা আবেলিটোত দেখিছিলো তোমাক;
সেইদিনা ভাৱনাত উৰে ৰাতি নামিছিল জোনাক।
বুকুৰে বৈ আহিছিল এজাক সুকোমল বতাহ;
ক্ৰমশঃ গতি কৰিছিল মোৰ পৰা তোমালৈ
এডৰা কুঁহুমিয়া উশাহ।
এইয়া তোমাৰ কি চাৱনি?
নোসোধাকৈয়ে গোলপীয়া ওঁঠৰ হাঁহিয়ে যে
ল'ব বিচাৰে মোৰ হৃদয়ত জিৰণি,
কেনেকৈ বাৰু ল'লা শৈঁৱল ধৰা বুকুত খোপনি?
আঘাত কৰিলেও দেখোন বুকুত নধৰে পুৰনি।
নাচাওঁ বুলিও অনবৰতে তোমাৰ চকুলেহে চাওঁ
মনৰ হাবিয়াস সুমঠিৰা হৈ নুফুলা লৈ ৰওঁ,
"তোমাক ভালপাওঁ"এনেকৈটো ইমান সহজতে ক'ব নোৱাৰো
হেৰুৱাৰ ভয়ে থেকেচি মাৰে মোকো।
✍🏻অৰূপ কুমাৰ