ষষ্ঠ মুখ-হেমেন হাজৰিকা

©Admin
0
      বিশাল পৰিধিত
      তুমি এটা ক্ষুদ্ৰ জোনাকী
     সেই কথাটোকে
     বুজিও কিয় অবুজন হোৱা  ।।

     অৰুণিমা
    পঞ্চমুখৰ বিপৰীতে
    এখন মুখ থাকে
    তোমাৰ চকুত
    ধোৱা দিবলৈ  ।।

    ষষ্ঠমুখে 
    আগুৱাব নিদিয়ে 
   নিজৰ ছাটো
   চুটি হোৱাৰ আশংকাত  ।।

   তুমি অৰুণিমা হৈয়ে থাকা
   আকাশক বিশাল বুলি
   ক'ব লাগে নেকি
   সাগৰত ইমান উৰ্মি কিয়
   সাগৰক সোধে নেকি  ?

   বতাহ বলিবলৈ দিয়া
   তুমি অৰুণিমা হৈয়ে
   ঠিয় হৈ থাকা
  বিশালতাই নিজে
  ধৰা দিব তোমাক  ।।

      
হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)