মোৰ মাতৃভূমিৰ আজি
শুনিছোঁ মই কান্দোন
মোৰ মাতৃভূমিত আজি
শুনিছোঁ অসমীয়াৰ কান্দোন
মোৰ মাতৃভূমিত আজি
অসমীয়াৰ কান্দোন
হ'ব নেকি মাতৃভূমিত ?
পুনৰাই শৰাইঘাটৰ ৰণ
হ'ব নেকি মাতৃভূমিত ?
পুনৰাই কোনো বিশাল ৰণ
চিঙি টুকুৰা টুকুৰ হ'ব নেকি ?
অসমীয়াৰ এনাজৰী ডাল
নে কোনোবাই ভৰিৰে মোহাৰিব
অসমীয়াৰ গৌৰৱ, স্বাভিমান
দেশৰ নেতা আজি ব্যস্ত
বিদেশী স্বদেশী কৰণত
আমি অসমীয়া ব্যস্ত
সেইবোৰৰ বিৰুদ্ধে ধর্ণা,প্রতিবাদত
ডলাৰ বগৰীৰ দ্বৰে নেতাৰ হাতত
থাকিব পাৰিব জানো মাতৃভূমি সুখত
তাহানিৰ লাচিতৰ দ্বৰে বীৰ
নোহোৱা হ'ল আজি দেশত
সেয়েহে মোৰ মাতৃভূমিৰ
শুনিছোঁ মই কান্দোন