স্থিতপ্ৰজ্ঞস্য কিমাসীতা -চুমিন্দ্ৰ চৌধুৰী

©Admin
0
( আসক্তি, ক্রোধ আৰু হতাশা  মুক্তিৰ মহা মন্ত্র) 

এবাৰ জাপানৰ এগৰাকী প্ৰসিদ্ধ জৈন বৌদ্ধধৰ্মৰ গুৰুক তেওঁৰ এজন অনুগামীয়ে নিজৰ গৃহত অনুস্থিত কৰা এখন প্ৰাৰ্থনা সভালৈ আমন্ত্ৰণ কৰিছিল। সেই আমন্ত্রণ মৰ্মে যথা দিনাখন  অনুগামীজনৰ চহৰত থকা বিশাল  অট্টালিকা এটাৰ সপ্তম মহলাৰ প্ৰাৰ্থনা গৃহত ধৰ্ম জ্ঞান দিবলৈ জৈন গুৰুজন শিষ্য সমন্বিতে একত্রিত হৈছিল। পাছে দৈব্য দুৰ্বিপাকত সেইদিনাখন প্ৰাৰ্থনা সভা চলি থকাৰ সময়তে এক প্ৰলয়ংকাৰী ভূমিকম্পই সমগ্ৰ জাপান কপাই তুলিছিল। ভূঁইকঁপৰ প্ৰচণ্ড জোকাৰণিৰ বাবে  চহৰবাসী আতংকিত হৈ প্ৰাণৰ মমতাত ছেদেলি-ভেদেলি হৈ পৰিছিল।  সাত মহলাৰ প্ৰাৰ্থনা গৃহত একত্রিত হোৱা ভক্তসকলেও নিজৰ নিজৰ জীৱন বচাবলৈ অট্টালিকাৰ তলত থকা বাগিচা খনলৈ প্ৰাণটাকি দৌৰিছিল। গৃহস্থ অনুগামীজনেও প্ৰাণৰ মমতাত সাত মহলাৰ পৰা তললৈ দৌৰি থাকোঁতে পঞ্চম মহলাৰ চিৰিখনতে বহু লোকৰ ভিৰৰ মাজত আৱদ্ধ হৈ পৰিছিল। ঠেলা হেঁচা ল'গা মানুহৰ ভিৰৰ মাজত গৃহস্থ অনুগামীজনে বাকীবোৰ অতিথিৰ সৈতে  জৈন গুৰুজনক নেদেখি চিন্তাম্বিত হৈ পৰিছিল। গুৰুজন দুৰ্ভাগ্যবশতঃ কোঠাৰ মাজতেই আৱদ্ধ হৈ থাকিল বুলি আশংকা কৰি অনুগামীজনে ক্ষন্তেক সময়ো পলম নকৰি সপ্তম মহলালৈ ঢাপলি মেলিছিল। 
কিন্ত এইয়া কি? 
জৈন গুৰুজন দেখো এইহেন বিপদসংকুল সময়তো নিৰ্বাক নিৰ্বিকাৰ হৈ বহিথকা স্থানতে ধ্যানমগ্ন হৈ আছে। জৈন গুৰুজনৰ নিৰুদ্বেগ শান্ত শৌম মুখাৱয়ব দেখি অনুগামীজনে থতমত খাইছিল। দেখাত তেওঁক সাইলাখ প্ৰভূ  অমিতাভৰ দৰেই লাগিছিল।   ভূমিকম্পৰ জোকাৰণি ইতিমধ্যেই  সামকটাত গৃহস্থ অনুগামীজনে কিবা কোৱাৰ আগতেই জৈন গুৰুজনে চকু মেলিয়েই পুনৰ ধৰ্ম জ্ঞানৰ ভাষণ দিব লৈ আৰম্ভ কৰিছিল। হতচকিত অনুগামীজনে তেতিয়া জৈন গুৰুজনক সাষ্টাঙ্গে প্ৰণাম কৰি  কৈছিল, প্ৰভূ ক্ষমা কৰিব।দৰাচলতে আপুনি  আপোনাৰ ভাষণ কোন ডোখৰত এৰিছিল মোৰ একেবাৰেই মনত নাই।