মই যে নাৰী?
পৰ্দাত কিম্বা বিজ্ঞাপনত,
কোনো আলোচনীৰ পৃষ্ঠাত
নাইবা, তাৰ কলা আখৰৰ আঁচোৰত।
কিন্তু কাপোৰ পিন্ধি ৰাইজৰ চকুত
মোৰ সতে তুমিও যে নাঙঠ!
তফাৎ মাথোঁ আৱৰণৰ?
নে আদৰ্শৰ?
নে দিৱসৰ?
নে জীয়া মঙহৰ শৰীৰৰ?
সভ্যতাৰ নে মানসিকতাৰ?
এটি নাঙঠ সাথঁৰ!
⚫নীল প্ৰজাপতি
জাগীৰোড