সৰা ফুলৰ পাপৰি চতুর্থ খণ্ড - মামণি বৰঠাকুৰ

 দিনবোৰ গৈ কেইবাটাও মাহ পাৰ হ'ল। ব্ৰজেনে পঢ়া শুনাৰ উপৰিও সঙ্গীত, নাটক এইবোৰৰ লগতো জড়িত হৈ পৰে। কলেজতো তাৰ বন্ধু বান্ধৱ বাঢ়ি আহে। ধেমেলীয়া, সহজ সৰল স্বভাৱৰ কাৰণেই খুব কম সময়ৰ ভিতৰতে সি জনপ্রিয় হৈ পৰিল। তাৰ মাজত ময়ুৰীহঁতৰ ঘৰখন সিহঁতৰ নিজৰ ঘৰৰ দৰে হৈ পৰিল। 

"সচাঁ কৈ দিবাকৰ, মানুহক ওচৰত নোপোৱা লৈকে কাৰো প্রতি একো ধাৰণা ল'ব নালাগে। মহালৈকে চাচোন, আমি কি ভাবি ছিলো। ইমান ভাল মানুহ..! "
"এৰা, মহাৰ এটা কাহিনী আছে, কেতিয়াবা কম ৰহ, তেতিয়া গম পাবি তেখেতৰ কথা, কিমান মহান তেওঁ। "

"ইমান ভাল ব্যৱহাৰ,প্রথমতে এনেয়ে নাযাওঁ নথওঁ কৰি আছিলো। "
"এই মাহীজনী মোৰ বৰ মৰমৰ আছিল। হঠাৎ যে ইমান বছৰৰ পাছত লগ পালো।এটা সময় মাহীয়ে বৰ দুখত পাৰ কৰিছিল৷,এতিয়া মাহীৰ এই অৱস্থা
দেখি বৰ ভাল লাগিছে।ময়ুৰী জনীও যেন বৰ সোনকালেই ডাঙৰ হ'ল। মাহী, মহাৰ কাহিনী কম তোক কেতিয়াবা "। 
" হ'ব দে পাছত কবি কেতিয়াবা। "
"ব'ল শুই থাকো, কালিলৈ ক্লাছ সোনকালে আছে। "
"যাওঁ দে তইয়ো শুই থাক। "
দিবাকৰে নিজৰ কোঠা লৈ খোজ ল'লে। ব্ৰজেনে দুৱাৰখন বন্ধ কৰি ঘড়ি লৈ চালে। নিশা বাৰ বাজিছে। টোপনিয়ো অহা নাই, মনটো কিবা আজি ভাল লাগি থকা নাই। মনিলৈ মনত পৰিছে,খুব বেছিকৈ... ....! 
আজি ইমান দিন হ'ল তাইৰ খবৰ এটাও ল'ব পৰা নাই। কেনেকৈ বা আছে তাই? আমি পুৰুষবোৰ সচাঁ কৈ স্বাৰ্থপৰ নেকি,মইয়োটো তাইলৈ চিঠি এখন দিয়া নাই। বেচেৰীয়ে কিমান ক'লে আহিবৰ সময়ত, খবৰ এটা দিবা।ভাবি ভাবি সি টোপনি গ'ল। 
ইকি, আউলী বাউলী চুলিৰে এইজনী কোন? 
মনি... ;
নাই নাই মনি হ'ব নোৱাৰে। ব্ৰজেন দা মোক বচোৱা বুলি চিঞৰি তাই পৰি গ'ল.... 
মুখেৰে বৈ আহিল এমুখ ফেন। 
"মনি...... ই.. . ... 
বুলি চিঞৰি উঠি বহি পৰিল।কপি উঠিল ভয়ত, মনিৰ একো হোৱা নাই টো! কি সপোন দেখিলে সি? 
অজান এক বেদনাই তাক জোকাৰি গ'ল। নিশাটো উজাগৰে গ'ল। শুৱা নহ'ল আৰু তাৰ। 

পুৱা একোতে তাৰ মন নবহা হ'ল। 
" কি হ'ল দোস্ত, একেবাৰে ডাউন যে কিয়? "
"নাই অ, কালি বৰ বেয়া সপোন এটা দেখিলো মনটো বেয়া লাগি আছে। "
"সপোন সপোনেই আৰু, সেইটো কি ইমান চিন্তা কৰিব লগা কথা হল? বাদ দে এইবোৰ,পাছ বেলা ওলাবি, দীঘলী পুখুৰীৰ পাৰে পাৰে অলপ ফুৰি 
আহিম। 
" হ'ব দে "
দুয়ো নিজৰ নিজৰ ক্লাচ লৈ বুলি খোজ ল'লে। 

