দুৰ্মদ বীৰ জোৱানৰ নয়ন ৰক্তাক্ত হৈ পৰিছে।
মস্তিষ্কত কেৱল প্ৰতিশোধৰ বিভীষিকা।
দেহৰ প্ৰান্তে প্ৰান্তে, প্ৰতিশোধৰ অগ্নিতাণ্ডৱ।
এহস্তত ৰক্ষক ঢাল।
এহস্তত শত্ৰু বিনাশী তৰোৱাল।
আজি পৰশত্ৰুৱে হয়তো কাটিব শিৰ।
নতুবা মাতৃৰ মুখেৰে গৰ্বিত লয়ত বাজিব,
শত্ৰু চিৰমুক্তিৰ গীত।
পৰশত্ৰুৱে ৰণশংখৰ ধ্বনি এৰিছে।
আত্ম ৰণশংখৰ ধ্বনিও পৰশত্ৰুক শুনাইছে।
আৰম্ভ হ'ল-
এক শত্ৰু বিনাশী ৰণ।
কেৱল চৌদিশে ৰক্তৰ হলি।
যদি পৰশত্ৰুৱে কাটিছে হস্ত।
আপোনা যোদ্ধাই কাটিছে শিৰ।
এনেদৰে ৰণ নিৰাকাৰ চালিত।
পৰশত্ৰু যেন ছিন্ন-বিচ্ছিন্ন।
আপোনা যোদ্ধাৰ দ্বাৰা।
ৰণৰ ইতিও নিলগত চাপিছে।
দিবাকৰেও অৰুণৰাগক বিদায় দিছে।
বিজয় যেন নিশ্চিত।
মৃদু লয়ত বাজিছে জয়গান।
আকৌ এফালে জননীয়ে,
সন্তানৰ বিজয়ত আত্মহাৰা হৈছে।
গীত জুৰিছে বিজয়ৰ।
আহ্বান জনাইছে,
পৰ্বত-পাহাৰক, নদ-নদীক,বিহংগীক।
বিজয়ৰ জয়গান গাবলে'।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