তদুপৰি অলপ আগতে মেদিনী কঁপাই যোৱা ভূঁইকঁপৰ প্ৰলয়ৰ মাজত আমি সকলোৱেই আতংকিত হৈ যেনি-তেনি লৱৰি ধপৰি অট্টালিকাৰ তলত থকা বাগিচাখনলৈ ধপলিয়াই গৈছিলো। আপোনাক ভিৰৰ মাজত নেদেখি  আসন্ন বিপদৰ আশংকা কৰি মই উভতি আহিছোঁ। কিন্ত আপুনি ইয়াতেই ভয় সংকোচ নকৰাকৈ  দ্বিধাহীন ধ্যানত মগ্ন হৈ থকা দেখি তবধ মানিলোঁ। সংঘটিত হৈ যোৱা এই বিপদৰ সময়ত আপোনাৰ মনত অকনো শংকাৰ সৃষ্টি হোৱা নাছিল নে? কি অলৌকিক শক্তিৰ ভৰষাত আপুনি ইমান ভয়ংকৰ বিপদৰ সময়তো সুস্থিৰতাৰে ধ্যানত মগ্ন হৈ থাকিব পাৰিছিল তাৰ বিষয়ে  সবিশেষ জানিবলৈ খুব মন গৈছে প্ৰভু।
এটা দীঘলীয়া উশাহ টানি জৈন গুৰুজনে অনুগামীজনক কৈছিল ।  ভয় মোৰো লাগিছিল।ময়ো আতংকিত হৈ দৌৰিছিলো।  তোমালোকে ভয়ত বিতত হৈ সাতমহলাৰ পৰা বাহিৰলৈ দৌৰ ধৰিছিলা। ছয় মহলা,পাঁচমহলা, চাৰিমহলা, তিনিমহলা, দুই মহলাৰ পৰা সকলো মানুহ আতংকিত হৈ বাহিৰলৈ আৰু বাটে-পথে বাহিৰত থকা সকলে নিৰাপত্তা বিচাৰি  ভিতৰলৈ ধপলিয়াই লৰ মাৰিছিল। মুঠৰ ওপৰত যিয়েই যেনি  পাৰে তেনিয়েই সকলোৱেই প্ৰাণৰ মমতাত দৌৰিছিল। ময়ো উৎকন্ঠিত হৈ দৌৰিছিলো মোৰ নিজৰ ভিতৰত থকা একেবাৰে সুৰক্ষিত স্থানলৈ। যিটো স্থানত উপস্থিত হোৱাৰ পাছত হেজাৰ এনে ভূমিকম্পইয়ো মোৰ একো ক্ষতি সাধন কৰিব নোৱাৰে।মোৰ ভয় লাগিছিল জানোছা সেই সুৰক্ষিত স্থান পোৱাৰ আগতেই অট্টালিকাটো ভাঙি পঢ়াৰ বাবে মই আঘাত প্ৰাপ্ত হৈ পৰো অথবা মোৰ মৃত্য ঘটে। মৃত্যুলৈ মই ভয় নকৰো।  সূৰ্য্য উদয় হ'লে অস্তও হ'ব।  ভূমিষ্ঠ হোৱাৰ আগতে যিদিনাই আমি মাতৃৰ গৰ্ভত সঞ্চাৰি হৈছিলো সেই দিনাখনৰ পৰাই আমি মৃত্যুৰ ফালে এখোজ-এখোজ কৈ আগুৱাই গৈ আছোঁ। তদুপৰি আমি যদি জুকিয়াই চাওঁ প্ৰতিটো মুহুৰ্ততে ঘটা শ্বাস আৰু প্ৰশ্বাসো জীৱন আৰু মৰণৰ এক প্ৰক্ৰিয়া মাথোন।নিশাহত দেহৰ আমাৰ দেহৰ পৰা নিৰ্গত বায়ু যদি পৰৱৰ্তী উশাহত উভতি নাহে তেতিয়াই আমাক মৃত বুলি কোৱা হ'ব।গতিকে প্ৰতিটো মূহুৰ্ততে আমি মৰো আৰু জী উঠোঁ। গতিকে মৃত্যুৰ ভয় মোৰ বাবে অপ্ৰাসংগিক। কিন্তু মোৰ ভিতৰত থকা সুৰক্ষিত স্থানত উপস্থিত হৈ মই মৰা আশা কৰোঁ। কাৰণ সেই সুৰক্ষিত স্থানত উপস্থিত হোৱাৰ পাছত ঘটা  মোৰ কায়াৰ মৃত্যু মোৰ বাবে  নিৰৰ্থক। 
