তোমাৰ অবিহনে-মিনাক্ষী দত্ত 

তুমি যে গ'লাগৈ চিৰদিনলৈ
সংসাৰৰ মেটমৰা ভাৰখন
মোৰ কান্ধত  দি থৈ।
পাৰিম জানো মই .....?
তোমাৰ অবিহনে শাওণৰ
পথাৰখন শুৱনি কৰিবলৈ!
পথাৰৰ সৰু-সৰু  আলি
পাৰিমনে বাৰু  মই!
ভেটা দি ৰাখিব পানী?
অব্যক্ত বেদনাৰ অশ্ৰু -অঞ্জলি
টোপাটোপে পৰে সৰি।
পোনাকনে দেখি কয়  -
'মা' তুমি নাকান্দিবা বুলি।
পাৰিমনে বাৰু মই বুজাব তাক
এইয়াইযে নিয়তিৰ পৰিহাস।
তুমি যে গ'লাগৈ চিৰদিনলৈ
মোৰ কপালত আঁকি দিয়া
ৰঙা বেলিটি মচি থৈ !!

           ✍🏻 মিনাক্ষী দত্ত
        ধেমাজি (মাছখোৱা)

1 Comments

  1. মিনাক্ষী দাসৰ কবিতাটি পঢ়ি আপ্লুত হ'লোঁ।

    ReplyDelete
Previous Post Next Post