আৰ্তনাদ খণ্ড নং ১৫ -বিটুমনি কোঁচ

0
মাজৰাতি ফেঁচাৰ নিউ-নিউ চিঞৰত মোৰ দেহা মন জিকাৰ খাই উঠিল।মোৰ অন্তহীন বিষাদ আৰু কাৰুণ্যতাক উপহাস কৰি কেঁচুৱাটোৱে টোপনিতেই হাঁহি মাৰিলে।সোঁৱে-বাৱে বুকুৱে-পিঠিয়ে যেন স্বয়ং মোৰ মৃত স্বামী মোৰ বুকুত উম লৈ শুই আছে।বুকুখনত কিবা এটা প্ৰচণ্ড হেঁচা অনুভৱ কৰিলোঁ।কোনেও নাজানে, বা বুজিবলৈ চেষ্টাও নকৰে, কিয় মই কেঁচুৱাটো জন্ম হোৱাৰ পৰা শান্তিৰে থাকিব পৰা নাই।বিশ্বাস ভংগ হ'লে এনেদৰেই ঘিণভাৱে ঠাই ল'ব পাৰে, মই মোৰ অভিজ্ঞতাৰ পৰাই বুজি উঠিছোঁ।মোৰ হৃদয়খন অনবৰতে কিছুমান আতংক আৰু অজান আশংকাই পহৰা দি আছে।
তিনিটা সন্তানৰ দায়িত্ব কেনেকৈ মই ল'ম। আচহুৱা এই গাওঁখনত কোনো ধৰণৰ খৰচ নাই বুলিয়েই ক'ব পাৰি।কিন্তু কথিত ভাষাটো শুদ্ধকৈ ক'ব নজনা মানুহখিনিৰ মাজত অকল জীয়াই থাকিলেইতো নহ'ব। সন্তানৰ জীৱন গঢ়াৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা আছেই। কি হ'ব।কি কৰিম।কথাবোৰ ভাবি ভাবি এটা সময়ত টোপনি গ'লোঁ।

"পেহী আইতা, মাক দেউতাই মাৰিছে।সোনকালে বলকচোন আমাৰ ঘৰলৈ।" এজনী অকণমানি ছোৱালীৰ মাতত টোপনি ভাঙিল।

"মাৰে বাপেৰে কিমাননো কাজিয়া নকৰে।মতা মাইকীৰ কাজিয়াত মাত মাতিবলৈ বেয়া।" মুখৰ ভিতৰত মাহীয়ে ভোৰভোৰাই থাকিল।

"বলক পেহী আইতা।" কনমানি ছোৱালী জনীৰ মাতত কৰুণ সুৰ এটা নিগৰি ওলাই আহিল।তাই কান্দিছে,সম্ভৱ মাকক দেউতাকৰ নিৰ্মম অত‍্যাচাৰৰ পৰা ৰক্ষা কৰিব নোৱাৰাৰ আক্ষেপত।মই উঠি আহিলোঁ , মাহীলৈ চালোঁ।মোৰ চাৱনিত মাহীৰ অন্তৰত কি বা খেলালে,নাজানো মই।কিন্তু মাহী ওলাই গ'ল।স্বাধীন দেশৰ নাগৰিক।পুৰুষ মহিলা সমান অধিকাৰ।এই কথাষাৰ সংবিধানৰ বুকুত যদিও জিলিকি আছে; পুৰুষপ্ৰধান আমাৰ দেশত নাৰী আজিও নিৰ্যাতনৰ বলি হৈ আছে।আজিও এনেকুৱা ধৰণৰ কিছুমান অন্ধবিশ্বাসৰ মুখৰোচক কাহিনীৰ প্ৰচাৰ হৈ আছে।যিবোৰ কাহিনীৰ আলমত নাৰীসকলেও পুৰুষৰ অত‍্যাচাৰক ভাগ‍্যৰ দুখ বুলি নিৰৱে সহ‍্য কৰে।মোৰ মনটো বিদ্ৰোহী হৈ উঠে।অপৰাধীয়ে শাস্তি পাব লাগিব।তাৰ বাবে নাৰী সকল শিক্ষিত আৰু শাৰীৰিক মানসিক ভাৱে সৱল হ'ব লাগিব। মই এই পিচপৰা গাঁৱৰ অশিক্ষিত মানুহখিনিৰ মাজত শিক্ষাৰ পোহৰ দিব লাগিব।কথাষাৰ ভাবি মনটো পাতল লাগি গ'ল।

"মা ভাইটিয়ে কান্দিছে।" ছোৱালীজনীয়ে কোৱা কথাষাৰত বাস্তৱলৈ ঘূৰি আহিলোঁ।বাঁহৰ খুটাটোত ধৰি কিমান সময় থিয় হৈ আছিলোঁ ঠিক নাই।ভৰি দুটা সিৰসিৰাই গ'ল।

বিষন্ন মনেৰে মাহী ভিতৰলৈ সোমাই আহিল।মই মাহীৰ মুখলৈ চালোঁ।

"বৰকৈ মাৰিলে অ' মানুহজনীক।ইমান নিমাখিত মানুহ জনীক এনেকৈ বিনা কাৰণত মাৰ -ধৰ কৰিলে বৰ দুখ লাগে অ'।" মাহীৰ মুখৰ পৰা দুখৰ হুমুনিয়াহ এটা ওলাই আহিল।

আগলৈ...

🔴বিটুমনি কোঁচ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)