জৈন গুৰুজনৰ উত্তৰ শুনি অনুগামীজনে একো নুবুজি তেওঁৰ  ভৰিত দীঘল দি পৰি কৈছিল, প্ৰভূ আপোনাৰ কথা এই মুৰুখে একো বুজিব পৰা নাই। আপোনাৰ ভিতৰত থকা সুৰক্ষিত স্থানখনৰ বিষয়ে অলপ বুজাই কওঁক মহাত্মা।
জৈন গুৰুজনে অনুগামীজনক উদ্দে্শ্যি পুনৰ সৰলতাৰে কৈছিল, বাচা একমাত্ৰ কঠোৰ ধ্যানৰ অনুশীলনৰ জৰিয়তে এজন মানুহে নিজৰ ভিতৰত থকা সেই সুৰক্ষিত স্থানত উপস্থিত হ'ব পাৰে।এই স্থানত উপস্থিত হ'বলৈ এজন মানুহ প্ৰথমেই কাম,ক্রোধ লোভ, মোহ, শোক, সুখ, আনন্দ, বিষাদ, ৰোগ আৰু জ'ৰা তথা দুখ বেদনা আদি চিন্তাৰে অস্থিৰ নিজৰ মনটোক নিজৰ নিয়ন্ত্ৰণত ৰাখি ধ্যানত আত্ম বিলীন হ'বলৈ কঠোৰ অনুশীলন কৰিব লাগিব। এইদৰে কৰা ধ্যানৰ কঠোৰ অনুশীলনৰ অন্তত এদিনাখন তোমাৰ  স্থিতপ্ৰজ্ঞ প্ৰাপ্তি হ'ব। অৰ্থাত তুমি স্থিৰ বুদ্ধি লাভ কৰিবা। সেই অৱস্থাত তেতিয়া   আকাল-বিকাল , সুখ-দুখ , জৰা-মৃত্য, ৰোগ-ভোগ, কাম-ক্রোধ, ধন-সম্পত্তি লোভ-মোহ, সকলোবোৰ তোমাৰ বাবে ভাবলেশহীন হৈ পৰিব, আঘাতপ্ৰাপ্ত হৈয়ো তুমি একোৱেই কষ্ট অনুভৱ নকৰিবা, ধন-ধানে গজগজীয়া হৈয়ো উদাসীন হৈ থাকিবা,কোনোবাই তোমাক উপহাস অথবা খঙ কৰিলেও তুমি নিৰ্বিকাৰ হৈ থাকিবা।পৃথিৱীৰ কোনো বৈষয়িক অনুভৱে তোমাক বিচলিত কৰিব নোৱাৰিব।তোমাৰ বাবে মৃত্যু তথা অমৰত্বৰ কোনো পাৰ্থক্য নাথাকিব।গতিকে বাচা নিজে বুদ্ধিৰ অধীন নহৈ নিজৰ জ্ঞান তথা বুদ্ধিক যিজনে স্থিৰ কৰি ৰাখিব পাৰে তেৱেঁই হৈছে স্থিতপ্ৰজ্ঞ। আৰু স্থিতপ্ৰজ্ঞ একমাত্ৰ যোগ সাধনাৰ জৰিয়তেহে প্ৰাপ্তি লাভ কৰিব পাৰি।যোগ শক্তিৰ বলত যেতিয়া স্থিতপ্ৰজ্ঞ প্ৰাপ্তি লাভ কৰিবা তুমিও তেতিয়া  মোৰ দৰে নিজৰ ভিতৰত থকা বিশেষ স্থানত উপস্থিত হৈ সৰ্বদাই সুৰক্ষিত হৈ থাকিবা ।

