অসমীয়া সমাজত বিয়ানাম- প্ৰতিম শইকীয়া      

©Admin
0
“কেলৈ কুটিলা চুমিকৈ পচলাত
লোকে বাটি ভৰাই খাবহে
কেলৈ তুলিলা ৰূপহী আইদেউক
লোকে বনে কৰাই খাবহে ৷৷”

 --- এটি বিয়া নামৰ কলিৰে আজিৰ নিৰ্দ্ধাৰিত বিষয়ৰ ওপৰত আলোকপাত কৰাৰ প্ৰয়াস কৰিলোঁ ৷ 

হিন্দুৰ দশ সংস্কাৰৰ অন্যতম সংস্কাৰ বিবাহ ৷এই বিবাহ উপলক্ষে পৰিৱেশিত গীত-মাতবোৰেই বিয়া নাম৷বিয়া নামবোৰ অসমীয়া লোকসাহিত্যৰ অমূল্য সম্পদ।লোক সাহিত্য বুলিলে আমি লোকগীত ,লোককথা বা সাধুকথা আৰু প্ৰবাদ ,প্ৰবচন,ফকৰা- যোজনা,ডাকৰ বচন,মন্ত্ৰ সাহিত্য ইত্যাদিবোৰক বুজি পাঁও৷মানুহৰ মুখ পৰম্পৰাৰে এই শ্ৰেণীৰ সাহিত্য এটা যুগৰ মানুহৰ পৰা আন এটা যুগলৈ চলি অহাৰ বাবে এইবোৰক মৌখিক সাহিত্য আৰু জনসাধাৰণৰ মাজত বৰ্তি থকাৰ বাবেই ইহঁতক কোৱা হয় “জনসাহিত্য”৷বিয়া নামবোৰ লোকসাহিত্যৰ লোকগীত শ্ৰেণীৰ অন্তৰ্ভুক্ত৷ লোকগীতৰ যি তিনিটা প্ৰধান ভাগ যেনে- অনুষ্ঠানমূলক লোকগীত,আখ্যানমূলক লোকগীত আৰু বিবিধ বিষয়ক বা কৰ্ম বিষয়ক লোকগীতৰ ভিতৰৰ অনুষ্ঠানমূলক লোকগীতৰ অন্তৰ্গত বিয়ানামবোৰ বিবাহ অনুষ্ঠানত পৰিৱেশিত গীত৷

বিয়ানামবোৰ ক’ত ,কেতিয়া আৰু কোনে ৰচনা কৰিছিল জনা নাযায়।এটা কথা নিশ্চিত যে অতি প্ৰাচীন কালৰ পৰাই বিবাহ অনুষ্ঠানত বিয়ানামবোৰৰ প্ৰচলন হৈ মানুহৰ মুখ পৰম্পৰাৰে বৰ্তি বৰ্তমান আৰু হয়তো অনাগত ভৱিষ্যতলৈও এইবোৰ চলি থাকিব।বিয়ানাম বোৰত জীয়ৰী জীৱনৰ হৰ্ষ-বিষাদ,কাৰুণ্য ,নতুন ঘৰ এখনত বোৱাৰী হৈ পালিব লগীয়া আচাৰ-নীতি ইত্যাদিৰ বিষয়ো সাঙোৰ খায় থাকে ৷ যেনে -

“ উঠিব লাগিব কুকুৰাৰ ডাকত
ল’বযে লাগিব বাঢ়নী হাতত৷
সাৰিব লাগিব চোতালৰ জাৱৰ
পেলাব লাগিব গোহালিৰ গোবৰ ৷৷
আনিব লাগিব দূৰণিৰ পানী
ল’ব যে লাগিব ওৰণি টানি ৷৷”

এখন বিয়াৰ বিভিন্ন পৰ্ব থাকে যেনে- জোৰোণ দিয়া,পানী তোলা,গাঁঠিয়নখুন্দা,কুলাবুঢ়ী নাচ,সুৱাগুৰিতোলা,চোৰপানী তোলা ,দৈয়ন দিয়া ,আখৈ দিয়া . দুৱাৰ ধৰা,আঙুঠি সলোৱা,কন্যা উলিয়াই দিয়া ইত্যাদি৷ এই বিভিন্ন অৱস্থাত আয়তী সকলে বিভিন্ন প্ৰকাৰৰ বিয়ানাম পৰিৱেশন কৰে। অধিক সংখ্যক বিয়া নামতে ৰাম,কৃষ্ণ,শিৱ- পাৰ্বতী,দৈৱকী ,ৰাধা ,ৰুক্মিণী আদি ঐশ্বৰিক পুৰুষ-নাৰীৰ নাম সাঙোৰ খাই আছে ৷

জোৰোণ আহি কলৰ তল পোৱাৰ সময়ত আয়তী সকলে গায়-

 “ধূপ ধূনা জ্বলোৱা শৰাই বন্তি সজোৱা
জোৰোণ আহি ৰৈ আছে আদৰোঁগৈ ওলোৱা ৷”