আবেলি দুয়ো ওলাই আহি দীঘলী পুখুৰীৰ পাৰে পাৰে খোজ ল'লে। তেনেতে........ 
"অ, ব্ৰজেন দা দেখোন! "
ব্ৰজেনে ঘুৰি চায় দেখে, আকাশী। 
"আকাশী কেনিবা যোৱা....? 
" আপোনাৰ ওচৰলৈকে গৈছিলো। বাটতে পাই ভালেই হ'ল। "

দিবাকৰে ক'লে "কিবা সকামত"? 
নিজৰাই মাত দিলে " হয়, মানে আমাৰ জ্যোতি সংঘৰ সদস্য সকলে অহা চব্বিশ নৱেম্বৰৰ দিনা
ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ শোণিত কুঁৱৰী নাটকখন মন্থস্থ কৰিবলৈ লৈছো। 
আপুনি যিহেতু এজন গায়ক লগতে অভিনেতা, 
সেয়েহে আমাৰ লগত আপোনাৰ কিছু সহযোগিতা 
আশা কৰি, নিমন্ত্রণ জনাবলৈ আহিলো। "
"মই অৱশ্যে সিমান পাৰ্গত নহয়, তথাপি তোমালোকৰ নিমন্ত্রণ ৰক্ষা কৰিবলৈ চেষ্টা কৰিম। 
এখেতক চিনি নাপালো "! 
ব্ৰজেনৰ কথাত আকাশীয়ে চিনাকি কৰি দিলে 
" এওঁ সঞ্জয় কাকতি, ভাল অভিনেতা।নাটকৰ মুখ্য চৰিত্ৰটো তেওঁয়েই কৰিব। "
"নমস্কাৰ"
প্রতি নমস্কাৰ জনাই ব্ৰজেনে ক'লে, 
"ভাল লাগিল লগ পাই। পুনৰ লগ পাম "! 
" নিশ্চয় "! 
" ধন্যবাদ ব্ৰজেন দা আমাৰ অনুৰোধ ৰক্ষা কৰাৰ বাবে। "
"কিন্তু মই আপোনালোকৰ সংঘ চিনি নাপাওঁ যে... ;"
"আমি আপোনাক লৈ যামহি। "
নিজৰাই ক'লে। 
"অ, ক'বলৈ পাহৰিছো, নাটকখন যদি ভাল হয়, ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্রতিযোগিতাত যোগ দিয়াৰ কথাও
চিন্তা কৰিছো। "
"বৰ ভাল কথা। সুখী হ'লো শুনি, তেতিয়া হ'লে কালিলৈ কেইটা বজাত লগ পাম? "
"সন্ধ্যা ছয় বজাত। "
"ঠিক আছে হ'ব তেনেহ'লে আহিছো। "
"বিদায়...! "
দিনটো কিবা কৈ পাৰ হ'লেও ৰাতি আকৌ মনিৰ চিন্তাই তাক ব্যাকুল কৰি তুলিলে। সঁচাকৈ মনিৰ
গা, চা বেয়া নেকি! বিচনাত চাটিফুটি কৰি থাকি শুব নোৱাৰি, ৰাতি এক বজাত মনিলৈ চিঠি লিখিবলৈ বহিল। 

"মোৰ মৰমী জনী, 
         তুমি ঠিকেই আছানে, ইমানে ব্যস্ত হৈ পৰিছো 
মই, চিঠি এখন দিবলৈ সময়ৰ অভাৱ।ভূল নুবুজিবা,হৃদয়ত মোৰ তুমিয়ে প্ৰাণ প্রতিমা, দূৰত
থাকিও সদায় কাষতে আছা, তথাপিও.......! 
কালি নিশা বৰ বেয়া সপোন এটা দেখিলো। মনতো 
অজানা আশংকা এটাত কঁপি আছে। কুশলে থাকা।খবৰ জনাই চিঠি এখন দিবা। বিহুৰ বন্ধতে
ঘৰলৈ যাম। 

      ইতি......... 
                     তোমাৰ ব্ৰজেন দা। "

এক , দুই সপ্তাহ বাট চাব, যদি মনিৰ চিঠি নাহে সি
বিহুলৈ বাট নাচায় তাৰ আগতে ঘৰলৈ যাব। 
কথাবোৰ ভাবি ভাবিয়েই সি নিদ্রা দেৱীৰ কোলাত
ঢলি পৰিল....! 

           আগলৈ..................

✍🏻মামণি বৰঠাকুৰ

Post a Comment

Previous Post Next Post