জৈন বৌদ্ধ ধৰ্মৰ গুৰুজনে কোৱা একেখিনি কথাই প্ৰায় সাত হেজাৰ বছৰ আগতে শ্ৰীমদ্ভগৱদগীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জ্জুনক কৈছিল, হে পাৰ্থ তুমি আত্মিক যোগবলৰ দ্বাৰা নিজৰ অন্তৰাত্মাৰ জৰিয়তে পৰমাত্মাক চিনিব লৈ  চেষ্টা কৰা।স্থিতপ্ৰজ্ঞৰ দৰে নিষ্কাম কৰ্ম কৰি যোৱা। 
তেতিয়া অৰ্জ্জুনে ভগৱান শ্ৰীকৃষ্ণক সুধিছিল-
"স্থিতপ্রজ্ঞাস্য কা ভাসা সমাধিস্থস্য কেশৱ।
 স্থিতধিঃ কিং প্রভাসেত কিমাসীতা ব্রজেতা ।।"
 
হে কেশৱ,  স্থিতপ্ৰজ্ঞ মানে কি ? স্থিতপ্ৰজ্ঞ লোক সকলৰ উঠা,বহা চালচলন ,কথা বতৰা কেনেকুৱা হয়? অলপ বুজাই দিয়াচোন। 
   অৰ্জ্জুনৰ প্ৰশ্নৰ উত্তৰত মহাপ্ৰভু বাসুদেৱ নন্দনে কৈছিল -

শ্লোক :০১

" প্রজাহাতি ইয়াদা কামান সর্বান পার্থ মনোগতান।
আত্মান্যেৱত্নামানা তুস্থা স্থিতপ্রজ্ঞাস্তদোচ্যতে।"

টঅৰ্থাত হে পার্থ, যিজন ব্যক্তিয়ে মনৰ  সমস্ত বাসনা সম্পূৰ্ণৰূপত পৰিত্যাগ কৰি নিজে নিজৰ মাজত আত্মীয়সুখ তথা প্ৰশান্তি বিচাৰি পাই তেওঁকেই স্থিতপ্ৰজ্ঞ ব্যক্তি বুলি কোৱা হয়। 

শ্লোক :০২

"দুখেষভানুদ্ভিগনামাঃ সুখেষু বিগতস্পৃহঃ।
ভিতৰাগভয়ক্রোধঃ স্থিতধিৰ্মুনিৰুষ্যতে ।।"

অৰ্থাত যিজন ব্যক্তি প্ৰতিকূল পৰিস্থিতিটো কম্পিত নহয়, ভোগ বিলাসিতাৰ প্ৰতি নিষ্পৃহ  হৈ থাকে  আৰু  আসক্তি, ভয় ও ক্রোধৰ পৰা মুক্ত  তেওঁকেই স্থিৰ বুদ্ধিৰ মুনি বুলি  কোৱা হ'য় । 

 শ্লোক :০৩
"য়হঃ সর্বত্রানাভিষ্ণেহস্তত্তত্প্রাপ্য শুভাশুভম্।
 নাভিনন্দতি না দ্বেষ্টী তস্য প্রজ্ঞা প্রতিষ্টিতা ।।"

অৰ্থাত জ্ঞান প্রতিষ্ঠিত ব্যক্তিৰ কোনো বস্তুৰ প্ৰতিয়েই আকৰ্ষণ তথা  আসক্তি নাই সেই বাবে তেওঁলোকে সন্মুখীন হোৱা জীৱনৰ  যিকোনো পৰিস্থিতি অথবা বস্তুক ভাল-বেয়া দৃষ্টিভংগীৰে গ্ৰহণ অথবা প্রত্যাখ্যান নকৰে। নিৰাসক্ত আৰু নিষ্কাম কৰ্ম কৰা স্থিতপ্ৰজ্ঞ লোকে সেই বাবে প্ৰসংশা অথবা নিন্দাৰ ভাষাৰে কথা নকয়। 

শ্লোক :০৪

"য়দা সংহারতে চায়ং কুরমোঙ্গানিভ সর্বশঃ।

 ইন্দ্রিয়নীন্দ্রিয়ার্থেভ্যাস্তস্য প্রজ্ঞা প্রতিষ্টিতা।।

অৰ্থাত কাছই যিদৰে আগজাননী পালেই ভৰি আৰু মুৰ দেহৰ কঠিন খোলাটোৰ ভিতৰত সুমুৱাই লয় ঠিক তেনেদৰে এজন স্থিতপ্ৰজ্ঞ লোকে নিজৰ মনটো  ইন্দ্ৰিয়ৰ সুখৰ বাবে ইন্দ্ৰিয়ৰ দ্বাৰা পৰিচালিত হোৱাৰ আগতেই ইন্দ্ৰিয়ৰ পৰা সম্পূৰ্ণ নিলগাই ৰাখে।ইন্দ্ৰিয়ৰ পৰা আঁতৰি তেওঁলোকে সমাধিত বহি পৰে। সেইয়াই হৈছে এজন স্থিতপ্ৰজ্ঞ ব্যক্তিৰ ভাৱাবেগহীন মনৰ পৰম অৱস্থা।

শ্লোক :০৫

বিষায়া বিনিবর্তন্তে নিৰাহাৰস্য দেহিনঃ।

 ৰসবর্জং ৰসোঁপস্য পৰাং দ্রৃষ্টভা নিবর্ততে।।" 

