ক'ত আছা তুমি? - অবিনাশ নাথ

©Admin
1
এজোপা আঁহতৰ তলত
ৰৈ আছো তোমালৈ..
তাতে আকৌ;এজাক মৃদু বতাহ। 
যিয়ে;প্ৰতি ক্ষণে পলে পলে
মাথোঁ তোমাৰেই কথা সোধে,
ক'ত আছা তুমি?

বোৱতীৰ পাৰত বহি,
দূৰৈৰ, সেই নিজৰাৰ কুলুকুলুশব্দৰ মাজতো, 
তোমাৰেই সুৰ শুনো,
                                   
পিছে,নাজানো ক'ত আছা তুমি?
 
মই আজিও ৰৈ আছোঁ
সেই আঁহতৰ তলতেই,
দুচকুত চকুলো,
দুহাত সাৱটি এটি ৰঙা গোলাপ
তুমি জানো আহিবা?
কি ৰূপে সুৱাম তোমাক,
মোৰ সেই সুৰ নাই,
নাই মোৰ সেই শব্দ।
হৃদয়ত তোমাৰেই যে সুৰ
বাগৰে,
দুচকুৱে মোৰ মাথোঁ তোমাকেই
বিচাৰি ফুৰে,
পিছে, নাজানো ক'ত আছা তুমি ?

     ✍🏻অবিনাশ নাথ

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. অবিনাশ নাথৰ কবিতা "কত আছা তুমি" বৰ ভাল লাগিল❤

    ReplyDelete
Post a Comment