হাঁহিৰে কৰিম জীৱন জীপাল - দীপশিখা বৰা শইকীয়া

হাঁহিৰে জীৱনটো জীপাল কৰিব খুজিছো!
জীৱনৰ দুখ,ভাগৰৰ কান্দোনখিনি।
নিজৰ মাজতেই সীমাৱদ্ধ কৰি ৰাখিছোঁ
হাঁহিবোৰ সকলোৰে মাজত বিলাই দিব খুজিছো;
সেইবাবেই!
হাঁহিৰে জীৱনটো জীপাল কৰিব খুজিছো। 

নিৰাশা, হতাশাক জীৱনৰ প্ৰত্যাহ্বানৰ লগত লৈ
আগুৱাই যাব শিকিছো,
অকণমান প্ৰাপ্তিৰ হাঁহি পাবৰ বাবে
ক'ত যে চকুলো টুকিছো;
দুখ আছে বাবেই অকণমান সুখৰ হাঁহি বিচাৰি চলাথ কৰিছো।
সেইবাবেই!
হাঁহিৰে জীৱনটো জীপাল কৰিব খুজিছো। 

সুখ-দুখ, পোৱা-নোপোৱাৰ দোমোজাত,
প্ৰাপ্তিৰ অকণমান হাঁহি
সূৰুযৰ প্ৰথম কিৰণৰ দৰে বিয়পাব খুজিছো,
সৰু সৰু কথাবোৰৰ মাজতেই
জীৱনৰ সুখ বিলাক অনুধাৱন কৰিছোঁ;
সেইবাবেই!
হাঁহিৰে জীৱনটো জীপাল কৰিব খুজিছো। 

সময়ৰ গহ্বৰত আলোড়িত বহু কথাই
হেন্দোলনীৰ দোমোজাত ৰৈ যায়,
একেথিৰে নিস্তব্ধ হৈ যায় মাথোঁন মনটো
সেইবাবেই!
হাঁহিৰে জীৱনটো জীপাল কৰিব খুজিছো।
        
 ✍🏻দীপশিখা বৰা শইকীয়া মাজগাঁও,তেজপুৰ।

Post a Comment

Previous Post Next Post