অৰ্থাত আত্মোপলব্ধিৰ  স্ব অভিজ্ঞতা অবিহনে আসক্তিৰ নাশ অসম্ভৱ।স্থিতাপ্রজ্ঞা ব্যক্তি এজনে সদায় আত্মপ্রতিষ্ঠাৰ মাধ্যমেৰে  নিৰাসক্ত  হৈ পৰে।
 
 দয়াময় গোবিন্দৰ মুখে স্থিতপ্ৰজ্ঞতাৰ বিষয়ে সবিশেষ জনাৰ পাছত ধনুৰ্ধৰ অৰ্জ্জুনে কৈছিল, যি বুজিলো কেশৱ কোনো দৈব্য শক্তি অবিহনে এজন সাধাৰণ সাংসাৰিক মনুষ্যই স্থিতপ্ৰজ্ঞৰ দৰে চৰম মানষিক স্তৰত উপনীত হ'ব পৰাটো অসম্ভৱ যেন লাগিছে। অৰ্জ্জুনৰ কথাত সন্মতি জনাই যদুনন্দনে প্ৰত্যুত্তৰত কৈছিল, পাৰ্থ তোমাৰ কথা এশ শতাংশই সত্য। ভাগৱত কৃপা অবিহনে কোনো কাৰ্য্য সিদ্ধ নহয়।  সেই বাবে  মানুহে পুৰুষাৰ্থৰ লগে লগে প্ৰভূৰ ভক্তিৰ ওপৰতো আস্থা ৰাখিব লাগে।পৰমাত্মাক ভক্তি কৰিলে মন সাত্বিক হৈ পৰে। লগতে বৈষয়িক আসক্তিও নষ্ট হৈ যায় বৈষয়িক আসক্তিয়ে মনুষ্য জীৱন ধ্বংস কৰি পেলায়।এই আসক্তিয়েই মানুহৰ মনত মায়া- মোহ ,কাম-ক্রোধ আৰু হিংসা-লালসা সৃষ্টি কৰে।তীব্ৰ আসক্তিৰ ফলত উদয় হোৱা অভিলাষ পূৰণ ন'হলে মনত ক্ষোভ আৰু ক্রোধৰ সৃষ্টি হয়।ক্রোধৰ ফলশ্ৰুতিত অবিবেক আৰু অবিচাৰ  উদ্ভৱ হয়।যিদৰে বতাহৰ কোবত জ্বলি থকা বন্তি গছিৰ অগ্নিশিখা নুমাই যায় ঠিক তেনেদৰ মনত উদয় হোৱা ক্রোধৰ বলত মনুষ্যৰ স্মৃতিৰ অধঃপতন হয়। মনুষ্যৰ স্মৃতি নাশ হ'লে বুদ্ধিৰো বিনাশ হয়।চৈতন্য অবিহনে মানৱ শৰীৰৰ যি দশা  হয় বুদ্ধি অবিহনেও মনুষ্যৰ পতন অৱশ্যম্ভাৱী। সেই কাৰণে মানুহে আসক্তিৰ পৰা মুক্ত হৈ নিৰাসক্ত জীৱন যাপনৰ প্ৰয়াস কৰিব লাগে। 
এইখিনি শুনাৰ পাছত কুন্তী নন্দন অৰ্জ্জুনে প্ৰভু জগন্নাথক স্থিতপ্ৰজ্ঞৰ কোনো এটা স্পষ্ট উদাহৰণ দিবলৈ অনুৰোধ কৰিছিল। তেতিয়া প্ৰভূ বংশীধৰে সৰলতাৰে কৈছিল, সখা অৰ্জ্জুন  স্থিতপ্ৰজ্ঞ লোকসকল অথাই সাগৰৰ দৰে গভীৰ আৰু গম্ভীৰ স্বভাৱৰ হয়। পৰ্বত ভৈয়ামৰ মাজেৰে নদী বৈ গৈ অৱশেষত সাগৰত মিলিত হয়। শৰালি শুকাই তৰাং দিয়া  নদী সমূহে বাৰিষা কালত বৰষুণৰ পানীৰে ফোটোকাৰে উফন্দি কাল ৰূপ ধাৰণ কৰে।  বাঢ়নী পানীয়ে নদীৰ দুইকাষ খহাই গাওঁ ভূইৰ মাজেৰে বৈ গৈ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰে। সাধাৰণ মানুহ এজনেও নদী এখনৰ দৰে জীৱনত লাভ কৰা ঐশ্বৰ্য্য-বিভূতি, মান-সন্মান,বিদ্যা-বুদ্ধি,সা-ক্ষমতা, ৰূপ-লাৱণ্যৰে অহংকাৰত মতলীয়া হৈ আসক্তিৰ কবলত হিতাহিত জ্ঞান হেৰুৱাই ইন্দ্ৰিয়ৰ অধীন হৈ পৰে।ইন্দ্ৰিয়ৰ অধীন হৈ লোভ-মোহ, কাম-ক্রোধৰ  প্ৰভাৱত বিবেক বুদ্ধি হেৰুৱাই পেলাই।
     বাৰিষা বা শৰালি সাগৰৰ জলৰাশি কম বেচি হ'লেও নদীৰ দৰে শুকাই তৰাং নিদিয়ে অথবা ফেনে-ফোটোকাৰে উফন্দি নুঠে। 
সদায়েই জলৰাশিক নিজৰ ভিতৰত সুমুৱাই ৰাখে।পাৰ ভাঙি যেনিয়ে তেনিয়ে বৈ গৈ পাৰিপাৰ্শ্বিক পৰিৱেশৰ ক্ষতি সাধন নকৰে।স্থিতপ্ৰজ্ঞ লোক এজনো সাগৰৰ দৰে। তেওঁ দুখৰ দিনতো বিষাদ নকৰে সুখ সমৃদ্ধিৰ দিনটো নিৰাসক্ত হৈ থাকে। নিজে নিজৰ বুদ্ধিক স্থিৰ কৰি ৰাখে। শক্তি আৰু ক্ষমতাৰ বলত বলীয়ান হৈ অহংকাৰ নকৰে। 

