ওলাই গলোঁ
এজাক শিমলু বুলিয়া
চৰাই আহি
বগৰী এদালত বহিল
বগৰীৰ সুৱাসত
আকাশখন চৰাইজাকৰ
প্ৰেমত পৰিল ।।
এজাক ফাগুনৰ
ধুলিয়ৰী বতাহ
এই আহো
এই আহো বুলি
ৰৈ থাকিল পদূলিত ।
শৰালীজাক উভতিবৰ হ'ল
কুলিজনী আহিবৰ বাবে
বাট মোকলাই দিলে ।
আকাশখন পুনৰ
মদাৰ ৰঙীন হ'বলৈ লৈছে
লিহিৰি বনত বা বলিছে
মেঘেও ঘৰ পাতিছেহি
আকাশ ওন্দোলাবৰ হ'লহি নহয়
আকাশৰ তলত
ইমান আয়োজন
ইমান খবৰ
ইমান প্ৰয়োভৰ
ইমান ধেমালি ।
আকাশ চাম বুলি
ওলাই যোৱা মই জনে
আকাশখন চাবই নোৱাৰিলোঁ
আকাশ আৰু চোৱাই নহ'ল ।।
⚫ হেমেন হাজৰিকা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