(১)
ফাগুনৰ সৰাপাতে মেলানি মাগিলে যেতিয়া
চ'তৰ বুলনিৰে ব'হাগ আহিল তেতিয়া,
বসন্তক সুধিলোঁ সৰাপাতৰ বাতৰি
বসন্তই ক'লে --
“সৰাপাত নাহে এতিয়া দুবৰীয়ে লগৰী”।।
(২)
অনচ্ছ জীৱন বাটত
নীৰৱ নদীৰ সুৰত
গাও মই স্বচ্ছন্দৰ গীত,
শিল্পীৰ ৰহণ সনা
আনন্দৰ নীৰ টোপাই
গঢ়ে মাথোঁ নিজম সৰিৎ!