বেলিৰ প্ৰভাতী কিৰণেৰে আৰম্ভ যাৰ সৌন্দৰ্য।
সৌন্দৰ্যৰ অন্তৰ্ধান আকৌ বেলি অস্তৰ মাজেৰেই।
এটি যেন-অবিৰাম সৃষ্টি-পতন বেলিতেই।
কেতিয়াবা যদি বলে ফাগুনী বতাহজাক।
আকৌ কেতিয়াবা বলে বʼহাগী বতাহজাক।
আৰু যে কত।
কিন্তু বহাগপ্ৰেমী বতাহজাক যেন বেছি প্ৰিয় আছিল
তোৰ আৰু মোৰ।
কুলিয়ে আৱাহন কৰিছিল আমাক
সৌ লুইতৰ পাৰৰ বকুলজোপাৰ তলতে।
দুয়ো যেন বৰদৈচিলা মাকৰ ঘৰ যোৱাদি গৈছিলোঁ তালৈ।
কুলিয়ে জুৰিছিল বিৰিখৰ আঁৰে আঁৰে,
মনপৰশা প্ৰেমৰ গীত।
তাতে আকৌ লুইতৰ পৰশ সানি,
প্ৰেমৰ চেঁচা বতাহজাক আহিছিল।
উফ্..!কি যে ৰোমাঞ্চকৰ মূহুৰ্ত সেয়া।
আজি বৰকৈ মনত পৰিছে সেই অতীতলৈ।
এয়াই নেকি অতীতৰ সোঁৱৰণি।
[নাম: অমিত কুমাৰ বৰ্মণ
ঠিকনা: গোৱালপাৰা(লক্ষীপুৰ)]
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