"শ্ৰেষ্ঠ সাহিত্য এটা জাতিৰ প্ৰতিভাৰ সৰ্বোত্তম বিকাশ।"
— চন্দ্ৰ প্ৰসাদ শইকীয়া।
কোৱা হয় যে সাহিত্য সমাজৰ দাপোন। এটা জাতিৰ, এখন সমাজৰ ইতিহাস,ৰীতি-নীতি সকলো সাহিত্যৰ মাজেদি প্ৰকাশ পায়। সু-সাহিত্যৰ সৃষ্টি হয় লেখক আৰু পাঠকৰ মণিকাঞ্চন সংযোগত। বৰ্তমান সময়ত সততেই পাঠকসকল ৰুচিহীনতা, অনাগ্ৰহ আদিৰ বাবে সমালোচনাৰ সন্মুখীন হয়। বৈদ্যুতিক অথবা মুদ্ৰণ মাধ্যমত পাঠকৰ সাহিত্যৰ প্ৰতি দায়বদ্ধতাৰ কথা আলোচিত হয়। কিন্তু লেখকৰ দায়বদ্ধতাৰ কথাটি প্ৰায়েই আঁৰত ৰৈ যায়।
বিশেষকৈ অনলাইন সাহিত্য চৰ্চাৰ আৰম্ভণিৰ পিছৰপৰাই যেন লেখকৰ দায়বদ্ধতা কʼৰবাতে ৰʼল। আচলতে লেখা এটা যেনে-তেনে লিখি কʼৰবালৈ প্ৰেৰণ কৰাটোৱেই লেখকৰ দায়িত্ব নহয়। লেখাটোৰ বিষয়বস্তু সুৰুচিপূৰ্ণ হয়নে, কোনো বিশেষ গোটৰ আৱেগক ই আঘাত কৰিছে নেকি, লেখা প্ৰেৰণৰ নীতি-নিয়মবোৰ মানি চলা হৈছে নে নাই সেই সকলোবোৰ পৰীক্ষা কৰাটো লেখকৰ দায়িত্ব। প্ৰায়েই ফেচবুকৰ দৰে মাধ্যমত দেখা যায় যে মনলৈ কিবা এটা ভাব আহিয়েই চিধাই পʼষ্ট কৰে। কিন্তু সেই কথাখিনি প্ৰকাশৰ উপযোগী হয় বা নহয় নিজে পৰীক্ষা কৰি নাচায় বা স্ব-সংশোধনৰ চেষ্টা নচলায়। আমি অঃসাঃচাঃৰ সম্পাদনা সমিতিয়েও এনে ঘটনাৰ সন্মুখীন হৈছো। বহুতো ন লেখকে কোনো শিৰোনাম, অথবা নাম-ঠিকনা অবিহনেই আমালৈ লেখা প্ৰেৰণ কৰে। কেতিয়াবা ইংৰাজী-অসমীয়া লিপিৰ অদ্ভুত মিশ্ৰণ, বানানৰ দৃষ্টিকটু বিসংগতি আৰু অদ্ভুত বাক্যগাঁথনিৰ লেখা আমালৈ প্ৰেৰণ কৰে। যেতিয়া দেখো যে এনে ভুল কৰাসকল কলেজৰ ছাত্ৰ-ছাত্ৰী; তেতিয়া আৰু বেয়া লাগে। সবাতোকৈ বেয়া লাগে যেতিয়া কোনোৱে নিজৰ প্ৰকাশিত লেখাৰ সামান্যতম সালসলনিক লৈও সম্পাদনা সমিতিলৈ প্ৰশ্ন তোলে, লেখা নাকচ হোৱাৰ কাৰণ দৰ্শাবলৈ কয়।
প্ৰকৃততে এজন লেখকে নিজৰ লেখাবোৰ কʼৰবালৈ প্ৰেৰণ কৰাৰ আগত নিজে বাৰে বাৰে পৰীক্ষা কৰা উচিত। স্ব-সংশোধনৰ পিছতহে প্ৰেৰণ হʼব লাগে। আজিকালি অনলাইন কাকত-আলোচনী ওলোৱাৰ পৰা লেখা পঠিওৱা সহজ হʼল। পিছে তাৰ অৰ্থ এয়া নহয় যে লেখকসকলে জধে-মধে লিখি পঠিয়াব। লিখনি এটা উপযুক্ত শিৰোনাম, নিজৰ সম্পূৰ্ণ নাম-ঠিকনা সহিতে প্ৰেৰণ কৰা উচিত। যাতে সম্পাদনা সমিতি বা পাঠকে ইচ্ছা কৰিলেই লেখকক যোগাযোগ কৰিব পাৰে। সকলো বিভ্ৰান্তি দূৰ কৰিবলৈ দৈনিক কাকত-আলোচনী প্ৰচুৰ পৰিমাণে অধ্যয়ন কৰা উচিত। অধ্যয়নেহে লিখনিক পৰিপক্কতা প্ৰদান কৰে।
বিগত দুটা বছৰত কেইবা শতাধিক লেখক-লেখিকা আমাৰ সৈতে জড়িত হৈ আছে। আমি সদায়েই আমাৰ লেখাৰ মান উন্নীতকৰণৰ বাবে অহৰহ চেষ্টা চলাই আছোঁ। এইক্ষেত্ৰত লেখকসকলৰ সহযোগিতা আমাৰ একান্তই কাম্য। কিয়নো লেখকৰ দায়বদ্ধতা অবিহনে সাহিত্য সদায়েই আধৰুৱা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