জোৰোণৰ সময়ত কন্যাৰ মাকে দৰাৰ মাকৰ লগত শৰাই সলনি কৰি নোৱনি চ’ৰালৈ আদৰি নিয়ে।এনে সময়ত আয়তী সকলে গায়-

“ ওলাই আহাঁ আইদেউৱে মাটিত মঙ্গল চায়
 গণকে গণিতা কৰে ক্ষণ চৰি যায় ৷”

দৰা,কন্যাক গা ধুৱাবৰ সময়ত বেই সাজি বেইৰ ভিতৰত তামুলী পিৰাত বহুৱাই গা ধুওৱা হয় ৷ সেই সময়ত গায়-

“ বেই পাই ঘূৰিবা
পিৰা পাই বহিবা
পাত পাই মেলিবা ভৰি হে ৷”

নোওঁৱাৰ সময়ত পুনৰ গায়-

“ওলাই আহাঁ আইদেউৱে দুৱাৰদলিৰ বাজে
ঘৰতে নোৱাব মাৰে নকৰিবা লাজে ৷”

বিয়া নাম মূলত মহিলা সকলৰ পৰিৱেশিত। এগৰাকী আয়তী বা নামতীয়ে নামটো লগাই দিয়ে বাকী সকলে দোহাৰে। পানী তুলিবলৈ যোৱাৰ সময়ত আয়তী সকলে গায়-

“ৰাম কৃষ্ণ ওলাল জাকি মাৰি
ৰাম কৃষ্ণ আমাৰে দৈৱকী
হৰি মোৰ ঐ কাষতে কলচী লৈ ৷”

পুখুৰী বা নদীৰ ঘাটত পানী তোলা পৰ্ব আৰম্ভ কৰে৷ সেই সময়ত আয়তী সকলে গায়-

“ গুৱাপাণ আগেবঢ়াই জললৈ নামিবা
কটাৰীৰে পানী কাটি কলচী ভৰাবা।
আকাশতে জ্বলি আছে থুপিথুপি তৰা
দৈৱকীয়ে পানী তোলে নাচে অপেস্বৰা ৷৷”

আকৌ গায়-

“ফুল চন্দন তুলসী ফুল চন্দন তুলসী
ভৰিলনে নভৰিল ৰাধা তোমাৰ কলচী ৷”

ছোৱালীক গা ধুওঁৱাৰ পিছত পাঁচগৰাকী আয়তীয়ে দৰা ,কন্যাৰ মূৰত চাউল দিয়ে।সেই সময়ত আয়তী সকলে পৰিৱেশন কৰে -

“ আগে দিয়া পাছে দিয়া পঞ্চ আয়তীয়ে কি ৰাম ৰাম
পঞ্চ আয়তীয়ে ৰাম ৰাম
দূৰ্বা ঘাটৰ পানী আনি আইদেউৰ মূৰত দিয়ে৷”

গা ধুওঁৱাৰ পিছত কন্যাগৰাকীক সজোৱা হয়৷ সেই সময়ত আয়তী সকলে গায়-

“ গা ধুই আইদেউৱে মাকক সুধিলে
 কি সাজ সলাব পায়েহে ?
 ছাঁতে শুকুৱা মুঠিতে লুকুৱা
 সেই সাজ সলাব পায়হে ৷৷”

 আ-অলংকাৰ পিন্ধোৱাৰ সময়ত আকৌ গায়-

“ মাৰাৰ অলংকাৰ থোৱা কাটি কৰি
 দেউতাৰাৰ অলংকাৰ থোৱা হে ৷
ৰামে দি পঠাইছে বিচিত্ৰ অলংকাৰ
 শিৰে দোঁৱে কৰি লোৱা হে ৷৷”

দৈয়ন দিয়াৰ সময়ত আয়তী সকলে গায়-

“ দৈয়ন দিয়া দুটি বাটিত পাণেযোৰে লৈ
আইদেউক মাকে দৈয়ন দিছে দুৱাৰ মুখত লৈ ৷”

সুৱাগুৰিতোলাৰ সময়ত গায়-

“সুৱাগুৰি তুলিবলৈ ওলোৱা দৈৱকী হাতত ধুপে-ধুনা লৈ ৷”

 হোমদানৰ পিছত ভায়েকে যেতিয়া আখৈ দিয়ে সেই সময়ত আয়তী সকলে গায়-

“ আখৈ দিয়া আখৈ দিয়া মৰমৰে ভাই
আজিৰ পৰা বাইদেউৰাই সমন্ধ ছিঙি যায় ৷”

ঠিক সেইদৰে ছোৱালীৰ বিদায়ৰ মুহুৰ্তত পৰিৱেশন কৰে-

“বৰঘৰত কান্দিলে মাকে বাপেকে
মাৰলত কান্দিলে ভনী হে,
বাৰীৰ পাছেফালে কান্দে তাঁতৰশালে
আইদেউক বিয়া দিয়া শুনি হে ৷৷”