হে  সুধীবৃন্দ আহঁকছোন আমিও গীতাৰ পৰম জ্ঞানেৰে উদ্বুদ্ধ হৈ স্থিতপ্ৰজ্ঞতাৰ বিষয়ে আৰু বিস্তৃত ভাৱে অধ্যয়ন কৰিবৰ প্ৰয়াস কৰোঁ।স্থিতপ্ৰজ্ঞতাৰ অধ্যয়নে আমাৰ উশৃংখল যুৱ প্ৰজন্মক বহু পৰিমাণে প্ৰভাৱান্বিত কৰিব বুলি আশা কৰোঁ।  ভাবিলেই আচৰিত লাগে সাত হেজাৰ বছৰ আগতেই শ্ৰীমদ্ভগৱদগীতাত উল্লিখিত স্থিতপ্ৰজ্ঞতা আজি পৃথিৱীৰ বিভিন্ন দেশৰ বহুজাতিক প্ৰতিষ্ঠান সমূহৰ লীডাৰশ্বিপ ডেভেলপমেন্ট প্ৰ'গ্ৰামত অন্তৰ্ভুক্ত কৰা হৈছে। আমাৰ দেশৰ জ্ঞান ভাণ্ডাৰৰ দ্বাৰা সমগ্ৰ বিশ্ব উপকৃত হৈছে।কিন্ত দূৰ্ভাগ্যৰ কথা হ'ল দেশৰ এচাম শিয়াল বুদ্ধিৰ ৰাজনৈতিক নেতাই কৰি থৈ যোৱা ধৰ্মীয় কৰণৰ ফলশ্ৰুতিত আমাৰ দেশৰ বহু পুৰণি চিন্তাধাৰা আৰু দৰ্শনৰ অধ্যয়ন তথা ৰূপায়ন কৰাৰ বাবে আমি সুযোগ হেৰুৱালোঁ। এইখিনিতেই আৰু এটা কথা  উল্লেখ কৰিব লাগিব যে স্থিতপ্ৰজ্ঞতাৰ অধ্যয়নে হতাশাগ্ৰস্ত যুৱ প্ৰজন্মৰ মাজত  নতুনকৈ দেখা দিয়া আত্ম হত্যাৰ দৰে চৰম সিদ্ধান্ত লোৱাৰ প্ৰৱণতা হ্ৰাস কৰিব বুলিও আশা কৰিব পাৰি।  সেই বাবে আজিৰ আধুনিক যুৱ প্ৰজন্মই ভাৰতৰ প্ৰাচীনতম চিন্তাধাৰা আৰু দৰ্শনবোৰ অধ্যয়ন কৰা উচিত। 



     ✍🏻চুমিন্দ্ৰ চৌধুৰী,
      সাহিত্য অভিযন্তা
    নয়ডা, উত্তৰ প্ৰদেশ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)