মই দেখিছোঁ পৃথিৱীখন অতি মুক্তভাৱে,
অকল মমতাৰ ছবি মা'ৰ মৰমৰ বাবে।
অযুত যন্ত্ৰণাৰে ডাঙৰ-দীঘল কৰা তুমি,
সুখৰ পৰ্বত আৰোহণত প্ৰখৰ তুমি।
তোমাৰ লগত হাঁহিছোঁ-কান্দিছোঁ আৰু ধেমালি কৰিছোঁ,
তোমাৰ জীৱন সুখময় হ'বলৈ মই শতবাৰ প্ৰণাম জনাইছোঁ।
তুমি যদি পোৱা বেদনা,
মোৰো নাথাকিব তেতিয়া শৰীৰত চেতনা।
তুমি যদি থাকা সুখ আৰু দুখত,
মইও থাকিম তেতিয়া সমভাগীৰ খোজত।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