বাহি বিয়াৰ দিনা পুৱতি সময়ত ছোৱালী দুৱাৰ ধৰি ঘৰৰ পৰা উলিয়াই দিয়া হয় ৷ আনৰ ঘৰলৈ যাবলৈ ওলোৱা ছোৱালীজনীয়ে ঘৰৰ চাললৈ চাউল চটিয়াই ৷ সেই সময়তো গায়-

“ চাউল চাটিমাৰি ওলায়েই যাবা
পাছলৈ নাচাবা ঘূৰি৷”

এনেদৰেই বিয়ানামবোৰত অনেক নীতি-বচন, বোৱাৰী জীৱনৰ পালনীয় কৰ্তব্যৰ স্পষ্ট আভাস পোৱা যায়৷
মূলত মহিলাকেন্দ্ৰিক বিয়ানামবোৰৰ সাহিত্যিক আৰু সাংগীতিক মাধুৰ্য্যও মন কৰিবলগীয়া ৷ ছন্দ,অলংকাৰৰ সুষম প্ৰয়োগে ইয়াৰ সাহিত্যিক সৌন্দৰ্য বঢ়াই তুলিছে।বিয়ানামবোৰ কেৱল কন্যা ঘৰৰ বিয়াতহে পৰিৱেশিত হয় এনে নহয় ,দৰাঘৰীয়া বিয়াতো বিয়ানাম গোৱা হয়৷ অৱশ্যে কন্যাঘৰত গোৱা নামৰ সৈতে দৰাঘৰত গোৱা নাম একে নহয় ৷

বিয়ানামৰ লগতে সাঙোৰ খাই আছে যোৰানামবোৰ ৷উজনি অসমত যোৰানাম বুলি পৰিচিত এই নামবোৰক নামনি অসমত “খিচাগীত” বুলি জনা যায়।দৰাঘৰীয়াই কন্যাঘৰীয়া বা কন্যাঘৰীয়াই দৰাঘৰীয়াক জোকাই কৰা নিৰ্দোষ ধেমেলীয়া গীতবোৰেই যোৰানাম-৷যেনে-

“ তামোল গছৰ ঢকুৱা
 তামোল গছৰ ঢকুৱা
দৰাঘৰীয়া নামতীবোৰ
কোমল চাউলৰ খকুৱা ৷”

“ ক্লাছে প্ৰতি চেক্সন ক্লাছে প্ৰতি চেক্সন
সদায় অহা ডেকাই আজি ধৰে দৰাৰ ভেশচন ৷৷”

দৰাৰ ছাটিধৰা জনকো জোকাৰি ধেমালি কৰা হয়-

“ ৰভাখুটা হেলেকা ৰভাখুটা হেলেকা
দৰাধৰা মানুহজনৰ চকুকেইটা টেলেকা ৷”

নামনি অসমৰ খিচাগীতবোৰ উজনি অসমৰ যোৰানামৰ দৰে একেই ৷ যেনে-

“ আলুৰ আঞ্জাৰ দ্‌ম আলুৰ আঞ্জা দ্‌ম
বৰৰে বাপেকক পায়খানাত পুতি থম ৷৷”

সাম্প্ৰতিক সময়ত বিয়ানামবোৰৰ প্ৰচলন আগতকৈ কিছু কমিছে যদিও একেবাৰে শেষ হৈ যোৱা নাই ৷ গ্ৰাম্য সমাজৰ বিয়াবোৰত এতিয়াও বিয়ানামৰ পয়োভৰ দেখা যায় ৷ চহৰ অঞ্চলৰ বিবাহ বাহৰত অনুষ্ঠিত বিয়া বিলাকত সময় পৰিস্থিতি আৰু পৰিৱেশৰ অসুবিধাৰ কাৰণে সকলো পৰ্ব অনুষ্টুপীয়াকৈ পালন কৰিলেও দুই এফাঁকি বিয়ানাম গায় নিয়ম ৰক্ষা কৰা হয়৷অতীতৰ আয়তী সকলৰ মুখত এতিয়াও সংৰক্ষিত হৈ থকা বিয়ানামবোৰ উত্তৰ প্ৰজন্মৰ আয়তীসকলে শিকি লৈ চৰ্চা অব্যাহত নাৰাখিলে আমাৰ অতীতৰ বিয়ানামবোৰ এদিন বিস্মৃতিৰ গৰ্ভত বিলীন হৈ যাব৷ এই ক্ষেত্ৰত আমাৰ সকলোৰে কৰণীয় নিশ্চয় আছে ৷
 
(বি:দ্ৰঃ- লিখাটো প্ৰস্তুত কৰোঁতে বিভিন্ন কিতাপ-পত্ৰৰ পৰা সহায় লোৱা হৈছে।)
  
   ✍🏻প্ৰতিম শইকীয়া,গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)