দীঘল সুতাসদৃশ হুমুনিয়াহবোৰ!
অশান্ত মনটো বাৰে বাৰে
উচুপি উঠে নীৰৱে!
জ্যামিতিৰ অংকবোৰৰ দৰেই
খেলি - মেলি হৈ যায়
জীৱন ডায়েৰীৰ পৃষ্ঠাবোৰ!
নিস্তব্ধতাৰ মাজত মাথো
হৃদয়ে বিচাৰে....
হেৰাই যোৱা জীৱনৰ আঁত!
চকুলোৰে ওপচা দুচকুত
মাথো অগাদেৱা কৰেহি
পাহৰা গানৰ হেৰুৱা বাঁহীৰ সুৰে!
গগণফলা আৰ্তনাদ কৰিলেও
কোনেও নুশুনে!
মনৰ গভীৰ নিজানত মাথো
বিবেকে কান্দে নীৰৱে!
✍️নয়না নাথ,লাউজান
চাৰিআলি।